মহানগৰীৰ বৃদ্ধাবাস আৰু শিশু গৃহত টপচেম চিমেন্টৰ বহাগ বিহু উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 8 April 2023

মহানগৰীৰ বৃদ্ধাবাস আৰু শিশু গৃহত টপচেম চিমেন্টৰ বহাগ বিহু উদযাপন

 

W7s news :


গুৱাহাটী- বিহু অসমৰ প্ৰধান  উৎসৱ। এই উৎসৱক অসমবাসীয়ে অতি উৎসাহ, ৰীতি নীতি আৰু উদ্যমেৰে পালন কৰে। বিহুত পৰিয়ালৰ লোক একত্ৰিত হৈ পৰম্পৰাগত সুস্বাদু খাদ্য গ্ৰহণ কৰাৰ লগতে আশা আৰু সমৃদ্ধিৰ আদান প্ৰদান কৰে।

৭ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা টপচেম ৰঙালী বিহু উদযাপন  ২০২৩ শীৰ্ষক অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী  চেনেহত আয়োজন কৰা হয়। বিহু নৃত্যৰে আৰম্ভ  হোৱা এই অনুষ্ঠানত পৰম্পৰাগত পিঠা লাড়ুকে ধৰি সুস্বাদু আহাৰৰ লগতে উপহাৰ বিতৰন কৰা হয়। অনুৰূপ অনুষ্ঠান মহানগৰীৰ আমাৰ ঘৰ, কল্যাণী নিবাস চিল্ড্ৰেন হোম , আশাদ্বীপ, অসম শিশু কল্যাণ সদন, মা কামাখ্যা অ'ল্ড এজ হোম, ৰিচি হাজৰিকা হোম ফ'ৰ চিল্ড্ৰেন আৰু শিশু সাৰথিকে ধৰি কামৰূপ  মহানগৰ  জিলাত অনাগত চাৰি দিনত এই কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। মেঘালয় চিমেন্ট লিমিটেডৰ চেল্চ আৰু মাৰ্কেটিংৰ অধ্যক্ষ ডঃ অনিল কাপুৰে আজি পতাকা প্ৰদৰ্শন  কৰি অনুষ্ঠানৰ শুভাৰম্ভ  কৰে। অনুষ্ঠানৰ শুভাৰম্ভ কৰি অধ্যক্ষ গৰাকীয়ে ব'হাগ বিহুৰ প্ৰাকক্ষণত সকলোকে আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰে। তেওঁ কয় যে টপচেমৰ তৰফৰ পৰা সমাজৰ বিভিন্ন স্তৰৰ বিশেষ ভাৱে সক্ষম লোক সকলৰ বাবে বিভিন্ন কাম কৰাৰ পৰম্পৰা আছে। ২০১০ চনৰ পৰা টপচেম চিমেন্টে এই কাৰ্যসূচীৰ আয়োজন কৰি আহিছে আৰু আগন্তুক সময়লৈও অব্যাহত থাকিব। টপচেম চিমেন্টে ২০১০ চনৰ  পৰাই প্ৰতি বছৰে বৃদ্ধাশ্ৰম, অনাথ আশ্ৰম , মানসিক  স্বাস্থ্য গৃহ আৰু বিশেষ ভাৱে সক্ষম ল'ৰা ছোৱালীৰ মাজত বহাগ  বিহুৰ আনন্দ বিলাই আহিছে।বসন্তৰ আগমনৰ লগে লগে উদযাপন কৰা অসমবাসীৰ প্ৰিয় উৎসৱ বহাগ বিহুক ৰঙালী বিহু নামেৰেও জনা যায়।বহাগ বিহুক আনন্দ , উৎসৱ, ৰং-ধেমালীৰ বতৰ হিচাপেও স্বীকৃতি দিয়া হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here