সৌন্দৰ্য্য - কালাৰবাৰ – টেক মি এজ আই এম, মেকআপ ৰেঞ্জ, L’oreal Paris Infallible Matt Resistance Lipsticks ইত্যাদি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 5 October 2023

সৌন্দৰ্য্য - কালাৰবাৰ – টেক মি এজ আই এম, মেকআপ ৰেঞ্জ, L’oreal Paris Infallible Matt Resistance Lipsticks ইত্যাদি

 

ফুটৱেৰ - নাইকী, ছ’কনি, চেম্পিয়ন, এডিডাছ


লাগেজ, ট্ৰেভেল এণ্ড  এক্সেছৰিজ – আৰ্বান  ফৰেষ্ট, ষ্টাইলিষ্ট্ৰি, ইনোকি  বাই  বেগিট, ৱাইল্ডক্ৰাফ্ট ট্রলি, এন ক্লেইন


ঘৰুৱা  সামগ্ৰী - এনকো, ষ্টাৰবাক্স


ঘড়ী  আৰু  ৱেৰেবলছ - ফছিলXডিজনী, চি কে, লাকোষ্টে, হিউগো


মূল্য প্ৰস্তাৱ আৰু পুৰস্কাৰ


W7s news গুৱাহাটী: এই উৎসৱকালীন  ইভেন্টে  কাৰ্টেন ৰেইজাৰ ডীলছ, গ্ৰেণ্ড অপেনিং আৱাৰ, ব্ৰেণ্ড মেনিয়া আৰু সীমিত সময়ৰ ৰেহাইৰ দৰে কৌশলী গ্ৰাহক সংযোগ প্ৰস্তাৱসমূহৰ সুবিধাসহ  ব্ৰেণ্ডসমূহৰ দ্বাৰা অভূতপূৰ্ব মূল্য প্ৰস্তাৱসমূহৰ সুবিধা প্ৰদান কৰে। গ্ৰাহকে Myntra Revolutionary Priceৰ বাবে আগ্ৰহী হ’ব পাৰে, য’ত আকৰ্ষণীয় মূল্যৰ অফাৰৰ উপৰিও ১০% বেংক অফাৰ অন্তৰ্ভুক্ত কৰা হৈছে । এই ইভেন্টৰ  সময়ছোৱাত গ্ৰাহকে তেওঁলোকৰ উৎসৱকালীন সামগ্ৰী ক্ৰয়ৰ ওপৰত অধিক মূল্য লাভ কৰিবলৈ কোটক মহিন্দ্ৰা বেংকেৰে সহযোগিতা  স্থাপন  কৰি আগবঢ়োৱা মিন্ট্ৰাৰ কো-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো অতিৰিক্ত ১৫% ৰেহাই লাভ কৰিব  পাৰিব। ইয়াৰ উপৰিও ব্যৱসায়ীসকলে আই চি আই চি আই, কোটাক, পেটিএম আৰু ক্ৰেডৰ দৰে সহযোগীৰ জৰিয়তে পেমেণ্ট অফাৰ লাভ কৰিব পাৰিব।  এই বি এফ এফত নিৰ্দিষ্ট পৰিমাণতকৈ  অধিক সামগ্ৰীৰ বজাৰ কৰা গ্ৰাহকে ৰোমাঞ্চকৰ পুৰস্কাৰ লাভ কৰিব পাৰিব য’ত সোণৰ মুদ্ৰা, ট্ৰলী আৰু বেকপেক আদি অন্তৰ্ভুক্ত  থাকিব।বিগ ফেশ্বন ফেষ্টিভেল  সন্দৰ্ভত  মন্তব্য  কৰি মিণ্ট্ৰাৰ চি ই অ’ নন্দিতা সিনহাই কয়, “সমগ্ৰ  দেশেই উৎসৱৰ বতৰৰ বাবে মিন্ট্ৰালৈ  আন্তৰিকতাৰে অপেক্ষা কৰি থকাত, আমি ‘বিগ ফেশ্বন ফেষ্টিভেল’ৰ সৰ্ববৃহৎ সংস্কৰণটো মুকলি কৰিবলৈ সাজু হৈছো । এইয়া উদ্যোগটোৱে গতি লাভ কৰাৰ এক সুযোগ, য’ত ব্ৰেণ্ডসমূহে নিজৰ প্ৰস্তাৱৰ সৈতে নতুনত্বৰ সৃষ্টি কৰাৰ লগতে তেওঁলোকৰ বজাৰ কৰা লোকৰ ভেটিও শক্তিশালী কৰিবলৈ সক্ষম হব । সৰু-ডাঙৰ ব্ৰেণ্ড, কিৰানা সহযোগী আৰু শিপিনীকে ধৰি আমাৰ পৰিৱেশ তন্ত্ৰৰ সহযোগীসকলৰ বাবেও এয়া এক  বৃহৎ সুযোগ।”মজুতগৃহ, লজিষ্টিক আৰু যোগাযোগ কেন্দ্ৰৰ শক্তিশালী  কৰা।


উৎসৱকালীন নিযুক্তি বৃদ্ধিৰ অংশ হিচাপে মিণ্ট্ৰাই মহিলা নিযুক্তিৰ  হাৰ  বঢ়াই  ২১% লৈ বৃদ্ধি কৰাৰ লগতে আৰ্থিকভাৱে বঞ্চিত মহিলাসকলৰ বাবে নিয়োগৰ সুযোগ সৃষ্টি কৰিছে আৰু অতিৰিক্ত আয়ৰ সুযোগ বৃদ্ধি কৰিছে । হাৰিয়ানা, তেলেংগানা, পশ্চিমবংগ, আৰু কৰ্ণাটকৰ দৰে ৰাজ্যৰ গ্ৰামাঞ্চল আৰু গাঁৱত এনে নিযুক্তিৰ ব্যৱস্থা কৰা  হৈছে। যোগান শৃংখলৰ উপৰিও এই উৎসৱৰ বতৰত যোগাযোগ  কেন্দ্ৰত নিযুক্তি  দিয়া  মুঠ  কৰ্মচাৰীৰ  ভিতৰত ৪৫% ই  হ’ব  মহিলা। ১৭,০০০ MENSA (Myntra Extended Network for Service Augmentation), প্লেটফৰ্মৰ  সমীপৱৰ্তী  কিৰাণা ষ্টোৰ সহযোগী ধৰি বিস্তৃত হৈ থকা মিন্ট্ৰাৰ শক্তিশালী যোগান শৃংখল নেটৱৰ্কে সমগ্ৰ দেশতে উৎসৱকালীন অৰ্ডাৰ যোগান ধৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here