গুৱাহাটীত চি আই আই উত্তৰ-পূৱ ফুডপ্ৰো উদ্বোধন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 14 September 2023

গুৱাহাটীত চি আই আই উত্তৰ-পূৱ ফুডপ্ৰো উদ্বোধন

 


উত্তৰ-পূৰ্বাঞ্চলত খাদ্য সংসাধন প্ৰক্ৰিয়াৰ আৰম্ভণি


W7s news,,,গুৱাহাটী ১৪ ছেপ্টেম্বৰঃ দ্য কনফেডাৰেশ্যন অফ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী চমুকৈ চি আই আইৰ উদ্যোগত গুৱাহাটীৰ মণিৰাম দেৱান ট্রেড চেণ্টাৰত আয়োজন কৰা "চিআইআই ফুডপ্ৰো নৰ্থ ইষ্ট"ৰ প্ৰথম সংস্কৰণৰ আজি অনুষ্ঠানিক ভাবে উদ্বোধন কৰা হয়। অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডৰ পৰিচালন সঞ্চালক  মানবেন্দ্ৰ প্ৰতাপ সিঙে তেওঁৰ ভাষণত উল্লেখ কৰে যে উত্তৰ-পূৰ্বাঞ্চলক খাদ্য প্ৰস্তুতকৰণৰ মূল স্থান হিচাপে চিহ্নিত কৰাৰ ক্ষেত্ৰত "ফুড প্ৰ'"ৰ দৰে কাৰ্যসূচী বোৰ বিশেষভাবে সহায়ক হব। অসম চৰকাৰে খাদ্য প্ৰস্তুতকৰণ প্ৰক্ৰিয়াত বিনিয়োগৰ সুবিধাৰ কৰি দিছে। শেহতীয়াকৈ অসমে নলবাৰীত ৮০০ কোটি টকা বিনিয়োগেৰে  পেপচিকোৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। ৰাজ্য চৰকাৰে অহা পাঁচ বছৰত ১৫,০০০ টন আলু উৎপাদন কৰাৰ প্ৰক্ষেপ গ্ৰহণ কৰিছে।অসম চৰকাৰে উদ্যানশস্যৰ উৎপাদিত সামগ্ৰীৰ বিকাশৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰি অসম চৰকাৰৰ উদ্যান শস্য আৰু খাদ্য প্ৰক্ৰিয়াকৰণ বিভাগৰ সঞ্চালক  তিৰঙ্গা বৰাই  উদ্যান শস্য উৎপাদনৰ বাবে কি পদক্ষেপ গ্রহণ কৰিছে তাৰ ওপৰত বিস্তৃত ৰূপত দাঙি ধৰে।তেওঁ খাদ্য  প্ৰক্ৰিয়াকৰণত আগ্ৰহী শিক্ষাৰ্থীসকলৰ বাবে বিভাগটোৱে স্থাপন কৰা প্ৰশিক্ষণ সুবিধাসমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে খাদ্য সংসাধনৰ প্ৰক্ৰিয়াকৰণৰ প্ৰচাৰৰ বাবে চৰকাৰে ৰাজ্যখনত স্থাপন কৰা ক্লাষ্টাৰ আধাৰিত পদক্ষেপ আৰু বৃহৎ খাদ্য উদ্যান সন্দৰ্ভতো আলোকপাত কৰে। তেওঁ ৰাজ্যখনৰ সৰ্বশ্ৰেষ্ঠ মানদণ্ডৰ আলুৰ বীজ ক্ৰয় কৰাৰ বাবে আই টি চি আৰু মহিন্দ্ৰাৰ সৈতে হোৱা চুক্তিৰ ওপৰত আলোকপাত কৰে। তেওঁ লগতে খাদ্য খণ্ডত বিনিয়োগৰ বাবে বাংলাদেশৰ সৈতে চুক্তিবদ্ধ হ'বলৈ অসম চৰকাৰৰ ইচ্ছাৰ বিষয়ে অৱগত কৰে।নেৰামাকৰ পৰিচালনা সঞ্চালক ৰাজীৱ অশোকে এই বছৰ ত্ৰিপুৰাত আনাৰস সংসাধন  ইউনিট পুনৰ খোলাৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে আৰু কয় যে  অহা ১৮ ছেপ্টেম্বৰৰ  পৰা ত্ৰিপুৰাত কাজুনাট সংসাধন প্ৰকল্পটো পুনৰ মুকলি কৰা হব। নেৰামাকে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্য চৰকাৰৰ সৈতে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ জিআই প্ৰমাণপত্ৰৰ বাবে কাম কৰি আছে। নেৰামাকে  উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ বিভিন্ন আঁচনিৰ কামত জড়িত হৈ আছে। ফুড প্ৰ' নৰ্থ ইষ্ট ২০২৩ ৰ অধ্যক্ষ তথা ব্লু ষ্টাৰ লিমিটেডৰ পৰিচালনা সঞ্চালক  বি থিয়াগাৰাজনে উল্লেখ কৰে যে চিআইআই উত্তৰ-পূব অঞ্চলৰ উন্নয়নৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু "ফুডপ্ৰো নৰ্থ ইষ্ট ২০২৩" এই প্ৰতিশ্ৰুতিৰ এটা অংশ। ফুডপ্ৰ'ই যোৱা বছৰ দক্ষিণ ভাৰতত ইয়াৰ চতুৰ্দশ সংস্কৰণৰ আয়োজন কৰা হৈছিল। তেওঁ আশা কৰে যে উত্তৰ পূৱ ফুডপ্ৰ'ই প্ৰযুক্তি আৰু দক্ষতা বিকাশৰ জৰিয়তে অঞ্চলটোৰ খাদ্য সংসাধন খণ্ডত এক নতুন অধ্যায় ৰচনা কৰিব।চি আই আই উত্তৰ-পূব পৰিষদৰ অধ্যক্ষ তথা অমৃত চিমেণ্টছ লিমিটেডৰ পৰিচালনা সঞ্চালক  প্ৰদীপ বাগলাই বিশিষ্ট ব্যক্তিসকলক আদৰণি জনায় আৰু চিআইআই অসম ৰাজ্যিক পৰিষদৰ উপাধ্যক্ষ ভাস্কৰ ফুকনে ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানটোৱে উদ্যোগ আৰু মুখ্য অংশীদাৰসকলৰ পৰা অভূতপূৰ্ব সমৰ্থন লাভ কৰে। এই পদক্ষেপক ভাৰত চৰকাৰ আৰু উত্তৰ-পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰালয়, অসম, মণিপুৰ, ত্ৰিপুৰা আৰু নাগালেণ্ড চৰকাৰে"অংশীদাৰ ৰাষ্ট্ৰ" হিচাপে সমৰ্থন আগবঢ়াইছে।এই অনুষ্ঠানটোত অন্যান্য চৰকাৰী নোডেল সংস্থা বিশেষকৈ মচলা বোৰ্ড আৰু চিএফটিআৰআই - কেন্দ্ৰীয় খাদ্য প্ৰযুক্তিগৱেষণা প্ৰতিষ্ঠান, নাবাৰ্ড আৰু এপিইডিএ-ৰ পৰাও অংশগ্ৰহণ কৰে।  ফুডপ্ৰ' নৰ্থ-ইষ্ট 2023-ৰ বিষয়বস্তু হৈছে উত্তৰ-পূৰ্বাঞ্চলত খাদ্য সংসাধন খণ্ডৰ বজাৰ বৃদ্ধি কৰা। অনুষ্ঠানটোৰ সভাপতিত্ব কৰে ব্লু ষ্টাৰ লিমিটেডৰ পৰিচালনা সঞ্চালক বি থিয়াগাৰাজনে।  ভাৰত চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ বাবে উত্তৰ-পূৰ্বাঞ্চল খাদ্য প্ৰস্তুতকৰণৰ দিশত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে। এই পদক্ষেপবোৰে কেৱল কৃষি উৎপাদকসকলক লাভান্বিত কৰাই নহয়, লগতে পৰিবহন, পেকেজিং, বিজ্ঞাপন আৰু বিপণনৰ ক্ষেত্ৰতনিযুক্তিৰ সুযোগ সৃষ্টি কৰিছে।   উত্তৰ-পূৱ ফুডপ্ৰ' সন্মিলন, বি২বি, বি২জি আৰু বি২চি বৈঠকৰ উপৰিও সমগ্ৰ ভাৰতৰ ৫০ জনতকৈও অধিক প্ৰদৰ্শকৰ অংশগ্ৰহণেৰে তিনিদিনীয়াকৈ অনুষ্ঠিত হয় প্ৰদৰ্শনী।প্ৰদৰ্শনীত  সমগ্ৰ দেশৰ পৰা ৬,০০০ ৰো অধিক ব্যৱসায় আৰু বাণিজ্য দৰ্শনাৰ্থী অংশগ্রহণ কৰিব বুলি আশা কৰা হৈছে। আজি প্ৰদৰ্শনীৰ সময়ত খাদ্য সংসাধন ওপৰত এখন সন্মিলন আয়োজন কৰা হয়। সন্মিলনখনত খাদ্য সংসাধন  আৰু কৃষি উদ্যোগৰ ২০০ তকৈও অধিক জ্যেষ্ঠ ব্যৱস্থাপনা কৰ্মীয়ে  অংশগ্ৰহণ কৰে। তিনিদিনীয়াকৈ আয়োজন কৰা এই প্ৰদৰ্শনী অহা ১৬ ছেপ্টেম্বৰত সামৰণি পৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here