অষ্টম অসম আন্তৰ্জাতিক কৃষি উদ্যানশস্য মেলা-২০২৩ ত মানকাচৰৰ কাজুৱে লাভ কৰিছে অভূতপূৰ্ব সমাদৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 19 December 2023

অষ্টম অসম আন্তৰ্জাতিক কৃষি উদ্যানশস্য মেলা-২০২৩ ত মানকাচৰৰ কাজুৱে লাভ কৰিছে অভূতপূৰ্ব সমাদৰ


 

W7s news,,,গুৱাহাটী মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত অষ্টম অসম আন্তৰ্জাতিক কৃষি উদ্যানশস্য মেলা-২০২৩ৰ আজি অন্তিম দিন। বিগত ১৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱা অষ্টম অসম আন্তৰ্জাতিক কৃষি উদ্যানশস্য মেলাত তিনিদিনৰ মানকাচৰৰ কাজুৱে লাভ কৰিছে অভূতপূৰ্ব সমাদৰ। গাৰো পাহাৰত লাগি থকা দক্ষিণ শালমাৰা মানকাচৰ জিলাখন যদিও অসমৰ ভিতৰত আটাইতকৈ সৰু জিলা কিন্তু ইয়াত অতি মূল্যবান কাজু বাদাম পোৱা যায়। প্ৰায় ২০০ হেক্টৰ কাজু বাগানৰ কৃষি ভূমি থকা জিলাখনৰ বাবে ই একপ্ৰকাৰ অন্যতম লাভজনক ব্যৱসায়। 540 MT কাজু বাদামৰ কেঁচামাল উৎপাদন হোৱা জিলাখনৰ অৰ্থনীতিত  বিশেষ অৰিহণা যোগাই তুলিছে। এই কাজু বাদামৰ খেতিতকৈ তাৰ প্ৰচেছিং অতিকৈ উল্লেখনীয় কাৰ্য। কাজুবাদামৰ মূল্য প্ৰধানকৈ প্ৰচেছিং ওপৰত নিৰ্ভৰ কৰিয়ে নিৰুপন কৰা হয়। যিহেতু জিলাখনৰ মানকাচৰ অঞ্চলত ৫ টাকৈ প্ৰচেছিং ইউনিত আছে গতিকে এই ক্ষেত্ৰত জিলাখন কাজু বাদামৰ বাবে অসমৰ ভিতৰতে আগবঢ়া। উক্ত মেলাত কাজু গছৰ পৰা আৰম্ভ কৰি কাজুৰ প্ৰতিটো স্তৰ সুন্দৰ সাৱলীলভাৱে প্ৰদৰ্শিত কৰা হয় দক্ষিণ শালমাৰা মানকাচৰ জিলা ষ্টলত। লগতে অষ্টম অসম আন্তৰ্জাতিক কৃষি উদ্যানশস্য মেলাৰ অসম পেভিলিয়নতো দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কাজুৰ প্ৰতিটো স্তৰ প্ৰদৰ্শন কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কৃষি সঞ্চালক ভাস্কৰ পেগুকে ধৰি সকলো বিষয়া কৰ্মচাৰীৰ লগতে দৰ্শক ৰাইজে কাজুৰ স্তৰসমূহৰ প্ৰদৰ্শন চাই ভূয়সী প্ৰশংসা কৰে। লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ষ্টলত প্ৰদৰ্শন কৰা হয় কণীৰ বিভিন্ন উপাদান যেনে কণী ধান, লাড়ু, আতাৰ লগতে বিভিন্ন প্ৰজাতিৰ মচলাসমূহ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here