মাৰোৱাৰী সন্মিলন গুৱাহাটী শাখা আৰু মাৰোৱাৰী হাস্পতালৰ সহযোগত টপচেম চিমেণ্টৰ ৰক্তদান শিবিৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 5 August 2023

মাৰোৱাৰী সন্মিলন গুৱাহাটী শাখা আৰু মাৰোৱাৰী হাস্পতালৰ সহযোগত টপচেম চিমেণ্টৰ ৰক্তদান শিবিৰ


 


W7s news,,,গুৱাহাটী, ৫ আগষ্ট,: উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ চিমেণ্ট ব্ৰেণ্ড টপচেম চিমেণ্টে আজি ৰাইজৰ সেৱাৰ উদ্দেশ্যে দিনটো উৎসৰ্গা কৰি নিজৰ কৰ্মচাৰী আৰু অংশীদাৰসকলৰ মাজত ৰক্তদান শিবিৰৰ আয়োজন কৰে। মাৰোৱাৰী সন্মিলন গুৱাহাটী শাখা আৰু মাৰোৱাৰী হাস্পতালৰ সহযোগত আয়োজিত ৰক্তদান শিবিৰত টপচেম চিমেণ্টৰ কৰ্মচাৰী আৰু অংশীদাৰসকলে সক্ৰিয়ভাবে অংশগ্ৰহণ কৰে। গুৱাহাটীৰ ব্লাড বেংকসমূহত অহৰহ তেজৰ সতেজ যোগানৰ প্ৰয়োজন আছে , এই প্ৰয়োজন পূৰাবলৈ  আৰু ৰক্ত সঞ্চালনৰ প্ৰয়োজন হোৱা লোক সকলক সহায় কৰাৰ উদ্দেশ্যে টপচেম চিমেণ্টে এই অভিযান আৰম্ভ কৰে। গুৱাহাটীৰ জি এছ ৰোডৰ মেগা প্লাজাৰ পঞ্চম মহলাত এই শিবিৰৰ উদ্বোধন কৰি টপচেম চিমেন্টৰ বিক্ৰী আৰু বিপননৰ অধ্যক্ষ ডক্তৰ অনিল কাপুৰে কয় যে- ‘টপচেম চিমেণ্টে সদায় সামাজিক উন্নয়নৰ বাবে বিভিন্ন কামত অৰিহণা যোগাই আহিছে। আন সকলো কামৰ লগতে টপচেমে পূৰ্বতে ৰক্তদান শিবিৰৰো আয়োজন কৰিছে। এই পৰম্পৰা অনুসৰি এইবাৰ আমি শিবিৰৰ বাবে মাৰোৱাৰী সন্মিলন, গুৱাহাটী শাখাৰ সৈতে জড়িত হওঁ। টপচেম চিমেণ্টৰ ৰক্তদান শিবিৰ ইজনে আনজনৰ প্ৰতি মৰম আৰু চিন্তা প্ৰকাশৰ মাধ্যম, যিহেতু এটোপাল তেজৰ অৰ্থ আনৰ বাবে পৃথিৱী সম হ’ব পাৰে। এই পদক্ষেপৰ প্ৰতি কোম্পানীটোৰ দায়বদ্ধতাই সকলোৰে বাবে এক উন্নত আৰু সুস্থ ভৱিষ্যত গঢ়ি তোলাৰ বাবে থকা নিষ্ঠাক উজাগৰ কৰে। টপচেম চিমেন্টৰ কৰ্মচাৰী আৰু অংশীদাৰসকলে মাৰোৱাৰী হাস্পতালৰ ব্লাড বেংকক ২৩ ইউনিট তেজ  দান দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here