W7s news,,গুৱাহাটী,: ডিজাইনৰ প্ৰতি আগ্ৰহী শিক্ষাৰ্থীসকলৰ বাবে সুখবৰ। ৱৰ্ল্ড ইউনিভাৰছিটি অফ ডিজাইন, চমুকৈ ডব্লিউ ইউ ডিয়ে মুকলি কৰিছে নামভৰ্তিৰ জাননী। অহা ১৫ এপ্ৰিলত কলা আৰু ডিজাইনৰ বিভিন্ন বিষয়ত অনলাইন যোগে নামভৰ্তিৰ বাবে ডব্লিউ ইউ ডি এপ্টিটিউড টেষ্ট (WUDAT) অনুষ্ঠিত হ'ব।ইয়াৰ বাবে অনলাইন প্ৰ-পত্ৰ পূৰণ কৰাৰ অন্তিম তাৰিখ হৈছে ১৩ এপ্ৰিল। ইচ্ছুক শিক্ষাৰ্থীসকলে প্ৰ-পত্ৰসমূহ বিশ্ববিদ্যালয়খনৰ ৱেবছাইটত www.worlduniversityofdesign.ac.in ত পূৰণ কৰিব পাৰিব। উল্লেখ্য যে, খুব কম সময়ৰ ভিতৰতে ডব্লিউ ইউ ডি বিশ্বৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয়লৈ উন্নীত হৈছে।কলা, স্থাপত্য আৰু ডিজাইনৰ প্ৰতি উৎসাহী শিক্ষাৰ্থীসকলৰ বাবে এই বিশ্ববিদ্যালয়খন নি:সন্দেহে এখন অন্যতম শ্ৰেষ্ঠ প্ৰতিষ্ঠান।এই বিশ্ববিদ্যালয়খনে শিক্ষাৰ্থীসকলৰ সৃজনশীলতা, সমালোচনামূলক চিন্তা, তথা সমস্যা সমাধানৰ সামৰ্থ্য পৰীক্ষা কৰি তেওঁলোকক উচিতভাৱে আগুৱাই নি জীৱনত সফলতা প্ৰদান কৰে। এই জাননী জাৰি কৰি ডব্লিউ ইউ ডিৰ উপাচাৰ্য ড০ সঞ্জয় গুপ্তাই নামভৰ্তি কৰিবলগীয়া শিৰ্ক্ষাথীসকলক উদ্দ্যেশি কয়, “শিক্ষাৰ্থীসকলক মানদণ্ডৰ শিক্ষা প্ৰদান কৰিবলৈ ডব্লিউ ইউ ডি সদায় প্ৰতিশ্ৰুতিবদ্ধ। প্ৰতিজন শিক্ষাৰ্থীকে কলা, স্থাপত্য আৰু ডিজাইনৰ ক্ষেত্ৰত এক সফল কেৰিয়াৰৰ বাবে ডব্লিউ ইউ ডিয়ে উপযুক্ত কৰি প্ৰস্তুত কৰে। আমাৰ এই উৎকৃষ্টতাৰ যাত্ৰাত আমাৰ সৈতে সহযোগ কৰিবলৈ প্ৰতিভাশালী আৰু উদ্যোগী শিক্ষাৰ্থীসকলক আমি স্বাগতম জনাইছো।”
Post Top Ad
Responsive Ads Here
Friday, 7 April 2023
Home
-
-গুৱাহাটী
ডিজাইনৰ প্ৰতি আগ্ৰহী শিক্ষাৰ্থীৰ বাবে ‘ৱৰ্ল্ড ইউনিভাৰছিটি অফ ডিজাইন’য়ে ঘোষণা কৰিলে WUDAT ২০২৩ৰ দিন
ডিজাইনৰ প্ৰতি আগ্ৰহী শিক্ষাৰ্থীৰ বাবে ‘ৱৰ্ল্ড ইউনিভাৰছিটি অফ ডিজাইন’য়ে ঘোষণা কৰিলে WUDAT ২০২৩ৰ দিন
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment