- W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 13 December 2023


 *গগন যোশীৰ সোঁৱৰণত 'বিয়’ণ্ড হ’ৰাইজন*


*w7s news,,গুৱাহাটী, *: প্ৰয়াত যুৱ শিল্পী গগন যোশীৰ সোঁৱৰণত যোৱা ১২ ডিচেম্বৰত বিশিষ্ট ফেশ্বন ডিজাইনাৰ দীপাংকৰ কাশ্যপৰ উদ্যোগত অনুষ্ঠিত হয় এক মনোৰম গীত, গজল আৰু ফেশ্বনৰ অনুষ্ঠান 'বিয়’ণ্ড হ’ৰাইজন' ৷ একাধাৰে এগৰাকী গীতিকাৰ, গায়ক, অভিনেতা তথা দেশৰ এগৰাকী খ্যাতনামা মডেল আছিল গগন যোশী ৷ গগনৰ ৩০ বছৰীয়া জন্মদিনটোত ব্ৰেইন টিউমাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যই গুৱাহাটী টাউন ক্লাৱত এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ অনুষ্ঠানত কণ্ঠশিল্পী নীহাৰ কাশ্যপ আৰু ডিলাইট ছান ডাউকাই গগন যোশীয়ে লিখা আৰু সুৰাৰোপ কৰা গীতৰ উপৰি কেইবাটাও জনপ্ৰিয় গীত আৰু গজল পৰিৱেশন কৰি প্ৰয়াত শিল্পী জনক সোঁৱৰণ কৰে ৷ এই বিশেষ অনুষ্ঠানত দেশৰ চাৰিজন বিশিষ্ট ফেশ্বন ডিজাইনাৰে নিজৰ-নিজৰ সৃষ্টিৰাজি  প্ৰদৰ্শন কৰি সন্ধিয়াটো জীপাল কৰি তোলে ৷ আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ডিজাইনাৰ দিল্লীৰ ৰাজদীপ ৰয়ে এক্সক্লুছিভ ৰেঞ্জৰ পুৰুষৰ পোছাক প্ৰদৰ্শন কৰে ৷ ডিজাইনাৰ ৰয়ে কয় যে তেওঁৰ এই কালেশ্বন ৰাজস্থানৰ ঐতিহ্য আৰু হস্তশিল্পৰ দ্বাৰা অনুপ্ৰাণিত ৷ 'ব্ৰেইন টিউমাৰৰ বিষয়ে সজাগতা সৃষ্টি আৰু এই জটিল ৰোগত আক্ৰান্ত হৈ আমাৰ মাজৰ পৰা হেৰাই যোৱা আপোনসকলক সোঁৱৰণৰ উদ্দেশ্যে দীপাংকৰ কাশ্যপৰ যি সৎ উদ্যোগ, তাৰ সৈতে জড়িত হ'বলৈ পাই মই ধন্য হৈছো'৷ গুৱাহাটীৰ ডিজাইনাৰ পিংকী বেনাৰ্জী হাজৰিকাই অনুষ্ঠানত এৰী, কটন, কেঁচা পাট আদিৰে নিৰ্মিত হস্ততাঁতৰ শাৰী আৰু এৰীৰে ডিজাইন কৰা পুৰুষৰ কাফটান প্ৰদৰ্শন কৰে ৷ মুম্বাইত প্ৰতিষ্ঠত আন এগৰাকী গুৱাহাটীৰ ডিজাইনাৰ ৰাজশ্ৰী চৌধুৰীয়ে তেওঁৰ ব্ৰেণ্ড 'ৰাগা ছিল্ক টে'লছ'ৰ বেনাৰত প্ৰদৰ্শন কৰে ৰঙাত এৰী আৰু গুণাৰে সুসজ্জিত কেতবোৰ পাটৰ মেখেলা চাদৰ ৷ সাম্প্ৰতিক ৱেডং ছীজনটোৰ প্ৰতি লক্ষ্য ৰাখি কইনা, কইনাৰ সখীয়েক তথা পৰিয়ালৰ অন্যান্য মহিলাসকলৰ বাবে তেওঁৰ এই বিশেষ কালেশ্বন ৷ 'গীতুজ গ্ৰেভিটি ডিজাইনাৰ ষ্টুডিঅ'ৰ বেনাৰত বাংগালুৰুৰ ডিজাইনাৰ গীতা ৰামচন্দ্ৰনে প্ৰদৰ্শন কৰে কেতবোৰ পাৰ্টীৱেৰ ৷ নৱবৰ্ষ, বৰদিন আদি উপলক্ষ সমূহৰ প্ৰতি লক্ষ্য ৰাখি ডিজাইনাৰগৰাকীয়ে এই ইণ্ডো-ৱেষ্টাৰ্ণ পোছাক সমূহ ক'লা, পীচ্ছ, গ্ৰে', সোণালী ৰঙেৰে প্ৰস্তুত কৰি উলিয়াইছে ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here