W7s news,,,গুৱাহাটী, লিংকডইন লোকেল গুৱাহাটীয়ে আয়োজন কৰিবলৈ সাজু হৈছে মহানগৰীৰ সৰ্ববৃহৎ মুকলি পেছাদাৰী নেটৱৰ্কিং অনুষ্ঠানৰ অষ্টম সংস্কৰণটো। অহা ৩০ ছেপ্টেম্বৰ, শনিবাৰে গুৱাহাটীৰ দিছপুৰৰ নেডফি কনভেনচন চেণ্টাৰ হলত এই বহু প্ৰত্যাশিত অনুষ্ঠানটো অনুষ্ঠিত হ’ব ।লিংকডইন লোকেল অনুষ্ঠানসমূহ লিংকডইনৰ দ্বাৰা অনুজ্ঞাপ্ৰাপ্ত আৰু সমগ্ৰ বিশ্বৰ সদস্যসকলে এই অনুষ্ঠান আয়োজন কৰি আহিছে। এই অনুষ্ঠানসমূহ হৈছে এজনৰ সৈতে আন এজনৰ প্ৰত্যক্ষ পেছাদাৰী সাক্ষাতৰ এক সোণালী সুযোগ।লিংকডইন লোকেল গুৱাহাটীৰ পেছাদাৰী’পেন নেটৱৰ্কিং ইভেণ্টৰ অষ্টম সংস্কৰণটোও এই একেধৰণৰ লক্ষ্যৰে আয়োজন কৰা হ’ব। এই অনুষ্ঠানৰ লক্ষ্য হৈছে গুৱাহাটীৰ সজীৱ আৰু মুকলি পেছাদাৰী সমাজখনৰ সম্প্ৰসাৰণ কৰা।এই অনুষ্ঠানটো পেছাদাৰী, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, ষ্টাৰ্ট-আপ অনুৰাগী, উচ্চাকাংক্ষী উদ্যোগী, কৰ্পৰেট খেলুৱৈ, আৰু চাকৰি প্ৰত্যাশীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে।গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া অষ্টম লিংকডইন লোকেল অনুষ্ঠানৰ পঞ্জীয়ন সম্প্ৰতি মুকলি কৰা হৈছে। ২৫ ছেপ্টেম্বৰ, ২০২৩ৰ পূৰ্বেই এই অনুষ্ঠানৰ বাবে আসন সংৰক্ষণ কৰিব পাৰিব।আপোনালোকে স্থান সুৰক্ষিত কৰিবলৈ https://www.linkedinlocalguwahati.com/nextevent ত এতিয়াই পঞ্জীয়ন কৰিব পাৰিব।
Post Top Ad
Responsive Ads Here
Thursday, 7 September 2023

গুৱাহাটীত অনুষ্ঠিত হ’ব লিংকডইন লোকেল গুৱাহাটীৰ বহু প্ৰত্যাশিত অষ্টম সংস্কৰণ
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment