ধৰ্ম ৰাজনীতি,সমাজনীতি সকলোৰে উৰ্ধত প্ৰকৃতি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 29 October 2023

ধৰ্ম ৰাজনীতি,সমাজনীতি সকলোৰে উৰ্ধত প্ৰকৃতি

 

ছেভ ভৰলুৰ দ্বিতীয় প্ৰতিষ্ঠা দিসত অৰণ্য মানৱ যাদব পায়েং



W7s news


গুৱাহাটী:ভৰলু পুনৰুজ্জীৱিত কৰাৰ লক্ষ্য আগত লৈ জন্ম লাভ কৰা অনুষ্ঠান ছেভ ভৰলু অভিযানয়ে দুই বছৰ অতিক্রম কৰিলে।দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে দেওবাৰে গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ভৱনত অনুষ্ঠিত কৰা হয় দ্বিতীয় প্ৰতিষ্ঠা দিৱস। ছেভ ভৰলুৰ দ্বিতীয় প্ৰতিষ্ঠা দিবসত বিশিষ্ট অতিথি ৰূপে ভাগ লৈ দিগন্ত বিশ্ব শৰ্মাই কয়-ভৰলুক পুনৰুদ্ধাৰ কৰিবলৈ হ'লে আমি প্ৰথমে নিজক সলনি কৰিব লাগিব৷ এখন পৰিচন্ন  পৃথিবীৰ ছবি সকলোৱে হৃদয়ত অংকন কৰিব লাগিব৷ ভৰলুক লৈ সৃষ্টি হোৱা সমস্যা সমাধানৰ উপায় চৰকাৰৰ হাতত আছে নে নাই নাজানো কিন্তু মানুহৰ হাতত আছে সমাধান সূত্র। তথাকথিত উন্নয়নৰ নামত আমি সমাধানহীন সমস্যা সৃষ্টি কৰি আছোঁ।ছেভ ভৰলুৱে যদি এজন মানুহো যদি সজাগ সচেতন কৰিব পাৰে তেনেহ'লে ছেভ ভৰলুৰ আন্দোলন সফল হ'ব।অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে ভাগ লৈ জ্যেষ্ঠ সাংবাদিক মুুবিনা আখটাৰে কয়-ভৰলুৰ মুমুৰ্ষূ অৱস্থাৰ বাবে জন্ম হৈছে ছেভ ভৰলু।পৰিত্ৰাণ বিচাৰিছে গুৱাহাটীৰ একাংশ জনতা।ভৰলুৰ বিপৰ্যয় হৈছে কেতিয়াৰ পৰা? যি ভৰলুৰ বুকুৰে এসময়ত আমাৰ পূৰ্বজসকল বনিজ কৰিবলৈ গৈছিল সেই ভৰলু আজি বিষাক্ত বীজাণুৰ বাহ।অনুষ্ঠানত ছেভ ভৰলুৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰকাশিত অতনু কুমাৰ চৌধুৰী আৰু ডা:ৰুবী কটকী সম্পাদিত 'ভৰলু' উন্মোচন কৰে অৰণ্য মানৱ যাদব পায়েঙে। অনুষ্ঠিানত মুখ্য অতিথি ৰূপে ভাগ লৈ তেওঁ কয়-ভৰলুৰ পানীলগা জ্বৰ হৈছে। আৰোগ্য কৰা বৰ তান নহয়৷ প্ৰত্যেকে ভৰলুৰ পুনৰুদ্ধাৰৰ বাবে আগবাঢ়ি আহিব লাগে। মই একো বিশেষ কাম কৰা নাই। ধৰ্ম ৰাজনীতি সমাজনীতি সকলোৰে ওপৰত প্ৰকৃতি। প্ৰকৃতিৰ সুৰক্ষাৰ বাবে সামান্য কাম কৰি আছোঁ। তাৰ কাৰণে বিশ্ববাসীয়ে মোক মৰম দিছে, স্বীকৃতি দিছে। প্ৰকৃতিৰ অৰণ্যত থকা হাতীয়ে গছ ৰুব জানে, বতাহে গছ ৰুব জানে, চৰায়ে গছ ৰুব জানে। কিন্তু জীৱশ্রেষ্ঠই গছ ধ্বংস কৰে৷

অসমলৈ পৰ্যটক কিয় আহে? মানুহ চাবলৈ অসমলৈ পৰ্যটক নাহে, আহে অসমৰ বিনন্দীয়া প্ৰকৃতিৰ ৰূপ চাবলৈ।প্ৰসংগ ক্ৰমে তেওঁ কয়-প্ৰকৃতিক বাধা দিয়া উচিত নহয়। আমাক নদীবান্ধ লাগে, কিন্তু বৃহৎ নদীবান্ধ নালাগে। বৃহৎ নদীবান্ধে ধ্বংস কৰে প্ৰকৃতি। 

ছেভ ভৰলুৰ সভাপতি ডা:ৰবীন্দ্ৰনাথ মজুমদাৰে পৌৰহিত্য কৰা ছেভ ভৰলুৰ সদস্য অখিল চন্দ্র গোস্বামী য়ে আঁত ধৰা অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন অঞ্চলৰ বহু প্ৰকৃতিপ্ৰেমী, সচেতন ব্যক্তি উপস্থিত থাকে। আৰম্ভণিতে ছেভ ভৰলুৰ সভাপতি ডা:ৰবীন্দ্ৰনাথ মজুমদাৰে ছেভ ভৰলুৱে বিগত সময়ত কৰি অহা কাম কাজৰ খতিয়ান দাঙি ধৰে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here