উৎসৱৰ বতৰত ফ্ৰুট মিক্সিং চেৰেমনিৰ আয়োজন ৰেডিছন ব্লু গুৱাহাটীৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 25 November 2023

উৎসৱৰ বতৰত ফ্ৰুট মিক্সিং চেৰেমনিৰ আয়োজন ৰেডিছন ব্লু গুৱাহাটীৰ

 



W7s news গুৱাহাটী:  চৌদিশে উৎসৱৰ অফুৰন্ত উছাহ বিয়পাই বৰদিনৰ আগমুহূৰ্তত গুৱাহাটীস্থিত ৰেডিছন ব্লুৱে ২৫ নৱেম্বৰত আয়োজন কৰে বহু প্ৰত্যাশিত বাৰ্ষিক “ফ্ৰুট মিক্সিং চেৰেমনি”।

 

উৎসৱৰ বতৰৰ এই বিশেষ অনুষ্ঠানত সুস্বাদু খাদ্য আৰু পানীয়ৰ জুতি প্ৰদান কৰি মাষ্টাৰচেফ ইণ্ডিয়াৰ চিজন-৭ৰ বিজয়ী নয়নজ্যোতি শইকীয়াই অনুষ্ঠানটোৰ শোভা বৃদ্ধি কৰাৰ লগতে খাদ্য ৰসিকসকলক এক সুখকৰ মুহূৰ্ত প্ৰদান কৰে। অনুষ্ঠানটোৰ প্ৰতি উৎসাহ ব্যক্ত কৰি নয়নজ্যোতি শইকীয়াই কয়, "গুৱাহাটীৰ ৰেডিছন ব্লুত অনুষ্ঠিত হোৱা ফ্ৰুট মিক্সিং চেৰেমনিত অংশগ্ৰহণ কৰিবলৈ পোৱাটো সঁচাকৈয়ে এক আনন্দৰ বিষয়। খাদ্য ৰসিকসকলে একত্ৰিত হৈ এটি পৰম্পৰা উদযাপন কৰি নিগাজি স্মৃতি সৃষ্টি কৰা দেখি ভাল লাগিছে। এই অনুষ্ঠানৰ উৎসৱমুখৰ অনুভূতি সঁচাকৈয়ে হৃদয়স্পৰ্শী!”


ৰেডিচন ব্লু গুৱাহাটীৰ পৰিচালন বিভাগৰ কাৰ্যবাহী সহকাৰী প্ৰবন্ধক বিকাশ কুমাৰ বাৰ্মাই তেওঁৰ উৎসাহ ব্যক্ত কৰি কয়, "বন্ধৰ বতৰৰ আৰম্ভণিতে আন এক সফল ফ্ৰুট মিক্সিং চেৰেমনি আয়োজন কৰি ৰোমাঞ্চিত হৈ পৰিছোঁ। ৰন্ধন বিশেষজ্ঞ নয়নজ্যোতি শইকীয়াৰ উপস্থিতিয়ে আমাৰ সন্মানীয় অতিথিসকলৰ সামগ্ৰিক অভিজ্ঞতা বৃদ্ধি কৰি উত্তেজনাৰ এক অতিৰিক্ত স্তৰ যোগ কৰিছে। এই উৎসৱৰ বতৰত সুখ বিয়পাই নিগাজি স্মৃতি সৃষ্টি কৰাৰ সুযোগৰ বাবে আগ্ৰহেৰে বাট চাই ৰৈছোঁ।’’


উদযাপিত পৰম্পৰা, এই ফ্ৰুট মিক্সিং চেৰেমনিয়ে ফল-মূল আৰু উৎসাহৰ এক আনন্দদায়ক মিশ্ৰণেৰে উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ সংকেত প্ৰদান কৰে। এই প্ৰতীকী অনুষ্ঠানৰ মৰ্ম কেৱল উপাদান মিশ্ৰণ কৰাতকৈও অধিক; এয়া হৈছে আহিবলগীয়া আনন্দময় সময়ৰ উদযাপন আৰু দানৰ বতৰৰ এক হৃদয়স্পৰ্শী আৰম্ভণি।


বছৰৰ পিছত বছৰ ধৰি অনুষ্ঠিত হৈ অহা এই “ফ্ৰুট মিক্সিং”ৰ মনোমোহা অনুষ্ঠানটো অংশগ্ৰহণকাৰী আৰু দৰ্শক উভয়ৰে হৃদয়ত চিৰস্থায়ী স্মৃতিৰ সোণোৱালী সোঁত বোৱাই বৰ্তমান এক আনন্দদায়ক পৰম্পৰালৈ পৰিণত হৈছে। পৰিৱেশটো জীয়া কথোপকথন, উল্লাস আৰু হাঁহিৰ সুষম ছন্দৰে গুঞ্জৰিত হৈ পৰে। এই স্পন্দনশীল সমলয়ৰ মাজতে সকলোৱে উপভোগ কৰিব পৰাকৈ কৰা হয় সুস্বাদু হাই-টিৰ আয়োজন।


প্লাম পুডিং হিচাপে জনপ্ৰিয়, ইংলেণ্ডত উৎপত্তি ঘটা খ্ৰীষ্টমাছ পুডিঙে এই উৎসৱমুখৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ব্যক্তিৰ হৃদয়ত এক বিশেষ স্থান দখল কৰি আহিছে। বৰদিনৰ পাঁচ সপ্তাহ পূৰ্বে, বৰদিনৰ সময়ত অথবা নৱবৰ্ষ আৰম্ভ হোৱাৰ আগৰ দেওবাৰৰ পিছত এয়া প্ৰস্তুত কৰা হয়। শিশুকে ধৰি পৰিয়ালৰ প্ৰতিজন সদস্যই পুডিং প্ৰস্তুত কৰা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে আৰু এই আনন্দৰে ভৰা কালছোৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here