অসমৰ শিশুসকলৰ বাবে টপচেম চিমেন্টৰ পঞ্চম সংস্কৰণৰ “ফটা ওঠ আৰু তালুৰ বিনামূলীয়া অস্ত্ৰোপচাৰ” - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 21 June 2023

অসমৰ শিশুসকলৰ বাবে টপচেম চিমেন্টৰ পঞ্চম সংস্কৰণৰ “ফটা ওঠ আৰু তালুৰ বিনামূলীয়া অস্ত্ৰোপচাৰ”

 

W7s news গুৱাহাটী,: উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ চিমেন্ট উৎপাদন কোম্পানী টপচেম চিমেন্টে আজি তেওঁলোকৰ ফ্লেগশ্বিপ ইনিচিয়েটিভ “ফ্ৰী ক্লেফ্ট লিপ এণ্ড পেলেট চাৰ্জাৰী (ফটা ওঠ আৰু তালুৰ বিনামূলীয়া অস্ত্ৰোপচাৰ) কেম্প ৰ পঞ্চম সংস্কৰণ মুকলি কৰাৰ কথা ঘোষণা কৰে। এই পদক্ষেপ চৰকাৰী পঞ্জীয়নভুক্ত এটা মেডিকেল চেৰিটেবল ট্ৰাষ্ট মিছন স্মাইলৰ সহযোগত আৰম্ভ কৰা হয়। অহা ২২ জুনৰ পৰা ২৬ জুনলৈ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত মূখ্য কাৰ্যালয় থকা মিছন স্মাইলৰ গুৱাহাটী কম্প্ৰিহেন্সিভ ক্লেফ্ট লিপ চেন্টাৰত টপচেম চিমেন্টৰ দ্বাৰা দক্ষ চিকিৎসকৰ তত্বাৱধানত মুঠ ২৫ গৰাকী শিশুক বিনামূলীয়াকৈ ফটা ওঠ আৰু তালুৰ অস্ত্ৰোপচাৰ কৰা হ'ব। আজি গুৱাহাটীত ফ্লেগশ্বিপ ইনিচিয়েটিভৰ শুভাৰম্ভ কৰি মেঘালয় চিমেন্টৰ চেলচ্ আৰু মাৰ্কেটিঙৰ অধ্যক্ষ ড: অনিল কাপুৰে কয় যে- “২০১৭ চনৰ পৰা টপচেম চিমেন্টে অসম আৰু মেঘালয়ৰ বিভিন্ন অঞ্চলৰ পৰা ১৩০ টাতকৈও  অধিক  শিশুক ফটা ওঠ আৰু তালুৰ অস্ত্ৰোপচাৰৰ ৱ্যৱস্হা কৰিছে। ১৩০ টাতকৈও  অধিক   অস্ত্ৰোপচাৰৰ ভিতৰত বিগত বৰ্ষত  মেঘালয়ত ২৫ টা অস্ত্ৰোপচাৰ সম্পূৰ্ণ কৰা হয়। এইবাৰ ২৫ টা অস্ত্ৰোপচাৰ অসমত কৰা হব।  আমি সমাজৰ উন্নতিৰ দিশত দায়বদ্ধ আৰু ভবিষ্যতেও এনেধৰণৰ কাম কৰি যাম বুলিও অধ্যক্ষ গৰাকীয়ে উল্লেখ কৰে”।


ক্লেফ্ট অস্ত্ৰোপচাৰৰ উপৰিও মিছন স্মাইলে ৰোগীসকলক অন্যান্য সংশ্লিষ্ট সহায়ক সেৱাও আগবঢ়াব, যেনে বিস্তৃত চিকিৎসা মূল্যায়ন, পুনৰগঠনমূলক অস্ত্ৰোপচাৰ যত অস্ত্ৰোপচাৰ, ঔষধ, পৰীক্ষা আৰু নাৰ্চিং অন্তৰ্ভুক্ত কৰা হৈছে। শিশু ৰোগীক শিশু জীৱনৰ পৰামৰ্শ, দন্ত চিকিৎসা, বাক চিকিৎসা, পুষ্টিৰ পৰামৰ্শ দিয়াৰ লগতে শিশু ৰোগীৰ নিৰীক্ষণৰো ব্যৱস্হা কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here