এ প্লাছ চাৰ্জ: বৈদ্যুতিক যাত্ৰাৰ আনন্দৰ সৈতে বহনক্ষম যাতায়াতৰ প্ৰচাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 20 September 2023

এ প্লাছ চাৰ্জ: বৈদ্যুতিক যাত্ৰাৰ আনন্দৰ সৈতে বহনক্ষম যাতায়াতৰ প্ৰচাৰ


 

এ প্লাছ চাৰ্জে গুৱাহাটীত উদ্বোধন কৰিলে নিজা ই ভি চাৰ্জিং ষ্টেচন



W7s news,,,,গুৱাহাটী,:  গুৱাহাটী মহানগৰীৰ মাজমজিয়াত মুখ্য কাৰ্যালয় থকা এ প্লাছ চাৰ্জে স্বচ্ছ আৰু সেউজ পৰিবহণৰ দিশত সমগ্ৰ অসমজুৰি পৰিৱৰ্তন অনাৰ বাবে আগবাঢ়ি আহিছে। অল্টাৰনেট ইভি চল্যুচনছ প্ৰাইভেট লিমিটেডৰ এটা গোট, এ প্লাছ চাৰ্জে পেট্ৰ'ল পাম্প, ৰাজপথ, হোটেল, ৰেষ্টোৰাঁ, আৱাসিক এপাৰ্টমেণ্ট, কাৰ্যালয় আৰু বাণিজ্যিক অঞ্চলকে ধৰি বিভিন্ন স্থানত ই ভি চাৰ্জিং ষ্টেচন স্থাপন কৰাৰ ক্ষেত্ৰত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। উল্লেখনীয় যে, ইমানখিনিলৈ আগুৱাই আহিয়েই প্ৰতিষ্ঠানটোৱে নিজৰ ভূমিকাক সীমাবদ্ধতা প্ৰদান নকৰি  ই ভি কেব বাহন আৰু বৈদ্যুতিক বাছৰ বাবেও চাৰ্জিং সেৱা আগবঢ়াই আহিছে, যাৰ ফলত অসমৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থা অধিক বহনক্ষম হৈ পৰা দেখা গৈছে।এ প্লাছ চাৰ্জৰ মূল উদ্দেশ্য হৈছে অসমৰ বৈদ্যুতিক যাতায়াতৰ দিশত দ্ৰুত পৰিৱৰ্তন সাধন কৰি এক অধিক বহনক্ষম আৰু পৰিৱেশ অনুকূল ভৱিষ্যতৰ বাবে অৰিহণা যোগোৱা। প্ৰতিষ্ঠাপক তথা সঞ্চালক সম্যক জৈনে যথেষ্ট দৃঢ়তাৰে নিজৰ দৃষ্টিভংগী ব্যক্ত কৰি কয়, "আমাৰ লক্ষ্য হৈছে ২০২৪ চনৰ মাৰ্চ মাহৰ ভিতৰত সমগ্ৰ অসমত ১০০ৰো অধিক ই ভি চাৰ্জাৰ স্থাপন কৰা।" এই অটল দায়বদ্ধতাই ৰাজ্যখনৰ ই ভি আন্তঃগাঁথনি সম্প্ৰসাৰণৰ বাবে তেওঁলোকৰ সমৰ্পণক সূচায়।"সমগ্ৰ অসমৰ যিকোনো ব্যক্তিয়েএতিয়া ই ভি চাৰ্জিং ষ্টেচনৰ গৰাকী হ'ব পাৰে, যাৰ ফলত নিজৰ বাবে এক নিৰ্ভৰযোগ্য উপাৰ্জনৰ পথ সৃষ্টি হোৱাৰ লগতে তেওঁ পৰিৱেশ-অনুকূল পৰিবহণ ব্যৱস্থাক প্ৰসাৰিত কৰি এক স্বচ্ছ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত অৰিহণা যোগাব পাৰে। চাৰ্জ পইণ্ট অপাৰেটৰ (চিপিঅ') হিচাপে এ প্লাছ চাৰ্জে চাৰ্জিং ষ্টেচন স্থাপন, তত্বাৱধান আৰু গ্ৰাহক সেৱাৰ বাবে সম্পূৰ্ণ সমৰ্থন আগবঢ়ায়। বৰ্তমান চাৰ্জিং ষ্টেচনবোৰ মাত্ৰ ৬,০০০ টকা মূল্যতেই উপলব্ধ," -তেওঁ লগতে কয়।প্ৰতিষ্ঠানটোৱে সমগ্ৰ অসমৰ অংশীদাৰসকলক নিজৰ ই ভি চাৰ্জিং ষ্টেচনৰ পৰা উপাৰ্জন কৰাৰ সমান্তৰালভাৱে পৰিৱেশ অনুকূল পৰিবহণৰ প্ৰচাৰ অভিযানত যোগদান কৰিবলৈ সকলোকে উষ্ম আমন্ত্ৰণ জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here