লেকমে ফেশ্বন উইকত ডিজাইন প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে আইএনআইএফডি গুৱাহাটীৰ ডিজাইনাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 29 August 2023

লেকমে ফেশ্বন উইকত ডিজাইন প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে আইএনআইএফডি গুৱাহাটীৰ ডিজাইনাৰ


 


W7s news,,,গুৱাহাটী, : গুৱাহাটীৰ আইএনআইএফডিৰ ডিজাইন বিভাগৰ ছাত্ৰী ৰিদ্ধি আগৰৱালা আৰু ছামান্তা লিম্বু(দ্বিতীয় ৰানাৰ্ছ আপ)য়ে সৃষ্টিশীল ডিজাইনৰ ধাৰণাসমূহ উপস্থাপন কৰি ‘দ্য ডিজাইন ফেষ্টিভেল: ছিজন ৯’ত বিশিষ্ট বিচাৰকসকলৰ দ্বাৰা উচ্চ প্ৰশংসিত হয়। এই ভাৰ্চুৱেল ইভেণ্ট এফডিচিআই - ভাৰতৰ প্ৰিমিয়াৰ ফেশ্বন আৰু লাইফষ্টাইল ইভেণ্টৰ সৈতে অংশীদাৰিত্বৰে আগন্তুক লেকমে ফেশ্বন উইকত প্ৰদৰ্শন কৰিবলৈ নিৰ্বাচনৰ বাবে আয়োজন কৰা হৈছিল।ফেশ্বন আৰু ইণ্টেৰিয়ৰ ডিজাইন উভয়ৰে ক্ষেত্ৰত প্ৰতিযোগিতাৰ বাছনিৰ বাবে ডিজাইন ধাৰণা, - 'ক্ৰাফ্ট টু ফেশ্বন'ত পৃথিৱীৰ দুটা পৃথক স্থানৰ সংস্কৃতি ব্যৱহাৰ কৰা হৈছে, য’ত এটা হৈছে ভাৰতৰ আৰু আনটো হৈছে বিশ্বৰ আন যিকোনো প্ৰান্তৰ। বিষয়বস্তুৰ প্ৰতি লক্ষ্য ৰাখি ফেশ্বন ডিজাইনৰ শিক্ষাৰ্থীসকলে নিজৰ সৃষ্টিৰাজীক ডিজাইন কৰি নতুন ৰূপ দিব লগা হয়। আনহাতে ইণ্টেৰিয়ৰ ডিজাইনৰ ছাত্ৰ-ছাত্ৰীসকলে অনুষ্ঠানটোৰ বাবে এটা ছেট বা ৰেম্প ডিজাইন কৰিব লগা হয়। বিচাৰকসকলে চিন্তা প্ৰক্ৰিয়া, ডিজাইন নান্দনিকতা, বিষয়বস্তুৰ সামঞ্জস্যতা আৰু বহনক্ষমতাৰ ওপৰত ভিত্তি কৰি কিদৰে বিষয়বস্তু পৰিৱেশন কৰিছিল তাৰ ওপৰত ভিত্তি কৰি বিচাৰ প্ৰক্ৰিয়া আগবঢ়াই নিয়ে।কৃতি টুলা -এপাৰেল ডিজাইনাৰ তথা ডিজাইন মেনেজাৰ, ফিৰদৌছ ভাৰিয়াভা-ভাৰত ফ্লৰিং এণ্ড টাইলছৰ উপাধ্যক্ষ, নীৰজ গাবা-সৃষ্টিশীল উদ্যোগী, অনুপ্ৰেৰণামূলক বক্তা আৰু ইমেজ কনচালটেণ্ট, ছেফালি বসুদেৱ-দ্য ভইচ অৱ ফেশ্বনৰ মুখ্য সম্পাদক আৰু বলীউডৰ অভিনেতা অমন বাৰ্মা সহিতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে শিক্ষাৰ্থীসকলৰ প্ৰতিভা বিচাৰ কৰে । পূৰ্বতে লেকমে ফেশ্বন উইক এক্স এফডিচিআইৰ সময়ত চেলিব্ৰিটি আয়োজক বলীউড তাৰকা নেহা ধুপিয়া, ছোহা আলী খান আৰু গৌহৰ খানে বিজয়ীসকলে ডিজাইন কৰা সৃষ্টিৰাজী পৰিধান কৰি 'আইএনআইএফডি লঞ্চপেড' শ্ব'ত শ্ব' ষ্টপাৰ হিচাপে ৰেম্পত শোভাবৰ্ধন কৰে।অহা অক্টোবৰ মাহত শ্ৰেষ্ঠজনে মাৰিব প্ৰাপ্তিৰ হাঁহি, “দ্য ডিজাইন ফেষ্টিভেল”ৰ প্ৰতিভাৱান বিজয়ীয়ে পৰিধান কৰিব বিজয়ীৰ মুকুট। একাংশ নিৰ্বাচিত ফেশ্বন ডিজাইনৰ শিক্ষাৰ্থীয়ে লেকমে ফেশ্বন উইক এক্স এফডিচিআইৰ সময়ত অনুষ্ঠিত হ’বলগীয়া সন্মানীয় ‘আইএনআইএফডি লঞ্চপেড’ অনুষ্ঠানত নিজৰ কালেকচন বা সৃষ্টিৰাজী প্ৰদৰ্শনৰ বিৰল সুযোগ লাভ কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here