গুৱাহাটীত নতুনকৈ মুকলি কৰা চি ৩ এয়াৰক্ৰছ এছ ইউ ভিৰ প্ৰদৰ্শনৰ আয়োজন চিট্ৰ'য়েন ইণ্ডিয়াৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 29 November 2023

গুৱাহাটীত নতুনকৈ মুকলি কৰা চি ৩ এয়াৰক্ৰছ এছ ইউ ভিৰ প্ৰদৰ্শনৰ আয়োজন চিট্ৰ'য়েন ইণ্ডিয়াৰ

 

 


W7s news গুৱাহাটী: শেহতীয়া অটোমোটিভ উদ্ভাৱনক গ্ৰাহকৰ ওচৰলৈ লৈ যোৱাৰ  প্ৰয়াসৰ অংশ হিচাপে আজি ফ্ৰান্সৰ প্ৰখ্যাত গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান  চিট্ৰ'য়েনে গুৱাহাটীত নতুনকৈ মুকলি কৰা চি ৩ এয়াৰক্ৰছ এছ ইউ ভিৰ প্ৰদৰ্শনৰ  আয়োজন কৰে। অক্টোবৰ মাহত ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতাৰে মুকলি কৰাৰ পিছত এতিয়া অঞ্চলটোৰ বিচক্ষণ অটোমোটিভ অনুৰাগীসকলক আকৰ্ষণ কৰিবলৈ সাজু হৈছে চি ৩ এয়াৰক্ৰছ এছ ইউ ভি‌ লালমাটি গুৱাহাটীৰ লা মেইছন চিট্ৰ'য়েন শ্ব’ৰুমত আয়োজিত এই প্ৰদৰ্শনে স্থানীয় গ্ৰাহকসকলক চি ৩ এয়াৰক্ৰছ এছ ইউ ভিৰ ব্যতিক্ৰমী বৈশিষ্ট্য আৰু স্বকীয় ডিজাইনৰ  বিষয়ে প্ৰত্যক্ষভাৱে অভিজ্ঞতা অৰ্জন কৰিবলৈ সক্ষম কৰে। এই পদক্ষেপে ভাৰতৰ বিভিন্ন অঞ্চলত শীৰ্ষ মানৰ অটোমোটিভ অভিজ্ঞতা প্ৰদানৰ বাবে  চিট্ৰ'য়েনৰ প্ৰতিশ্ৰুতিক আৰু অধিক শক্তিশালী কৰিছে। অনুষ্ঠানত 'ৰং",ৰত্নাকৰ, 'হল্ড মাই হেণ্ড," আৰু "মন' ৰ দৰে ছবিত কৰা অনবদ্য অভিনয়ৰ বাবে পৰিচিত অসমীয়া ছবিজগতৰ  জনপ্ৰিয় অভিনেত্ৰী   নিশিতা গোস্বামী উপস্থিত থাকে। তেওঁ এছ ইউ ভি খনৰ আৰাম,ডিজাইন আৰু বৈশিষ্টৰ বিষয়ে আলোকপাত কৰে। নতুন চি ৩ এয়াৰক্ৰছ এছ ইউ ভি  ৫ আৰু ৫+২ আসনত উপলব্ধ ভাৰতৰ প্ৰথমখন মেড-ইন-ইণ্ডিয়া মিড চাইজ এছ ইউ ভি। ৪.৩২৩ এম এম্  দীঘল  মিড-ছাইজ এছ ইউ ভি চি৩ এয়াৰক্ৰছ এছ ইউ ভিয়ে আত্মবিশ্বাস প্ৰকাশ কৰা এক শক্তিশালী, প্ৰকাশশীল ডিজাইন প্ৰদান কৰে। নিশ্চিতভাবে চিট্ৰ'য়েন এনে এখন মিড-ছাইজ এছ ইউ ভি, যি যাত্ৰীসকলৰ বাবে চিগনেচাৰ  চিট্ৰ'য়েন আৰাম আৰু সন্তুষ্টিৰ সৈতে এক অনন্য, পেশীবহুল আৰু সাহসী ডিজাইনৰ সংমিশ্ৰণ ঘটায়। ইয়াৰ উপৰিও ই ৭ জন যাত্ৰীৰ বাবে  শ্ৰেণীৰ ভিতৰতে অগ্ৰণী  বহুমুখীতাৰ বাবে গৌৰৱান্বিত। ইয়াত আছে ২০০ মিলিমিটাৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স, ডাঙৰ চকা আৰু টায়াৰৰ সৈতে পেশীবহুল চকা আৰ্চ, আৰু দীৰ্ঘস্থায়ী সুৰক্ষামূলক ক্লেডিঙ। শক্তিশালী বাম্পাৰ আৰু উচ্চ গ্ৰাউণ্ড ক্লিয়াৰেন্সে ইয়াক প্ৰয়োজনৰ সময়ত অসমান পথত নেভিগেট কৰাত সুদক্ষ কৰি তোলে, আনহাতে বডিৰ টৰ্চনেল ষ্টিফনেছৰ কম্পন কম কৰি যাত্ৰীৰ আৰাম বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হৈছে।


ষ্টেলান্টিছ ইণ্ডিয়াৰ চিইঅ’ আৰু পৰিচালন  সঞ্চালক ৰ’লেণ্ড বৌচাৰাই কয় - "গুৱাহাটীত বিচক্ষণ গ্ৰাহকৰ বাবে ভাৰতত ডিজাইন কৰা, বিকশিত, আৰু নিৰ্মিত নতুন চি ৩ এয়াৰক্ৰছ এছ ইউ ভি প্ৰদৰ্শন কৰি আমি আনন্দিত হৈছো। এই মধ্যম আকাৰৰ এছ ইউ ভিখন  চিট্ৰ'য়েনৰ ভি এন এ  -আৰাম আৰু  উদ্ভাৱনশীলতাৰ মূল উপাদানৰ বৈশিষ্ট্যৰে নিৰ্মাণ কৰা হৈছে।"  ছেপ্টেম্বৰ মাহত বুকিং আৰম্ভ হোৱাৰ পৰাই ই সমগ্ৰ দেশতে ইতিবাচক সঁহাৰি লাভ কৰিছে। অগ্ৰণী বৈশিষ্ট্য, আকৰ্ষণীয়  ষ্টাইলিং, আৰু অতুলনীয় বহুমুখীতাৰে সমৃদ্ধ নতুন  চি ৩ এয়াৰক্ৰছ এছ ইউ ভি যোগান ধৰাৰ বাবে আমাৰ সম্প্ৰসাৰিত আৰু বিকশিত শ্বোৰূম আৰু ৱৰ্কশ্বপৰ  নেটৱৰ্ক সাজু হৈছে। লা মেইছনৰ ডিলাৰ প্ৰিন্সিপাল ঋষভ হিম্মতসিংকাই এই সন্দৰ্ভত এনেদৰে মন্তব্য কৰে- "ব্যতিক্ৰমী ডিজাইন আৰু উদ্ভাৱনীমূলক নতুন  চি ৩ এয়াৰক্ৰছএছ ইউ ভি ৰ বৈশিষ্ট্যসমূহ আমাৰ স্থানীয় গ্ৰাহকসকলক প্ৰত্যক্ষভাৱে অভিজ্ঞতা লাভ কৰিব পৰাকৈ  এই  প্ৰদৰ্শনৰ আয়োজন কৰি আমি গৌৰৱ অনুভৱ কৰিছো। ভাৰতৰ বিভিন্ন অঞ্চললৈ চিট্ৰ'এনৰ শীৰ্ষ মানৰ অভিজ্ঞতা  লৈ যোৱাৰ দায়বদ্ধতাক লৈ  আমি গৌৰৱ অনুভৱ কৰো। গুৱাহাটীত থকা আমাৰ গ্ৰাহকসকলে যাতে চিট্ৰ'এনৰ সৰ্বোত্তম  কাৰুকাৰ্য্য আৰু উদ্ভাৱনৰ অভিজ্ঞতা লাভ কৰে সেয়া নিশ্চিত কৰাটো আমাৰ প্ৰতিশ্ৰুতি। চি ৩ এয়াৰক্ৰছএছ ইউ ভিৰ পৰিসৰ বিশাল। ৫ চিটৰ ভেৰিয়েন্টসমূহে  পিছফালৰ আসনৰ আঁঠুৰ বাবে  পৰ্যাপ্ত স্থান আৰু ৪৪৪ লিটাৰ পৰ্যন্ত লাগেজ ভলিউম প্ৰদান কৰে, আনহাতে ৫+২-চিটৰ ভেৰিয়েন্টসমূহে দুখন ব্যক্তিগত আসনৰ তৃতীয় শাৰীৰ বৈশিষ্ট্যৰে বিভিন্ন ব্যৱহাৰৰ বাবে সুবিধাজনক স্থান প্ৰদান কৰে। পিছফালৰ আসনসমূহ তললৈ ভাঁজ কৰিব পাৰি বা পৃথকে পৃথকে আঁতৰাব পাৰি, যাৰ ফলত নিজৰ ইচ্ছা অনুসৰি ৫১১ লিটাৰ পৰ্যন্ত লাগেজ ক্ষমতাৰ সৈতে। স্থান পোৱা যায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here