W7s news গুৱাহাটী: গুৱাহাটীৰ দিছপুৰ প্ৰেছ ক্লাৱত সদৌ "অসম সাংস্কৃতিক সুৰক্ষা পৰিষদে" সোমবাৰে এটি সম্বৰ্ধনা অনুস্থানৰ আয়োজন কৰে।বিশ্বৰ ৩৫ খন দেশৰ অংশগ্ৰহণেৰে আৰম্ভ হোৱা মিছ টিন ডিভা ২০২২ প্ৰতিযোগিতাৰ উত্তৰ পূবৰ একমাত্ৰ প্ৰতিযোগি অসমৰ উদীয়মান সৌন্দৰ্য কুঁৱৰী বৰষা কিৰণক সদৌ অসম সাংস্কৃতিক সুৰক্ষা পৰিষদে বিশেষ ভাবে সম্বৰ্ধনা জনায়। উল্লেখ্য, আগন্তক ১৩ এপ্ৰিলত ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্টীয় মিছ টিন ডিভা ২০২২ ফাইনেল ৰাউণ্ডত প্ৰৱেশ কৰা বৰষা কিৰণে অসমলৈ গৌৰৱ কঢ়িয়াই আনিব বাবে পৰ্যাপ্ত পৰিমানৰ ভোট প্ৰদান কৰিবলৈ সমগ্ৰ অসম
বাসীলৈ পৰিষদে আহ্বান জনায়। সম্বৰ্ধনা অনুস্থানত
উপস্থিত থাকি চলচ্চিত্ৰ পৰিচালক
ৰজনী বৰ্মন, অভিনেতা অতুল পাঁচনি, ৰমেন তামুলী আৰু সদৌ অসম সাংস্কৃতিক সুৰক্ষা পৰিষদৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক মণিকাঞ্চন বুঢ়াগোহাঁইয়ে
সৌন্দৰ্য্য কুঁৱৰী গৰাকীক শুভেচ্ছা জ্ঞাপন কৰে।
আনহাতে ফাইনেল ৰাউণ্ডত উপনীত হোৱা বৰষা কিৰণে ৫ এপ্ৰিলত জয়পুৰলৈ ৰাওনা হ'ব বুলি কয়। লগতে বৰষা কিৰণক ইনষ্টাগ্ৰামযোগে ভোট দিবলৈ আহ্বান জনায়।
No comments:
Post a Comment