গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত ’ৰান ফৰ প্ৰাইড ’ শীৰ্ষক অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 23 September 2023

গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত ’ৰান ফৰ প্ৰাইড ’ শীৰ্ষক অনুষ্ঠান

 



 W7s news গুৱাহাটী :  চীনৰ হাংঝৌত অনুষ্ঠিত এইবাৰৰ এছিয়ান গেমছত ৭গৰাকীকৈ অসম সন্তানে ভাৰতক প্রতিনিধিত্ব কৰিছে৷তেওঁলোকক উৎসাহিত কৰিবলৈ গুৱাহাটী প্রেছ ক্লাবৰ উদ্যোগত  ‘ৰান ফৰ প্ৰাইড’ শীৰ্ষক এক কাৰ্যসূচী শনিবাৰে অনুষ্ঠিত হয়।পুৱা ৬-৩০ বজাত গুৱাহাটী প্রেছ ক্লাবৰ পৰা আৰম্ভ হোৱা সমূহীয়া দৌৰ কাৰ্যসূচী নেহৰু ষ্টেডিয়াম হৈ পুনৰ প্রেছ ক্লাবত অন্ত পৰে। গুৱাহাটী প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সভাপতি অলকা বৰুৱাই পৰিচালনা কৰা আৰু ক্ৰীড়া সম্পাদক আজাদ গগৈয়ে আঁত ধৰা উক্ত অনুষ্ঠানত সমূহীয়া দৌৰৰ  ফ্লেগ অৱ কৰে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ তৈয়বুন নিছাই৷ তদুপৰি অনুষ্ঠানত জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক সুবোধ মল্ল বৰুৱা, পুলিন সাহা আৰু মণ্টু শইকীয়াকে ধৰি অৰ্ধশতাধিক সাংবাদিক আৰু সংবাদকৰ্মীয়ে অংশগ্ৰহণ কৰে । ইয়াৰ পাছতে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত ক্লাবৰ উপ-সভাপতি যতীন ভাগৱতীয়ে পৌৰোহিত্য কৰা সামৰণী অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলক প্ৰমাণপত্ৰ বিতৰণ কৰা হয়৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here