বজাৰত মুকলিকৈ বিক্ৰী হৈছে ডুপ্লিকেট টিএমটি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 5 May 2023

বজাৰত মুকলিকৈ বিক্ৰী হৈছে ডুপ্লিকেট টিএমটি


 

ভেজালকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ লোটাছ টিএমটিৰ


W7s news,,,গুৱাহাটী :  খাদ্য, প্ৰসাধন সামগ্ৰীৰ পিছত এইবাৰ ডুপ্লিকেট টিএমটি সৰিয়া বজাৰত বিক্ৰী কৰা হৈছে। কলকাতাৰ প্ৰতিষ্ঠিত বি ডি জি মেটাল এণ্ড পাৱাৰ লিমিটেৰ ব্ৰেণ্ডৰ লোটাছ এফই ৫০০+ পাৱাৰ অৱ নেচন’ৰ নামত‘ ডুপ্লিকেট  সৰিয়া অসমকে ধৰি উত্তৰ-পূবৰ বজাৰত বিক্ৰী কৰিবলৈ ধৰোঁতে এই তথ্য পোহৰলৈ আহে। এই ঘটনা পোহৰলৈ অহাৰ পিছত কোম্পানীটোৱে এনেধৰণৰ প্ৰৱঞ্চনা কৰা একাংশ দোকানী আৰু লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ কথা সদৰি কৰে।  বিডিজি মেটল এণ্ড পাৱাৰ লিমিটেডৰ অধিবক্তা কাভাচ কাশ্যপে (ট্ৰেড মাৰ্ক ৰেজিষ্ট্ৰেচন ব্যুৰে’) কয় যে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বহু ঠাইত এছ আৰ ডি লোটাছ আৰু ছুপাৰ লোটাছৰ কোম্পানীটোৰ ট্ৰেডমাৰ্ক ব্যৱহাৰ কৰি  ডুপ্লিকেট  সৰিয়া বিক্ৰী কৰা হৈছে, যিটো সম্পূৰ্ণ অবৈধ। এনে অবৈধ কাম কৰা সকলো লোকৰ বিৰুদ্ধে কোম্পানীৰ হৈ আইনী ব্যৱস্থা লোৱা হব বুলি উল্লেখ কৰে। একে সময়তে তেওঁ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সকলো গ্ৰাহক, বিক্ৰেতা, ডিলাৰ, ষ্টকিষ্টক বিডিজি মেটল এণ্ড পাৱাৰ লিমিটেড কোম্পানীৰ প্ৰকৃত টিএমটি সৰিয়া পঞ্জীয়নভুক্ত বিক্ৰেতাৰ পৰাহে ক্ৰয় কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ লগে লগে গ্ৰাহকে কেৱল শক্তিশালী সৰিয়া পোৱাই নহয়, নিৰ্মাণৰ দৃষ্টিকোণৰ পৰাও তেওঁলোকৰ সপোনৰ ঘৰটো শক্তিশালী হ’ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here