গুৱাহাটীৰ শিলপুখুৰীত আইডেষ্টিনি এপল সেৱা কেন্দ্ৰ মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 12 August 2023

গুৱাহাটীৰ শিলপুখুৰীত আইডেষ্টিনি এপল সেৱা কেন্দ্ৰ মুকলি

 


W7s news গুৱাহাটী: গুৱাহাটীৰ আগশাৰীৰ এপল প্ৰিমিয়াম ৰিচেলাৰ আইডেষ্টিনিয়ে জি এন বি ৰোডৰ শিলপুখুৰীত ৰোডত  অত্যাধুনিক সেৱা কেন্দ্ৰ উদ্বোধন কৰে।এই কেন্দ্ৰৰ জৰিয়তে এপল উৎসাহী গ্ৰাহকসকলক উন্নত মানদণ্ডৰ সেৱা প্ৰদান কৰাৰ লগতে  অতুলনীয় সমৰ্থন আগবঢ়োৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।উৎকৃষ্টতা সেৱাৰ সৈতে আইডেষ্টিনি সেৱা কেন্দ্ৰই মেকবুক, আইপেড, আইফোন, ঘড়ী, এয়াৰপড আৰু এপলৰ আনুষঙ্গিক সামগ্ৰীকে ধৰি হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ সমৰ্থন আগবঢ়াব।কেন্দ্ৰৰ বিশেষজ্ঞ টেকনিচিয়ানসকলে গ্ৰাহকক নতুন অভিজ্ঞতাৰ লগতে মেৰামতি আৰু সেৱাৰ প্ৰয়োজনীয়তাত নিশ্চয়তা প্ৰদান কৰিব।আইডেষ্টিনিৰ সঞ্চালক বিজয় দুগাৰে কয় যে "আমি গুৱাহাটীত আমাৰ মূল্যৱান গ্ৰাহকসকলৰ বাবে ৫ তাৰকাৰ অভিজ্ঞতা আনিবলৈ উৎসাহিত হৈছো।"এই সেৱা কেন্দ্ৰটো মুকলি কৰি এপল সামগ্ৰীৰ লগতে গ্ৰাহকক সেৱা প্ৰদানৰ দিশটোত এক নিৰ্ভৰযোগ্য স্থান হিচাপে চিহ্নিত হব। আইডেষ্টিনি হৈছে গুৱাহাটীৰ এক্সক্লুশিপ এপল প্ৰিমিয়াম ৰিচেলাৰ। আনহাতে চিটি চেণ্টাৰ মলত আৰু অসম সচিবালয়ৰ বিপৰীতে আছে ইয়াৰ খুচুৰা বিপনী। এই নতুন সেৱা কেন্দ্ৰটোৱে আইডেষ্টিনিক গুৱাহাটীৰ এপল আফিচিওনাডোসকলৰ বাবে পছন্দৰ খুচুৰা গন্তব্য স্থান হিচাপে বিবেচিত হব।এই কেন্দ্ৰৰ পৰা গ্ৰাহকসকলে  লাভালাভৰ আশা কৰিব পাৰিব আৰু  মেৰামতিৰ সুবিধাৰ লগতে তেওঁলোকৰ দৈনন্দিন সমস্যাৰ পৰা সমাধান লাভ কৰিব। হাৰ্ডৱেৰৰ সমস্যা হওঁক বা ছফ্টৱেৰ সমস্যাই হওঁক আইডেষ্টিনিৰ বিশেষজ্ঞৰ দলটো সকলো ধৰণৰ সমস্যাৰ সমাধান  কৰিবলৈ  প্ৰস্তুত। সেৱা কেন্দ্ৰটো এপল সম্পৰ্কীয় সকলো প্ৰয়োজনীয়তা পুৰণ কৰিবলৈ সক্ষম।কেন্দ্ৰটো আজিৰ পৰা গ্ৰাহকসকলৰ সেৱাৰ বাবে মুকলি কৰা হৈছে। তেওঁ কয় যে আমি এই অত্যাধুনিক সেৱা কেন্দ্ৰটো সমাজৰ সৈতে পৰিচয় কৰাই দিবলৈ পাই আনন্দিত হৈছো। আইডেষ্টিনিত   গ্ৰাহকসকলক  এপলৰ নতুন অভিজ্ঞতা দিবলৈ  প্ৰতিশ্ৰুতিবদ্ধ, আৰু এই সেৱা কেন্দ্ৰটো গ্ৰাহকৰ বাবে এক বিশেষ গুৰুত্বপূৰ্ণ স্থান হিচাপে চিহ্নিত হব বুলি আশা প্ৰকাশ কৰে ব্যৱসায় প্ৰৱন্ধক ৰাজশ্ৰী বেনাৰ্জীয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here