শীতৰ মায়াসনা পৰিৱেশত ৰেডিছন ব্লু গুৱাহাটীত পৰিতৃপ্ত হৃদয়েৰে আদৰণি জনাওক নতুন বছৰটোক, গঢ়ি তোলক মধুৰ স্মৃতি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 28 December 2023

শীতৰ মায়াসনা পৰিৱেশত ৰেডিছন ব্লু গুৱাহাটীত পৰিতৃপ্ত হৃদয়েৰে আদৰণি জনাওক নতুন বছৰটোক, গঢ়ি তোলক মধুৰ স্মৃতি

 



W7s news গুৱাহাটী: শীতৰ মায়াসনা পৰিৱেশত নতুনক আদৰণি জনোৱাৰ অনুভৱত বিলীন হোৱাৰ সময় এয়া। পুৰণিক বিদায় জনাই নতুন বছৰটোক উদযাপন কৰাৰ এই মধুৰ ক্ষণত খাদ্যপ্ৰেমীসকলৰ বাবে এক উৎসৱমুখৰ পৰিৱেশ গঢ়ি তুলিছে উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ পঞ্চ তাৰকাযুক্ত হোটেল ৰেডিছন ব্লু গুৱাহাটীয়ে। হোটেলখনে ২০২৩ বৰ্ষৰ ৩১ ডিচেম্বৰ আৰু ২০২৪ৰ পহিলা জানুৱাৰীত খাদ্যপ্ৰেমী অতিথিসকলৰ বাবে আয়োজন কৰিছে নৱবৰ্ষ উদযাপনৰ বাবে বিশেষ অনুষ্ঠান।এই অনুষ্ঠানত অতিথিসকলে ৩১ ডিচেম্বৰৰ সন্ধিয়া কেফে বি-ইউ, নেষ্ট এছিয়া আৰু দ্য গ্ৰেট কাবাব ফেক্টৰীত ৰেডিছন ব্লু গুৱাহাটীৰ মনোমোহা পৰিৱেশত আড়ম্বৰপূৰ্ণ নৱবৰ্ষৰ গালা ডিনাৰ বুফেৰ লগতে ৰোমাঞ্চকৰ আলাপ, প্ৰাংগনত বাজি থকা লাইভ মিউজিক আৰু সীমাহীন পানীয়ৰে নতুন বছৰটোক একাত্মভাৱে উদযাপন কৰিব পাৰিব।পঞ্চ তাৰকাযুক্ত হোটেলখনে আগন্তুক নৱবৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি প্ৰস্তুত কৰিছে অনন্য খাদ্যসম্ভাৰৰ বিশেষ মেনু। এই মেনুত আছে- ৰোষ্ট টাৰ্কি, চিকেন শ্বৱাৰ্‌মা, চীজ ষ্টেচন, মেক্সিকান কাউণ্টাৰ, চাট ষ্টেচন, বিৰিয়ানী কাউণ্টাৰ, বিলাসী মূখ্য আহাৰ শৃংখলাৰ লগতে লোভনীয় ইউল লগ, প্লাম পুডিং, ষ্টোলেন, মিন্সড পাই আদিৰ দৰে সুস্বাদু খাদ্যসম্ভাৰ। তদুপৰি এভোকাডো কাউণ্টাৰ, শ্বুচি কাউণ্টাৰ, ডিম ছাম কাউণ্টাৰ,  তণ্ডুৰী হোল বেবী লেম্ব, কেজুন স্পাইচড হোল ফিছ আৰু অন্যান্য জুতি লগা খাদ্যসম্ভাৰে অবিস্মৰণীয় কৰি তুলিব অতিথিসকলৰ নববৰ্ষৰ বিশেষ মুহূৰ্ত।ৰেডিচন ব্লু গুৱাহাটীত সুস্বাদু খাদ্যসম্ভাৰ আৰু ক্ৰাফ্ট ককটেইলেৰ আমেজ লৈ অতিথিসকলে ডিচেম্বৰৰ শীত-সনা উৎসৱৰ মধুৰ পৰিৱেশক স্মৰণীয় কৰি তুলিবলৈ সক্ষম হ’ব। নৱবৰ্ষক আদৰণি জনোৱাৰ এক যাদুকৰী পৰশ ঢালি ইতিমধ্যে নানাৰঙী সাজ-সজ্জাৰে উৎসৱমুখৰ কৰি তোলা হৈছে হোটেলখনৰ ৰেষ্টুৰেণ্টসমূহ। পুৰণিক বিদায় জনোৱাৰ এই উত্তেজনাপূৰ্ণ আৰু আকৰ্ষণীয় বিলাসী উদযাপনত আমাৰ সৈতে যোগদান কৰক।বুকিং বা টেবুল ৰিজাৰ্ভচনৰ বাবে অনুগ্ৰহ কৰি  +৯১ ৮৮১১০ ৯৯৩৭৩/+৯১ ৬৯০১২ ৫৩৫২৭ নম্বৰত যোগাযোগ কৰক।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here