W7s news,,,গুৱাহাটী, , ২০২৩: ২০২৩ ৰ ৩ জানুৱাৰীৰ পৰা ৭ জানুৱাৰী পৰ্যন্ত ভুৱনেশ্বৰ (উড়িশা)ত আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কলা উৎসৱৰ অধীনত অনুস্থিত হোৱা ৰাজ্যিক পৰ্যায়ৰ কলা উৎসৱ প্ৰতিযোগিতাত গুৱাহাটীৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান, মডাৰ্ণ ইংলিছ স্কুল (এম ই এছ) গুৱাহাটীৰ দশম শ্ৰেণীৰ মেধাৱী ছাত্ৰী শ্বোম্পিয়া ৰয়ে অংশগ্ৰহণ কৰি পৰম্পৰাগত লোক (মহিলা) সংগীত শাখাত তেওঁৰ ব্যতিক্ৰমী দক্ষতা সকলোৰে আগত প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা বুলি বিদ্যালয়খনৰ তৰফৰ পৰা গৌৰৱেৰে প্ৰকাশ কৰা হৈছে।কলা উৎসৱ হৈছে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অধীনত শিক্ষা মন্ত্ৰালয়ৰ এক অভিলাষী পদক্ষেপ যিয়ে সমগ্ৰ দেশতে মাধ্যমিক পৰ্যায়ত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কলাত্মক প্ৰতিভাক বিকশিত আৰু প্ৰদৰ্শন কৰি শিক্ষাখণ্ডত কলাৰ প্ৰয়োজনীয়তাক প্ৰসাৰিত কৰাৰ লক্ষ্য লৈছে। এই পদক্ষেপে মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী সকলক ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু সজীৱ বৈচিত্ৰ্যৰ বিষয়ে সজাগ কৰাৰ উদ্দেশ্যে নান্দনিকতা আৰু শিল্প অভিজ্ঞতাৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে। শ্বোম্পিয়া ৰয়ৰ অসাধাৰণ প্ৰদৰ্শনেই হৈছে তেওঁৰ প্ৰতিভা, কঠোৰ পৰিশ্ৰম আৰু দায়বদ্ধতাৰ নিদৰ্শন, লগতে তেওঁ প্ৰতিষ্ঠানটোক এনে এক সন্মানীয় অনুষ্ঠানত প্ৰতিনিধিত্ব কৰি বিদ্যালয়খনৰ সকলোকে গৌৰৱান্বিত কৰি তুলিছে বুলি প্ৰকাশ কৰা হৈছে। এম ই এছে পুনৰবাৰ শ্বোম্পিয়া ৰয়ক তেওঁৰ উল্লেখযোগ্য প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰি তেওঁৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছে।
Post Top Ad
Responsive Ads Here
Monday 17 April 2023

Home
-গুৱাহাটী
কলা উৎসৱ ২০২২-২৩ত গুৱাহাটীস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰীৰ অনবদ্য প্ৰদৰ্শনক লৈ বিদ্যালয়খনত পাৰভঙা উছাহ
কলা উৎসৱ ২০২২-২৩ত গুৱাহাটীস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰীৰ অনবদ্য প্ৰদৰ্শনক লৈ বিদ্যালয়খনত পাৰভঙা উছাহ
Tags
# -গুৱাহাটী
Share This
About W7S News
-গুৱাহাটী
Labels:
-গুৱাহাটী
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment