W7s news,,,,,: আন এক সাফল্যৰে জিলিকি উঠিছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত শিক্ষা প্ৰতিষ্ঠান মডাৰ্ণ ইংলিছ স্কুল। চিবিএছই ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত জয়লাভ কৰি কেৱল বিদ্যালয়খনলৈকে নহয়, সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ কৃষ পাৱেয়ে। অসাধাৰণ দক্ষতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰি শেহতীয়াকৈ গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত হোৱা (টাইকোৱাণ্ডো জুনিয়ৰ) ওজন শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় কৃষে। ইয়াৰ পূৰ্বে ২০২৩ চনৰ ১৬ অক্টোবৰৰ পৰা ১৮ অক্টোবৰলৈ অনুষ্ঠিত হোৱা চিবিএছই ফাৰ ইষ্ট জ’ন টাইকোৱাণ্ডো চেম্পিয়নশ্বিপতো সাফল্য অৰ্জন কৰি বিদ্যালয় তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল কৃষ পাৱয়ে। উক্ত প্ৰতিযোগিতাখনত কৃষে ১৭ বছৰ অনুৰ্ধ্বৰ ল’ৰাৰ ৫১ কেজি তলৰ শাখাত অংশগ্ৰহণ কৰি অৰ্জন কৰিছিল সোণৰ পদক।কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰগৰাকীৰ এই ধাৰাবাহিক সফলতাৰ পিছত আনন্দ ব্যক্ত কৰি বিদ্যালয়খনৰ পিজিটি-শাৰীৰিক শিক্ষা তথা টাইকোৱাণ্ডো প্ৰশিক্ষক অভিজিত গগৈয়ে কয়, ''ফাৰ ইষ্ট জ’ন টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত কৃ্ষ পাৱেয়ে সোণৰ পদক অৰ্জন কৰাৰ পিছত পুনৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত পদক অৰ্জন কৰি আমাক সঁচাকৈয়ে গৌৰৱাম্বিত কৰি তুলিছে। তেওঁৰ প্ৰৱল ইচ্ছাশক্তিৰ বাবে আমি তেওঁক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতৰ প্ৰতিযোগিতাসমূহতো যাতে এনেদৰে ভাল প্ৰদৰ্শন কৰিব পাৰে, তাৰ বাবে শুভকামনা জনাইছোঁ।’’উল্লেখ্য যে, কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলে কেৱল শৈক্ষিক উৎকৰ্ষতা সাধনৰ ক্ষেত্ৰতে নহয়, শাৰীৰিক ক্ৰিয়া-কলাপ আৰু ক্ৰীড়াতো পাৰদৰ্শিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশৰ বাবেও প্ৰয়াস চলাই আহিছে।
Post Top Ad
Responsive Ads Here
Monday, 27 November 2023

চিবিএছই ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত সাফল্য মহানগৰীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment