পহিলা জুলাইত ৰেডিচন ব্লু গুৱাহাটীত দৃষ্টিনন্দন ৰূপত পুনৰ মুকলিৰ ঘোষণা নেষ্ট এছিয়াৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 27 June 2023

পহিলা জুলাইত ৰেডিচন ব্লু গুৱাহাটীত দৃষ্টিনন্দন ৰূপত পুনৰ মুকলিৰ ঘোষণা নেষ্ট এছিয়াৰ

 



W7s news গুৱাহাটী : ৰেডিছন ব্লু গুৱাহাটীৰ আগশাৰীৰ এছিয়ান খাদ্যৰ গন্তব্যস্থলী নেষ্ট এছিয়াই অহা পহিলা জুলাইত বহু প্ৰত্যাশিত ঐতিহ্যমণ্ডিত ৰেষ্টুৰেণ্টখন পুনৰ মুকলি কৰাৰ কথা ঘোষণা কৰি অতিশয় আনন্দিত হৈ পৰিছে। উৎকৃষ্টতাৰ প্ৰতি অটল দায়বদ্ধতা আৰু ডেলিভাৰীৰ প্ৰতি আকৰ্ষণেৰে নেষ্ট এছিয়াই পৃষ্ঠপোষকসকলক সোৱাদ, শিল্পকলা আৰু পৰিৱেশৰ এক আকৰ্ষণীয় যাত্ৰাত নামিবলৈ আমন্ত্ৰণ জনায়। এক অসাধাৰণ ভোজনৰ অভিজ্ঞতা প্ৰদান কৰাৰ আগ্ৰহেৰে নেষ্ট এছিয়াই উৎকৃষ্টতাৰ প্ৰতি অটল দায়বদ্ধতাসহকাৰে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিক সোৱাদ, শিল্পকলা আৰু চৌপাশৰ এক মনোমোহা পৰিৱেশৰ অংশীদাৰ হ'বলৈ সকলোকে আমন্ত্ৰণ জনাইছে।

'নেষ্ট এছিয়া'ই বিশ্বমানৰ চেফৰ এটা দলৰ সহযোগত উদ্ভাৱন আৰু ৰন্ধন প্ৰণালীৰ অভিনৱত্বৰে যত্নসহকাৰে প্ৰস্তুত কৰিছে বিবিধ খাদ্যসম্ভাৰৰ মেনু। নতুন খাদ্যতালিকাত  পৰম্পৰাগত এছিয়ান খাদ্যৰ সোৱাদ যেনে কুং পাও চিকেন, চেচুয়ান চিলি বিন পেষ্টত এগ প্লাণ্ট, লেমন গ্ৰাছ প্ৰন এণ্ড ভেজ, ব্লেক বীন চছত শ্লাইচ চিকেন আৰু সুস্বাদু খাদ্যৰ জুতিৰ সংমিশ্ৰণ পোৱা যায়, যাৰ জৰিয়তে খাদ্যৰসিকে এক নতুন অনুভূতি অনুভৱ কৰিব আৰু সোৱাদৰ বাবে শৰীৰৰ  ৰুচি সংবেদনৰ ইন্দ্ৰিয়সমূহক যেন জাগ্ৰতহে কৰি তুলিব। এই নতুন ৰেস্তোৰাঁত থাকিব ষ্ট্ৰীট ফুডৰ সুস্বাদু খাদ্যৰ পৰা আৰম্ভ কৰি বিশেষভাৱে প্ৰস্তুত কৰা চিগনেচাৰ ব্যঞ্জনলৈ, গ্ৰাহকক এছিয়ান খাদ্যৰ সুবিশাল খাদ্যসম্ভাৰ প্ৰদান কৰিবলৈ যত্ন কৰা হৈছে। 'নেষ্ট এছিয়াত আমি সন্মানীয়-বিশিষ্ট অতিথি আৰু নিষ্ঠাবান কৰ্মচাৰীসকলৰ সুৰক্ষা আৰু কল্যাণৰ বিষয়টোক সৰ্বাধিক অগ্ৰাধিকাৰ দিওঁ। আমি নেষ্ট এছিয়াৰ চৌহদত কঠোৰ স্বাস্থ্য আৰু অনাময় প্ৰট'কল ৰূপায়ণ কৰিছো, যাতে এক নিৰাপদ আৰু সুখদায়ক ভোজনৰ অভিজ্ঞতা সুনিশ্চিত হয়। আমাৰ লক্ষ্য হৈছে এনে এক পৰিৱেশ তৈয়াৰ কৰা য'ত অতিথিয়ে কোনো চিন্তা বা উদ্বেগ অবিহনে নিজৰ সময়খিনি সম্পূৰ্ণৰূপে উপভোগ কৰিব পাৰে", এইদৰে কয় ৰেষ্টুৰেণ্টখনৰ এজন মুখপাত্ৰই।

নে


ষ্ট এছিয়াই এই গ্ৰেণ্ড ৰিঅ’পেনিং উদযাপনৰ বাবে এছিয়ান খাদ্যৰ অনুৰাগী, বিচক্ষণ ভোজনকাৰী আৰু অবিস্মৰণীয় ডাইনিং অভিজ্ঞতা বিচৰা লোকসকলক সাদৰেৰে আমন্ত্ৰণ জনাইছে। নিজৰ আসন সংৰক্ষণৰ বাবে এতিয়াই যোগাযোগ কৰিব পাৰিব ৮৮১১০-৯৯৩৯নম্বৰত।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here