কৰ্কট ৰোগ চিকিৎসাৰ ভৱিষ্যত: দক্ষিণ এছিয়াত কৰ্কট ৰোগৰ চিকিৎসা পুনৰ নিৰ্ধাৰণ কৰিবৰ বাবে সাজু হৈ উঠা এক অত্যাধুনিক প্ৰযুক্তি।
W7s news,,,,গুৱাহাটী, নৱেম্বৰ: স্বাস্থ্য সেৱাৰ খণ্ডটোত অন্য এক নতুন যুগৰ সূচনা কৰি, এপল' কেঞ্চাৰ চেণ্টাৰ, চেন্নাইয়ে দক্ষিণ এছিয়াৰ প্ৰথমটো চাইবাৰনাইফ— CyberKnife® S7™ FIM ৰবটিক ৰেডিঅ' অস্ত্ৰোপচাৰ প্ৰণালী মুকলি কৰিছে— যি কৰ্কট ৰোগ আৰু কৰ্কট ৰোগ বিহীন টিউমাৰৰ এক বৈপ্লৱিক চিকিৎসা পদ্ধতিৰ সুবিধা আগবঢ়াইছে। এই চাইবাৰনাইফ ছিষ্টেম মুকলি কৰাটো কৰ্কট ৰোগৰ চিকিৎসা আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত এক ৰূপান্তৰশীল মুহূৰ্ত হিচাপে চিহ্নিত হৈছে, আৰু এই অত্যাধুনিক প্ৰযুক্তি মুকলি কৰা প্ৰথমটো প্ৰতিষ্ঠান হিচাপে এপল' কেঞ্চাৰ চেণ্টাৰে দক্ষিণ এছিয়াত এক নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছে। এই CyberKnife® S7™ FIM প্ৰণালী হৈছে কৰ্কটমূলক ৰোগ আৰু কৰ্কট ৰোগ নথকা টিউমাৰ আৰু অন্যান্য সমস্যাবোৰৰ বাবে এক অ-ভেদ্যমূলক চিকিৎসা পদ্ধতি য'ত বিকিৰণ চিকিৎসা জড়িত থাকে। ইয়াক মস্তিষ্ক, হাঁওফাঁও, মেৰুদণ্ড, প্ৰষ্টেট আৰু পেটৰ কৰ্কট ৰোগকে ধৰি সমগ্ৰ শৰীৰৰ বিভিন্ন ধৰণৰ সমস্যাৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়, আৰু যিসকল ৰোগীৰ অস্ত্ৰোপচাৰ কৰিব নোৱৰা বা অস্ত্ৰোপচাৰমূলক জটিল টিউমাৰ আছে তেওঁলোকৰ বাবে অস্ত্ৰোপচাৰৰ এক বিকল্প ব্যৱস্থা হ'ব পাৰে। আনকি আগতে বিকিৰণৰ দ্বাৰা চিকিৎসা কৰা ৰোগীসকল, যাৰ মেটাষ্টেটিক ঘা বা বাৰে বাৰে হোৱা কৰ্কট ৰোগ আছে তেওঁলোকেও চাইবাৰনাইফ চিকিৎসা লাভ কৰিব পাৰে। এই সন্দৰ্ভত ৰেডিয়েচন অংক'লজী বিভাগৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ মহাদেৱ পোথাৰাজুৱে বৰ্ণনা কৰি কয়, "CyberKnife® S7™ FIM চিকিৎসাবোৰ প্ৰধানকৈ 1 ৰপৰা 5 টা পৰ্যায়ত সম্পন্ন কৰা হয়। এই চিকিৎসাৰ ম্যাদ সাধাৰণতে 30 ৰপৰা 90 মিনিটৰ ভিতৰত হয়, যি সময়ত বিভিন্ন কোণৰ পৰা 100 ৰপৰা 200 বিকিৰণ ৰশ্মি প্ৰয়োগ কৰা হয়। প্ৰতিটো ৰশ্মি প্ৰায় 10 ৰপৰা 15 ছেকেণ্ডৰ বাবে দিয়া হয়। ইয়াৰ চিকিৎসা কালবোৰ হৈছে কিছুমান অ-ভেদ্যমূলক বহিঃৰোগী প্ৰক্ৰিয়া, আৰু কোনো এনাস্থেচিয়া দিয়া বা ফুটা উলিওৱাৰ প্ৰয়োজন নাই, যাৰ ফলত বেছিভাগ ৰোগীয়ে চিকিৎসাৰ সময়ত দৈনন্দিন কাা-কাজবোৰ কৰি থাকিব পাৰে।"ৰেডিয়েচন অংক'লজী বিভাগৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ ৰত্নদেৱী আৰ-এ কয়, "CyberKnife S7 FIM শ্ৱানোমা, মেনিঞ্জিওমা আৰু এভিএম-ৰ মগজুৰ সাধাৰণ নামমাত্ৰ ঘাঁৰ চিকিৎসাত আটাইতকৈ কাৰ্যকৰী হয়, যাৰ দ্বাৰা আমি মুকলি অস্ত্ৰোপচাৰ এৰাই চলিব পাৰোঁ। যিকোনো প্ৰকাৰৰ চলমান লক্ষ্যৰ চিকিৎসাৰ বাবে গতিৰ সৈতে সামঞ্জস্য ৰক্ষা কৰা, বাস্তৱ-সময়ৰ চিকিৎসা প্ৰদান অনুকুলীত কৰিবৰ বাবে আগবঢ়োৱা ই হৈছে বিশ্বৰ একমাত্ৰ ব্যৱস্থা। ই হাঁওফাঁও, যকৃত বা প্ৰষ্টেটত চলাচল কৰি থকা টিউমাৰৰ চিকিৎসা সৰ্বাধিক নিখুঁতভাৱে কৰাত বিশেষভাৱে উপযোগী।"
#WinningOverCancer
এপল' কেঞ্চাৰ চেণ্টাৰ্ছৰ বিষয়ে– https://apollocancercentres.com/ত চাব পাৰিব।
No comments:
Post a Comment