বকো বালিঝাৰৰ আমিজান বিবিয়ে লাভ কৰিলে দহ লাখ টকাৰ অফাৰ ব্লেক টাইগাৰ চিমেন্টৰ তৰফৰ পৰা: - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 15 June 2023

বকো বালিঝাৰৰ আমিজান বিবিয়ে লাভ কৰিলে দহ লাখ টকাৰ অফাৰ ব্লেক টাইগাৰ চিমেন্টৰ তৰফৰ পৰা:




W7s news,,,,,নিৰ্মাণৰত চৰকাৰী বাসগৃহৰ ক্ৰ‌য় কৰা চিমেণ্টৰ পেকেটত পালে দহ লাখ টকাৰ উপহাৰ কুপন। আনুষ্ঠানিক কাৰ্য্যসূচীৰে চেক বিতৰণ কৰ্তৃপক্ষৰ।প্ৰথমে সপোনৰ ঘৰখন সাজি ল'ম। একেদৰে ল'ৰা ছোৱালী কেইটাৰ পঢ়া শুনাৰ বাবদ ধন জমা ৰাখিব লাগিব। এইদৰে আজি উৎফুল্লিত ভাবে বকো বালিঝাৰ নিবাসী দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা আনোৱাৰা হুছেইনৰ পত্নী আমিজান বিবিৰ। দৰাচলতে উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ চিমেণ্ট কোম্পানী গল্ডষ্টোন চিমেণ্ট লিমিটেডৰ ব্লেক টাইগাৰ চিমেন্টত  Dus ka Dum2 আঁচনিৰ জৰিয়তে আগবঢ়োৱা দহ লাখউপহাৰৰ কুপন লাভ কৰিবলৈ সক্ষম হয় আমিজান বিবিয়ে। বকোৰ  বালিঝাৰ নিৱাসী আনোৱাৰ হুছেইনৰ পত্নী আমিজান বিবিৰ নামত অহা নিৰ্মাণৰত চৰকাৰী বাসগৃহৰ বাবে বালিঝাৰ আঞ্চলিক বজাৰৰ ডিলাৰ মহিৰুদ্দিন শ্বেখৰ দোকানৰ পৰা চাৰিবেগ ব্লেক টাইগাৰ চিমেন্ট ক্ৰয় কৰিছিল যোৱা ১৭মে'ৰ দিনা। সৌভাগ্যৰ বিষয় যে, চাৰিবেগ চিমেণ্টৰ এটাৰ পৰা দহ লাখ টকা অফাৰৰ উপহাৰ কুপন লাভ কৰিবলৈ সক্ষম হয়। দৰিদ্ৰ পৰিয়ালটোৰ মুখত হাঁহি ফিৰিঙতি উঠিল। আজি ব্লেক টাইগাৰ চিমেন্টে আগবঢ়োৱা Dus ka Dum2 আঁচনিৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালটোৱে লাভ কৰা দহ লাখ টকাৰ চেক আনুষ্ঠানিক ভাৱে বিতৰণ কৰা হয় আমিজান বিবিলৈ। অভিলাষী আঁচনিৰ জৰিয়তে বকোৰ বালিঝাৰৰ আমিজান বিবিয়ে লাভ কৰা দহ লাখ টকাৰ চেক বিতৰণ কৰিবলৈ আজি দিনৰ ভাগত বালিঝাৰ আঞ্চলিক বজাৰ সমিতিৰ কাৰ্য্যালয়ৰ সভা কক্ষত আয়োজন কৰে চেক বিতৰণী সভা। ব্লেক টাইগাৰ চিমেণ্ট কোম্পানীৰ উদ্যোগত এক জনসমাগম হোৱা অনুষ্ঠানত বালিঝাৰৰ দুখীয়া মহিলা আমিজান বিবিৰ সহিতে স্বামী 

আনোৱাৰ হুছেইনৰ সহিতে ভাতৃ আক্ৰাম হুছেইনকো চিমেণ্ট কোম্পানীৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোচাৰ লগতে অভিনন্দন জনাই আনুষ্ঠানিক ভাৱে চেকখন বিতৰণ কৰে আমিজান বিবিক। ব্লেক টাইগাৰ চিমেণ্টৰ কোৱালিটি ভাল বুলি মিস্ত্ৰী কাম কৰা ভাতৃৰ কথা মতে আমিজান বিবিসহ স্বামীয়ে  এই কোম্পানীটোৰ চিমেণ্ট ক্ৰয় কৰিছিল। একেদৰে ব্লেক টাইগাৰ চিমেণ্টৰ বিষয়ববীয়া সকলেও তেওঁলোকে যি আঁচনি ৰূপায়ন কৰিছে তাৰ দ্বাৰা যে এগৰাকী দৰিদ্ৰ পৰিয়াল উপকৃত হ'ব পাৰিছে তাক লৈ সুখী বুলি মত প্ৰকাশ কৰে। সমান্তৰালভাবে চিমেণ্ট ডিলাৰ গৰাকীয়েও কয় যে, বিগত চাৰি মাহ পূৰ্বে ব্লেক টাইগাৰ চিমেণ্টৰ ডিলাৰ লৈ গ্ৰাহকৰ পৰা যথেষ্ট উপকৃত ।  গল্ডষ্টোন চিমেণ্ট লিমিটেডৰ ব্লেক টাইগাৰ চিমেণ্টৰ আঁচনি অনযায়ী প্ৰতিটো বেগত দহ টকাৰ পৰা দহ হাজাৰ লৈ উপহাৰ কুপন পোৱা যায়। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত দুটা নাম্বাৰ ৱান দহ লাখ টকাৰ কুপন ৰ ভিতৰত প্ৰথমে এটা বকোৰ বালিঝাৰত দৰিদ্ৰ পৰিয়ালটোৱে পোৱাত ডিলাৰ হিচাবে যথেষ্ট সুখী বুলি সংবাদ মাধ্যমৰ আগত কয়। গল্ডষ্টোন চিমেণ্ট লিমিটেডৰ ব্লেক টাইগাৰ চিমেণ্টৰ  অসম জনৰ পৰিচালন সঞ্চালক মণ্ডলীৰ হাদিউল ইছলাম, গীৰিধাৰী মুখাৰ্জী , সহযোগী পৰিচালক ৰণজিৎ গুপ্তা, সহকাৰী পৰিচালক বিশ্বজিৎ দাসকে ধৰি বহু কেইজন চিমেণ্ট কোম্পানীৰ বিষয়ববীয়া উপস্থিত থাকে। আমিজান বিবিক দহ লাখ টকাৰ চেক বিতৰণ কৰা অনুস্থানত উপস্থিত থাকে বালিঝাৰ আঞ্চলিক বজাৰ সমিতিৰ সভাপতি মতিউৰ ৰহমান,ছমৰীয়া সত্ৰ সমবায় সমিতিৰ সভাপতি আমিৰ আলী। আমিজান বিবিক দহ লাখ টকীয়া চেক বিতৰণ অনুস্থানত ব্লেক টাইগাৰ চিমেন্টৰ গুণাগুণৰ ওপৰত আলোকপাত কৰে। ইফালে দহ লাখ টকাৰ চেক লাভ কৰি ভাগ্যবান আমিজান বিবিয়ে সুখী অনুভৱ কৰিছে আৰু ব্লেক টাইগাৰ চিমেন্টৰ উত্তোৰোত্তৰ কামনা কৰিছে। ইফালে আমিজান বিবিয়ে অফাৰ লাভ কৰাত শুভেচ্ছা আৰু অভিনন্দন জনাইছে গোল্ডষ্টোন চিমেণ্ট লিমিটেডৰ পৰিচালন সঞ্চালক সঞ্জয় কুমাৰ গুপ্তাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here