W7s news,,,,গুৱাহাটী : নৱৰাত্ৰি নদিনীয়া উৎসৱক উপলক্ষে এনজিঅ' ৰোটাৰী ক্লাবে গুৱাহাটী স্মাৰ্ট চিটিৰ গুৱাহাটীৰ সোণাৰাম ফিল্ডত আয়োজন কৰিছে গুজৰাটৰ পৰম্পৰাগত গৰ্বা আৰু দাণ্ডিয়া নৃত্য উৎসৱ। অহা ২৪ অক্টোবৰলৈ চলিব এই দাণ্ডিয়া আৰু গৰ্বা উৎসৱ।এনজিঅ' ৰোটাৰী ক্লাবৰ গুৱাহাটী স্মাৰ্ট চিটিৰ দ্বাৰা আয়োজিত ছয় দিনীয়া গৰ্বা উৎসৱত বলীউডৰ বহুতো চেলিব্ৰিটিয়ে অংশ গ্ৰহণ কৰি নৃত্য পৰিবেশন কৰে। প্ৰকল্পৰ আহ্বায়ক ৰবি আগৰৱালাই কয় যে এই নৱৰাত্ৰিত বলীউডৰ বহুতো প্ৰখ্যাত শিল্পী, জনপ্ৰিয় বেণ্ড আৰু কেইবাগৰাকী গায়কে সোণাৰাম ফিল্ডত তেওঁলোকৰ নৃত্য-গীত পৰিবেশন কৰি আছে। তেওঁ লগতে কয় যে সুভাৰাম বেণ্ড,গায়িকা প্ৰিয়া ভট্টাচাৰ্য, সহজ ঘোচাল, অভিনেতা সুধাংশু পাণ্ডে, মালচা শৰ্মা, ৱেব চিৰিজৰ অভিনেত্ৰী আয়ুষী জয়ছোৱাল, অভিনেতা আশ্ৰাফ চাইফিয়ে ইতিমধ্যে তেওঁলোকৰ কলা পৰিবেশন কৰি অনুষ্ঠানটো মনোমোহা কৰি তুলিছে।আগন্তুক দিনত বলীউডৰ অভিনেতা গুৰমিত চৌধুৰী, দেবিনা বেনাৰ্জী আদিয়ে গুৱাহাটীক ৰোকিং কৰি তুলিব। প্ৰকল্পৰ অধ্যক্ষ বিনয় দিদৱানিয়াই কয় যে এই অনুষ্ঠানটো ৰোটাৰী ক্লাব অফ গুৱাহাটী স্মাৰ্ট চিটিৰ দ্বাৰা দৰিদ্ৰ আৰু দুখীয়া লোকসকলৰ বাবে বিভিন্ন সামাজিক কাৰ্যকলাপৰ সহায়ত পুঁজি সংগ্ৰহ অনুষ্ঠান হিচাপে আয়োজিত কৰা হৈছে যিটো আমি গোটেই বছৰধৰি কৰিছিলো। এই মহৎ উদ্দেশ্যৰ বাবে ৰঙালী গুৱাহাটীৰ ৰোটাৰেক্ট ক্লাব, মহেশ্বৰী যুৱ সংঘ আৰু অওৰা এণ্টাৰটেইনমেণ্টৰ লগতে অন্যান্য বেচৰকাৰী সংগঠনসমূহে এই অনুষ্ঠানটোক এক বৃহৎ সফলতা প্ৰদান কৰিবলৈ তেওঁলোকৰ সম্পূৰ্ণ সমৰ্থন জনাইছে। বেচৰকাৰী সংগঠনসমূহৰ উপৰিও আমি জিলা প্ৰশাসন, গুৱাহাটী আৰক্ষী, মিডিয়া আৰু অন্যান্য চৰকাৰী বিভাগ আৰু সংস্থাৰ পৰা সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে।
Post Top Ad
Responsive Ads Here
Saturday 21 October 2023

গুৱাহাটীত সোণাৰাম ফিল্ডৰ গৰ্বা উৎসৱত বলীউডৰ তাৰকাৰ অংশগ্ৰহণ
Tags
# -গুৱাহাটী
Share This
About W7S News
-গুৱাহাটী
Labels:
-গুৱাহাটী
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment