থাৰ্ড থিয়েটাৰৰ উদ্যোগত কলাগুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 21 June 2023

থাৰ্ড থিয়েটাৰৰ উদ্যোগত কলাগুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত

 

W7s news,,, গুৱাহাটী,,,কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উপলক্ষে জনপ্ৰিয় সামাজিক সাংস্কৃতিক অনুষ্ঠান থাৰ্ড থিয়েটাৰৰ উদ্যোগত জিলাভিত্তিক এখনি চিত্ৰাংকন আৰু ৰাভাদেৱৰ গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।  পি ডব্লিউ কনভেনচন চেন্টাৰত আয়োজিত উক্ত অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে থাৰ্ড থিয়েটাৰৰ সভাপতি 


ক্ষীৰোদ নাথ দাস , আবৃত্তিকাৰ দিপাঞ্জলী দাস পাঠক,  নৃত্য প্ৰতিযোগিতাৰ বিচাৰকৰ দায়িত্বত থকা নৃত্য শিল্পী জলী মণি শইকীয়া আৰু বনলতা বৈশ্যই ।  ইয়াৰ পিছতেই দিপাঞ্জলী দাস পাঠকে এটি কালজয়ী কবিতা "বিষ্ণুৰাভা এতিয়া কিমান ৰাতি" কবিতাটিৰে মঞ্চ মুকলি কৰে । নৃত্য প্ৰতিযোগিতাখনিৰ শুভাৰম্ভণি কৰে এটি বন্দনাৰে, থাৰ্ড থিয়েটাৰৰেই এগৰাকী কণমানি নৃত্য শিল্পী সংস্কৃতা মহন্তই । ইয়াৰ পিছতেই ১২০ গৰাকী প্ৰতিযোগিৰে সৈতে দুয়ো খনি প্ৰতিযোগিতা অতি সুন্দৰভাৱে অনুষ্ঠিত হয়। চিত্ৰাংকন প্ৰতিযোগিতাৰ বিচাৰকৰ আসন শুৱনি কৰিলে বিশিষ্ট চিত্ৰশিল্পী অৰুন্ধতি চৌধুৰীয়ে। ইয়াৰ উপৰিও এই সুন্দৰ অনুষ্ঠানটিত উপস্থিত থাকি কণমানিসকলক উৎসাহিত কৰে সৌন্দৰ্য্য বিশেষজ্ঞা ভানু শৰ্মাই আৰু কণমানি জনপ্ৰিয় কন্ঠশিল্পী আশ্বাস আয়ুস্মানেও গীত পৰিবেশন কৰি এই  অনুষ্ঠানটিৰ শোভা বঢ়ায়। ইয়াৰ মাজতেই কণমানি বহ্নিমানেও বৰ ধুনীয়াকৈ এটি বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত পৰিবেশন কৰে । বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ গীতৰ আধাৰত আয়োজিত নৃত্য প্ৰতিযোগিতাত 'ক' শাখাৰ প্ৰথম স্থান - কৃষ্টি স্নেহা লালুং, দ্বিতীয় স্থান - নিষ্ঠাজিতা ডেকা, তৃতীয় স্থান - আশ্ৰিতা দাস আৰু বিচাৰকৰ বিশেষ বঁটা লিজা গগৈয়ে পাবলৈ সক্ষম হয় ।খ' শাখাৰ প্ৰথম স্থান - আৰাত্ৰিকা খনিকৰ,দ্বিতীয় স্থান- তনিষ্ঠা শৰ্মা, তৃতীয় স্থান - কৃষ্ণাঞ্জলী ডেকা আৰু বিচাৰকৰ বিশেষ বঁটা শ্ৰী গায়ত্ৰী মুদৈয়ে পাবলৈ সক্ষম হয়। চিত্ৰাংকন প্ৰতিযোগিতাত 'ক' শাখাত প্ৰথম স্থান- মৃগাক্ষী শৰ্মা, ২ম স্থান- আদেৰ্শা দত্ত, ৩য় স্থান - কৃষ্ণা অংগনা বৈশ্য আৰু বিচাৰকৰ বিশেষ বঁটা প্ৰীয়াংশি তালুকদাৰ আৰু আৰ্থমিকা খনিকৰে লাভ কৰে । 'খ' শাখাৰ  প্ৰথম স্থান - ঋতুপৰ্ণ ৰয়, দ্বিতীয় স্থান - যোনেইড আয়ুব, তৃতীয় স্থান - নাফিছা য়াস্মিনৰ লগতে বিচাৰকৰ বিশেষ বঁটা ৰূপাঙ্কণা কল্যাণী বৈশ্য আৰু দিপ্তাঞ্চু চেটাৰ্জীয়ে লাভ কৰে । এই কনমানি সকলৰ ছবি আৰু নৃত্যই প্ৰেক্ষাগৃহত উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে । থাৰ্ড থিয়েটাৰে অহা ৫ জুলাইৰ পৰা ২০ জুলাইলৈকে অভিনয় আৰু নৃত্যৰ কৰ্মশালাৰ লগতে এখনি নাটকো অহা ২০ জুলাই তাৰিখে শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত মঞ্চস্থ কৰিব বুলি সম্পাদক বিজিত কুমাৰ দাসে অবগত কৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here