চিটি চেণ্টাৰৰ এক্সক্লুছিভ শ্ব'ৰুমত অ'প্পো ৰেনো ১০চিৰিজ মুকলি কৰে অভিনেত্ৰী প্ৰিয়ম পল্লৱী কাশ্যপে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 13 July 2023

চিটি চেণ্টাৰৰ এক্সক্লুছিভ শ্ব'ৰুমত অ'প্পো ৰেনো ১০চিৰিজ মুকলি কৰে অভিনেত্ৰী প্ৰিয়ম পল্লৱী কাশ্যপে

 



W7s news গুৱাহাটী : দেশৰ আগশাৰীৰ স্মাৰ্টফোন নিৰ্মাতা অ'প্পোৱে বজাৰত মুকলি কৰি দিছে নতুন অ'প্পো ৰেনো ১০ ছিৰিজৰ স্মাৰ্ট ম'বাইল।    গুৱাহাটীৰ জি এছ ৰোডৰ চিটি চেণ্টাৰৰ তৃতীয় মহলাত থকা অপ্পো এক্সক্লুছিভ শ্ব'ৰুমত আজি বিশেষ অতিথি ৰূপে উপস্থিত থকা অভিনেত্ৰী প্ৰিয়ম পল্লৱী কাশ্যপে নতুন অপ্পো ৰেনো ১০ছিৰিজৰ স্মাৰ্টফোন মুকলি কৰে। অনুষ্ঠানটোত কোম্পানীৰ মাণ্ডলীক বিক্ৰী প্ৰবন্ধক আনিশুজ জামান, এল এফ আৰ মূৰব্বী সন্দ্বীপ চৌধুৰীৰ লগতে  অ'প্পো শ্ব'ৰুমৰ সদস্য সকল উপস্থিত থাকে। মুকলি অনুষ্ঠানত ভাষণ প্ৰদান কৰি অভিনেত্ৰী প্ৰিয়ম পল্লৱী কাশ্যপে কয় যে অ'প্পো সদায়ে স্মাৰ্ট ফোন আৰু আই আই টি সামগ্ৰীৰ আটাইতকৈ প্ৰিয়, অভিনৱ আৰু ষ্টাইলিছ ব্ৰেণ্ড। বিক্ৰীৰ দিশত অপ্পো দেশৰ ভিতৰতে শীৰ্ষত। এইটো যুৱক আৰু মহিলাসকলৰ বাবে সঠিক সংমিশ্ৰণ। অসম আৰু উত্তৰ-পূবৰ লোকসকলে এই ফোনটো ভাল পাব বুলি আশা প্ৰকাশ কৰে।অ'প্পো ৰেনো ১০প্ৰ+, অ'প্পো ৰেনো ১০প্ৰ আৰু অ'প্পো ৰেনো ১০ চিৰিজ তিনিটা ভেৰিয়েন্টত উপলব্ধ হৈছে। অ আই এছৰ সৈতে ৰেনো ১০প্ৰ+ চিৰিজত উপলদ্ধ হৈছে প্ৰথম টেলিফটো পোট্ৰেইট কেমেৰাৰ লগতে ১০০ৱাৰ্ডৰ চুপাৰ ভি অ অ'চি ফ্লেছ চাৰ্জিঙৰ সৈতে ৰেনোৰ ইতিহাসত দ্ৰুততম চাৰ্জিং স্পীড। একেদৰে প্ৰথমবাৰৰ বাবে থিননেষ্ট আৰু লাইটেষ্ট পেৰিস্কোপ কেমেৰা ফোন আৰু ফ্লেগশ্বিপ লেভেল স্নেপড্ৰেগন ৮+ ম'বাইল প্লেটফৰ্মৰ সুবিধা উপলদ্ধ হৈছে।অনুষ্ঠানটোত বক্তব্য ৰাখি কোম্পানীৰ মাণ্ডলীক বিক্ৰী প্ৰবন্ধক অনিশুজ জামানে কয় যে ৰেনো ১০ চিৰিজে প্ৰতিশ্ৰুতি দিয়া সকলো মূল্যৰ বাবে আৰু অ'প্পোৱে উন্নত ডিজাইন আৰু প্ৰযুক্তিৰ সৈতে আপোনাক অধিক সুবিধা প্ৰদান কৰিব। ৰেনো ১০ চিৰিজ টেলিফটো পোট্ৰেইট কেমেৰাৰ বাবে জনাজাত আৰু উপলদ্ধ কৰা হৈছে ১০০ৱাৰ্ডৰ চুপাৰ ভি অ অ'চি ফ্লেছ চাৰ্জিঙৰ সৈতে ৰেনোৰ ইতিহাসত দ্ৰুততম চাৰ্জিং স্পীড। ৰেনো ১০প্ৰ+  চিৰিজত ৫৪,৯৯৯ টকাত উপলদ্ধ হোৱাৰ লগতে ৰেনো ১০প্ৰ ৩৯,৯৯৯ টকাত শ্ব'ৰূমত গ্ৰহকে লাভ কৰিব। শ্ব'ৰূমৰ এলএফ আৰ মুৰব্বী সন্দ্বীপ চৌধুৰীয়ে লগতে কয় যে ৰেনো ১০প্ৰ+ আৰু ৰেনো ১০প্ৰ চিৰিজ স্মাৰ্টফোন ক্ৰয় কৰা গ্ৰাহকে লাভ কৰিব আকৰ্ষণীয় অফাৰ বিশেষকৈ যেনে আগশাৰীৰ আই চি আই চি আই, এইচ ডি এফ চি, কোটাক আৰু এছ বি আই কাৰ্ডত ১০% লৈকে কেছ বেক। লগতে ৯ মাহলৈকে নো কষ্ট ইএমআই আৰু লো ডাউন পেমেণ্ট ফাইনেন্স অফাৰ। এই অফাৰ সমূহ কেৱল সীমিত সময়ৰ বাবে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here