W7s news,,,,,গুৱাহাটী ১৯ জুলাই।
মাচখোৱা আইটিএ চেণ্টাৰত ৰটাৰী ক্লাবৰ গুৱাহাটী স্মাৰ্ট চিটিৰ সষ্টমশপত আৰু প্ৰতিষ্ঠা দিৱস অনুষ্ঠানৰ আয়োজন কৰা হয়। কাৰ্যসূচী উদ্বোধন কৰি সভাপতি মন্তু পালে সকলোকে আদৰণি জনায়। সম্পাদক সন্দীপনে বৰ্ক্ষিক প্ৰতিবেদন প্ৰস্তুত কৰে, তাৰ পিছত কোষাধ্যক্ষ সম্ৰাট সাহে আয়-ব্যয়ৰ হিচাপ সদস্য সকলৰ সন্মুখত দাখিল কৰে, যিটো গৃহীত কৰা হয়। ইয়াৰ পিছতে আগন্তুক অধিৱেশনৰ বাবে ৰবি আগৰৱালাৰ নাম সভাপতি হিচাপে ঘোষণা কৰা হয়, তাৰ পিছতে নৱনিৰ্বাচিত সভাপতিগৰাকীয়ে কাৰ্যভাৰ শপত গ্ৰহণ কৰে। ইয়াৰ পিছত আগৰৱালা নিজৰ কাৰ্য্যকৰী সমিতিৰ সদস্যৰ নাম ঘোষণা কৰে। অভিষেক জৈনৰ উপৰিও সম্পাদক হিচাপে, মানস মজুমদাৰক কোষাধ্যক্ষ, ড° মন্তু পাল, ড° বি পি টোডী, উত্তম কোথাৰী আদি অন্তৰ্ভুক্ত কৰা হৈছে। এই উপলক্ষে বিশেষ অতিথি হিচাপে উপস্থিত থাকে গৌহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মধুচন্দ্ৰ ভট্টাচাৰ্য। ক্লাবৰ সকলো সদস্যৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি নৱনিৰ্বাচিত সভাপতি শ্ৰীযুত আগৰৱালে তেওঁৰ ভাষণত কয় যে তেওঁৰ কাৰ্যকালত ক্লাবটোক নতুন উচ্চতালৈ লৈ যাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব, য’ত তেওঁক সকলো সদস্যৰ সম্পূৰ্ণ সহযোগিতাৰ প্ৰয়োজন।
No comments:
Post a Comment