ফুডিস্থান এন এইচ৩৭, অসমত প্ৰৱেশ কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো হাইৱে ফুড ক’ৰ্টে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 19 June 2023

ফুডিস্থান এন এইচ৩৭, অসমত প্ৰৱেশ কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো হাইৱে ফুড ক’ৰ্টে

 


এই ফুডক’ৰ্ট উদ্বোধন কৰে মাষ্টাৰচেফ ইণ্ডিয়া ২০২৩ৰ বিজয়ী নয়নজ্যোতি শইকীয়াই



W7s news গুৱাহাটীঃ উত্তৰ-পূৰ্বাঞ্চলৰ দ্ৰুতগতিত বিকাশ লাভ কৰা এফ এণ্ড বি প্ৰতিষ্ঠান জগ্গন ফুডটেক গ্ৰুপে আজি গুৱাহাটীৰ এয়াৰপ’ৰ্ট ৰোডস্থিত ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ বিপৰীতে ধাৰাপুৰ জংচনত আনুষ্ঠানিকভাৱে মুকলি কৰিলে প্ৰথমখন ফুড ক’ৰ্ট ফুডিস্থান এন এইচ৩৭ । অসমত এইখন হৈছে গ্ৰুপটোৰ প্ৰথমখন ফুড ক'ৰ্ট। ফুড ক’ৰ্টখনৰ শুভ উদ্বোধন কৰে মাষ্টাৰচেফ ইণ্ডিয়া ২০২৩ৰ বিজয়ী নয়নজ্যোতি শইকীয়াই।ফুডিস্থান এন এইচ৩৭ হৈছে উত্তৰ-পূব ভাৰতৰ প্ৰথমখন ঘাইপথ গন্তব্যস্থান ধাৰণা, যাক প্ৰস্তুত কৰিছে ইয়াৰ প’ৰ্টফলিঅ’ৰ অধীনত সফলতাৰে  মষ্ট বিৰিয়ানি ফ্লেগশ্বিপ ব্ৰেণ্ড পৰিচালনা কৰাৰ দশকজোৰা অভিজ্ঞতাৰে পুষ্ট  ছিৰিয়েল ৰেষ্টুৰেণ্টৰ  প্ৰাঞ্জল চেতিয়াই ।এই ফুড ক’ৰ্ট মুকলি অনুষ্ঠানত ভাষণ দি জগ্গন ফুডটেক গ্ৰুপৰ প্ৰতিষ্ঠাপক  প্ৰাঞ্জল চেতিয়াই কয়, " ফুডিস্থান এন এইচ৩৭ - য়ে ৱান ষ্টপ ফুড এণ্ড বেভাৰেজ গন্তব্যস্থানৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। সুৰক্ষা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, জিৰণি কোঠা আৰু মানৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি বিভিন্ন কুইজিনত  খাদ্য আৰু শীতল পানীয় পৰিবেশনেৰে উত্তৰ পূৰ্বাঞ্চলৰ ঘাইপথ যাত্ৰাক সুখদায়ক কৰি তোলাত আমি গুৰুত্ব আৰোপ কৰিম । ইয়াত আমি প্ৰতিগৰাকী অতিথিক সঁচাকৈ অনন্য হাইৱে ডাইনিং অভিজ্ঞতা লাভ কৰিবলৈ অন্তকৰণেৰে আদৰণি জনাইছো । মিডৱে সুবিধা, লাইভ, আৰ্ট আৰু ইয়াৰ বিভিন্ন ৰেঞ্জৰ খাদ্য ব্ৰেণ্ডৰ ফুড ফিউজনৰ যাদুকৰী পৰিবেশৰ আনন্দ লওক ।


জগ্গন ফুডটেক গ্ৰুপৰ কৌশল সন্দৰ্ভত মন্তব্য কৰি প্ৰাঞ্জল চেতিয়াই কয়, “আমি হৈছোঁ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সংগঠিত ফুড ক’ৰ্ট পৰিচালক, যিয়ে বিভিন্ন বিক্ৰেতাৰ সৈতে খাদ্যৰ উপ-চুক্তি কৰা নাই, কিন্তু প্ৰতিটো ব্ৰেণ্ডে এক বিশেষ খাদ্যপ্ৰণালীৰ সোৱাদ দিব পৰাকৈ ৭টা হাউছ গঠন কৰিছোঁ।চমৎকাৰী ডাইনিং আৰু পৰম্পৰাগত কলাৰ সংমিশ্ৰণত এক ট্ৰেণ্ডি পৰিবেশত ফুডিস্থান এন এইচ৩৭ -য়ে মাটিৰ পাত্ৰত পৰিবেশন কৰা চাই চাইৰ দেশী চাহ, মষ্ট বিৰিয়ানিৰ খাটি ডম কুকড বিৰিয়ানি, থালাইবাৰ টিফিন অৰিজিনেল ছাউথ ইণ্ডিয়ান ড’ছা, কেবাব, য়’ পাণ্ডাৰ সোৱাদযুক্ত এছিয়ান চাইনীজ খাদ্য আৰু য়ামি ম’ম’ আৰু  নিশ্চিতভাৱে দা গ্ৰেব শ্বপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব ।আপোনাৰ অনাগত দিনবোৰৰ ঘাইপথ যাত্ৰাক সুখদায়ক কৰি তুলিবলৈ আমি আপোনালোকক দিনটোৰ ২৪ ঘন্টাই আমাৰ বিভিন্ন ব্ৰেণ্ডৰ খাদ্য আৰু পানীয়ৰ বিকল্প গ্ৰহণ কৰিবলৈ সাদৰেৰে  আদৰণি জনাইছোঁ ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here