শ্বিলঙৰ হোটেল প'ল’ টাৱাৰ্ছ আৰু চেৰাপুঞ্জীৰ প'ল’ অৰ্কিড ৰিজ'ৰ্টত কেক মিক্সিং চেৰেমনিৰ আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 29 November 2023

শ্বিলঙৰ হোটেল প'ল’ টাৱাৰ্ছ আৰু চেৰাপুঞ্জীৰ প'ল’ অৰ্কিড ৰিজ'ৰ্টত কেক মিক্সিং চেৰেমনিৰ আয়োজন



 


W7s news,,,শ্বিলং, ২৮ নৱ ২০২৩: সময় এতিয়া বৰদিন উদযাপনৰ। উত্তেজনাপূৰ্ণ এই উৎসৱলৈ মাজত আৰু কেইটামান দিন বাকী থকা সময়ত এতিয়া বতাহত গুঞ্জৰিত হৈছে উছাহ। উৎসৱৰ ঠিক আৰম্ভণিৰ এই বন্ধৰ দিনবোৰ অধিক ৰোমাঞ্চিত কৰি তুলিবলৈ হোটেল প’ল’ টাৱাৰ্ছ গ্ৰুপে ২৮ নৱেম্বৰত আয়োজন কৰে বহুপ্ৰত্যাশিত আৰু মনোৰঞ্জনদায়ক 'কেক মিক্সিং চেৰেমনি’।এই কেক মিক্সিং চেৰেমনিত ব্যৱহাৰ কৰা হয় প্ৰায় ৫০ কিলোগ্ৰাম বিভিন্ন ধৰণৰ ড্ৰাই ফ্ৰুট, যাৰ ভিতৰত আছিল কাজু বাদাম, কাঠ বাদাম (আলমণ্ড), চেৰী, পিষ্টা, জামু, মাৰ্মেলেড, ক’লা কিচমিচ, কিচমিচ, আখৰোট, জৰ্জিয়ান প্লাম আৰু কমলাৰ শুকান বাকলিৰ দৰে ড্ৰাই ফ্ৰুট। ইয়াৰোপৰি ৰেড ৱাইন, প’ৰ্ট ৱাইন, ৰাম, ব্ৰেণ্ডী, বিয়েৰকে ধৰি ৩০ লিটাৰ পানীয় তথা সুৰা ব্যৱহাৰ কৰা হয় কেক মিক্সিঙত। লগতে ইয়াত অন্তৰ্ভূক্ত কৰা হয় ডালচেনি, ইলাচি, লঙকে ধৰি প্ৰায় ১০ কিলোগ্ৰাম মছলা। আনহাতে অধিক স্বাদযুক্ত আৰু মিঠা কৰিবলৈ শ্বিলঙৰ প’ল’ টাৱাৰ্ছত ১০ লিটাৰ স্থানীয় কমলাৰ মৌ আৰু কমলাৰ ৰস যোগ কৰা হয়। চেৰাপুঞ্জীৰ প’ল’ অৰ্কিড ৰিজৰ্টতো ফলৰ বাবে খ্যাত চোহৰাৰ পৰা অনা ১০০টা আনাৰস এই মিশ্ৰণত যোগ কৰি প্ৰায় ১০০ কিলোগ্ৰাম সুস্বাদু আৰু মনোমোহা মিশ্ৰণ প্ৰস্তুত কৰা হয়।প্ৰত্যাশিত কেক মিক্সিং চেৰেমনিক লৈ নিজৰ উত্তেজনা ব্যক্ত কৰি হোটেল প’ল’ টাৱাৰ্ছ গ্ৰুপৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক কিষাণ টিব্ৰেৱালাই কয়, “আমি উৎসৱৰ বতৰৰ আৰম্ভণিতে শ্বিলং, চেৰাপুঞ্জী, আগৰতলা আৰু কলকাতাত থকা আমাৰ চাৰিখন হোটেলত আন এক সফল কেক মিক্সিং চেৰেমনিৰ আয়োজন কৰি ৰোমাঞ্চিত হৈছো। আমি এই উৎসৱৰ সময়ছোৱাত আমাৰ অতিথিসকলৰ বাবে সুখ বিয়পাই নিগাজি আৰু সজীৱ স্মৃতি সৃষ্টি কৰাৰ লক্ষ্য ৰাখিছো।”

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here