অসম হাৰ্ট কেয়াপ ছ'চাইটিৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত বিশ্ব হৃদয় দিৱস পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 29 September 2023

অসম হাৰ্ট কেয়াপ ছ'চাইটিৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত বিশ্ব হৃদয় দিৱস পালন

 



    Was news 


গুৱাহাটী :বিশ্ব হৃদয় দিৱস উপলক্ষে গুৱাহাটীৰ আমবাৰীস্থিত গুৱাহাটী প্ৰেছক্লাৱত

শুকুৰবাৰে বিশ্ব হাৰ্ট ফেডাৰেচনৰ সদস্য সমগঠন তথা ৰাজ্যৰ আগশাৰীৰ স্বেছাসেৱী সংগঠন অসম হাৰ্ট কেয়াৰ চছাইটিয়ে হৃদৰোগ আৰু নিয়ন্ত্ৰণ সন্দৰ্ভত এখনি সজাগতামূলক আলোচনা সভাৰ কাৰ্যসূচী হাতত লয়।উল্লেখ্য, ছেপ্তেম্বৰ মাহটো সমগ্ৰ বিশ্বতে ৱৰ্ল্ড হাৰ্ট মাহ হিচাপে পালন কৰি অহাৰ লগতে ২৯ ছেপ্তেম্বৰ দিনটো বিশ্ব হাৰ্ট দিৱস হিচাপে পালন কৰা হয়। ১৯৯৯চনতে প্ৰতিষ্ঠা লাভ কৰা হাৰ্ট কেয়াৰ ছ'চাইটি অসমৰ(HCSA) অধ্যক্ষ জেষ্ঠ  হৃদৰোগ বিশেষজ্ঞ ডা:নিৰ্মল কান্তি ভট্টাচৈৰ্য্যদেৱৰ নিৰলস প্ৰচেষ্টা আৰু জিলা সমিতি সমূহৰ উদ্যোগত অসমৰ বিভিন্ন প্ৰান্তত ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান আদিৰ সহযোগত বিভিন্ন সময়ত হাৰ্টৰ ৰোগ প্ৰতিৰোধৰ কাৰণে সজাগতা সভা আৰু স্বাস্থ্য সেৱা শিৱিৰ অনুষ্ঠিত কৰি অহা হৈছে।

     বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ তথা হাৰ্ট কেয়াৰ চচাইটিৰ চেয়াৰমেন ডা:নিৰ্মল কান্তি ভট্টাচাৰ্য্ই সভাপতিত্ব কৰা আজিৰ এই বিশেষ  অনুষ্ঠানটিত হাৰ্ট কেয়াৰ চছাইটি মহিলা শাখাৰ সম্পাদিকা নীলাক্ষী গোস্বামী বৰুৱাই উদ্দেশ্য বাখ্যা কৰাৰ পিছতেই গুৰু বন্দনাৰে শুভাৰম্ভণ কৰে কোষাধ্যক্ষ ড.শিখা বেজবৰুৱা গোস্বামীয়ে। আমন্ত্ৰিত বিশিষ্ট অতিথি সকলৰ এটি সম্বৰ্ধনা অনুষ্ঠনে ৰখা হয়। উপ সভাপতি ইক্ৰামুল মজিদে সমবেত সাধাৰণ ৰাইজক হাৰ্ট কেয়াৰ চচাইটিৰ লক্ষ্য,উদ্দেশ্য আৰু কাৰ্যপন্থাৰ বিৱৰণ ডাঙি ধৰে। আলোচনাচক্ৰত অংগ্ৰহণ কৰে বিশিষ্ট চিকিৎক তথা হৃদৰোদ বিশেষজ্ঞ  ডা: দীনশ আগৰৱালা, ডা:ৰাকেশ পেৰিৱাল, ড:চন্দ্ৰ দাস। হাৰ্ট কেয়াৰ ছ'চাইটিৰ চেয়য়াৰমেন ডা: নিৰ্লল কান্তি ভট্টাচাৰ্যই বিশদভাৱে হৃদৰোগ আৰু প্ৰতিৰোধৰ উপায় সম্পৰ্কে বক্তব্য ডাঙি ধৰে। ভাষণ প্ৰসংগত ডা: ভট্টাচাৰ্যই উল্লেখ কৰে যে  যোৱা কেইবছৰমানৰ পৰা সমগ্ৰ বিশ্বৰ লগতে ভাৰততো হাৰ্ট এটেকৰ সংক্ৰমণ ব্যাপকভাৱে বৃদ্ধি পাইছে। বয়স্ক সকলৰ ওপৰিও যুৱক-যুৱতীসকলৰ মাজতো এই ৰোগ বৃদ্ধি হোৱাৰ মূলতঃ দৈনন্দিন কাম-কাজ, খাদ্যাভ্যাস আৰু শাৰীৰিক পৰিশ্ৰমৰ অভাৱ লগতে অত্যাধিক মানসিক চাপ অন্যত্বম। হাৰ্ট কেয়াৰ চচাইচি অসমৰ উদ্যোগত বিভিন্ন সময়ত  যুৱক-যুৱতীসকলৰ মাজত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰাৰ মূল কাৰণ আৰু সুৰক্ষাৰ উপায় সন্দৰ্ভত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সজাগতাৰ সৃষ্টি কৰাৰ উদ্দেশ্যে শিক্ষা প্ৰতিষ্ঠান কেন্দ্ৰ সমূহতো সভা অনুষ্ঠিত কৰি আহিছে। লঘু আহাৰ আপ্যায়ণৰ পিছেই হাৰ্ট কেয়াৰ ছ'চাইটিৰ কেন্দ্ৰীয় সম্পাদক দেৱাশীস বেনাৰ্জীয়ে শলাগৰ শৰাই আগবঢ়ায় আৰু অনুষ্ঠানটিৰ সামৰণি পৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here