২২ ছেপ্টেম্বৰত অসমৰ ছবি গৃহত ৰীমা দাসৰ "তৰা'জ হাজবেণ্ড" - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 19 September 2023

২২ ছেপ্টেম্বৰত অসমৰ ছবি গৃহত ৰীমা দাসৰ "তৰা'জ হাজবেণ্ড"

 



W7s news ষ্টাফৰিপোৰ্টাৰ: ২২ ছেপ্টেম্বৰত অসমৰ ছবি গৃহত  মুক্তি লাভ কৰিব বিশিষ্ট চলচ্চিত্ৰ পৰিচালক  ৰীমা দাসৰ নতুন অসমীয়া চলচ্চিত্ৰ "তৰা'জ হাজবেণ্ড"। অসমৰ ২৫- ৩০টা ছবিগৃহত  মুক্তি লাভ কৰিব চলচ্চিত্ৰখনে।মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে খ‍্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক ৰীমা দাসে। তেওঁ লগতে কয়- অসমৰ লগতেই মুম্বাই, হায়দৰাবাদ, দিল্লী, বাংগালুৰুৰ ছবিগৃহতো একে সময়তে মুক্তি লাভ কৰিব ছবিখনে। তদুপৰি ২৮ ছেপ্টেম্বৰত অষ্ট্ৰেলিয়াত চলচ্চিত্ৰখনে মুক্তি লাভ কৰিব।ক’ভিড মহামাৰী আৰু লকডাউন সময়ত সৃষ্টি হোৱা বিভীষিকা আৰু প্রত্যাহ্বানৰ কাহিনীৰে নিৰ্মাণ কৰা হৈছে  "তৰা'জ হাজবেণ্ড"।ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিজিৎ দাস আৰু তৰালী দাসে।ইয়াৰোপৰি ছবি খনত অভিনয় কৰিছে পূর্বাঞ্চলী দাস, সীমান্ত দাস, সুকুমাৰ মেধি,নিকুঞ্জ খাউণ্ডকে ধৰি কেইবাজনো অভিনেতা-অভিনেত্ৰীয়ে।   ২০২২ চনত টৰণ্টো আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱৰ প্রতিযোগিতা শাখাত ছবিখনৰ ৱর্ল্ড প্রিমিয়াৰ অনুষ্ঠিত হয়৷ বুছান চলচ্চিত্র মহোৎসৱতো ছবি খনৰ প্রিমিয়াৰ ইতিমধ্যে অনুষ্ঠিত হৈছে। একেদৰেই  বেংককত অনুষ্ঠিত বিশ্ব চলচ্চিত্র মহোৎসৱ, হেইনান আইলেণ্ড ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল,  অ’ছাকা এছিয়ান, চলচ্চিত্র মহোৎসৱ,কলকাতা চলচ্চিত্র মহোৎসৱ, পুনে আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱতো  "তৰা'জ হাজবেণ্ড" ছবিখন ইতিমধ্যে প্রদর্শিত হৈছে। আন্তৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত সমূহৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ছবিখনে।এইখন ফ্লায়িং ৰিভাৰৰ বেনাৰত নিৰ্মিত চতুৰ্থখন চলচিত্ৰ। আমি ছবিগৃহৰ অভাৱ অনুভৱ কৰোঁ যায়। অধিক ছবিগৃহ নিৰ্মাণ কৰিব লাগে। অসমীয়া ছবি চাবলৈ মানুহ ওলাই আহে। অসমীয়া চলচ্চিত্ৰ চাবলৈ প্রাইম টাইম দিব লাগে। দৰ্শকে সেইটো বিচাৰে। সংবাদ মেলত অভিজিত দাস,তৰালি দাস,  পূৰ্বাঞ্চলী দাস প্ৰমুখ্যে চলচ্চিত্ৰখনৰ কলা-কুশলীসকল উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here