কৃষি ক্ষেত্ৰত বিশেষ উদ্ভাৱনৰ বাবে পামহীৰ উদ্যমি কৃষক সুশীল টেৰণক ৰাষ্ট্ৰপতি ভবনত নব প্ৰৱৰ্তন বটা প্ৰদান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 16 April 2023

কৃষি ক্ষেত্ৰত বিশেষ উদ্ভাৱনৰ বাবে পামহীৰ উদ্যমি কৃষক সুশীল টেৰণক ৰাষ্ট্ৰপতি ভবনত নব প্ৰৱৰ্তন বটা প্ৰদান

 

W7s news


গুৱাহাটী : গুৱাহাটীৰ দীপৰ বিলৰ কাষৰীয়া পামহী অঞ্চলৰ উদ্যমি কৃষক সুশীল টেৰণক তেঁও কৃষি ক্ষেত্ৰখনত উদ্ভাৱন কৰা এটা বিশেষ কৌশলৰ বাবে ৰাষ্ট্ৰপতিৰ নব প্ৰৱৰ্তন বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ।  উল্লেখযোগ্য যে পামহীৰ উদ্যমি কৃষক তথা সেউজ কৃষক গোট নামৰ  কৃষি বিষয়ক অনা চৰকাৰী সংস্থাটোৰ সম্পাদক সুশীল  টেৰণে ২০১৬ চনত ঘৰৰ ওচৰত সতীৰ্থ সকলৰ সৈতে প্ৰায় ২৪০ বিঘা মাটিত ধান, সৰিয়হ , মাকৈ , ৰঙালাওঁ আদিৰ খেতি কৰোতে পোৱা এটা ডাঙৰ অসুবিধা দূৰ কৰি সেই মাটি কৃষি উপযোগী কৰি তুলিবলৈ নিজে উদ্ভাৱন কৰিছিল এটা বিশেষ কৌশল । সেই অসুবিধাটো আছিল ট্ৰেক্টৰেৰে মাটি চহ কৰাৰ পাছতো মাটিত ডাঙৰ চপৰা সমূহ  ভঙা যোৱা নাছিল । যাৰ বাবে খেতি কৰাত অসুবিধাৰ  সন্মুখীন হবলগা হৈছিল । সেই মাটিৰ চপৰা সমূহ গুৰি কৰি তাক কৃষি উপযোগী কৰিবলৈ সুশীল টেৰণে নিজে  উদ্ভাৱন কৰে 'চইল ক্লড ক্ৰুচাৰ' নামৰ এটা লোৰ সজুলি । প্ৰায় দুই কুইন্টল ওজনৰ লোৰ সেই বিশেষ সজুলিটো ব্যৱহাৰ কৰাৰ পাছতো কিছু সৰু চপৰা পুনৰ ভঙা নোযোৱাকৈ ৰৈ গৈছিল । পুনৰ এটা ৰটাভেটৰৰ দৰে সজুলি উদ্ভাৱন কৰে । ২০১৭ চনত সেই দুয়োটা সজুলি ট্ৰেক্টৰত  সংস্থাপন কৰে । তাৰ পাছত সেই সজুলিটোৰ সহায়ত  মাটি ধুলিৰ দৰে চহ কৰি খেতিৰ উপযোগী কৰিবলৈ সক্ষম হয় । অানহাতে ১০ এপ্ৰিলত ৰাষ্ট্ৰপতি ভবনত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনৰ ৰাষ্ট্ৰীয় নব প্ৰৱৰ্তন প্ৰতিষ্ঠানৰ একাদশ সংখ্যক অধিবেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ উপস্থিতিত কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰী ড: জীতেন্দ্ৰ সিঙে সুশীল টেৰণক এই সন্মানীয় বঁটা প্ৰদান কৰে । বটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰীয় নবপ্ৰৱৰ্তন প্ৰতিষ্ঠানৰ  ( এন আই এফ ) অধ্যক্ষ পি এছ গোৱেল ,  সচিব  এছ চন্দ্ৰশেখৰ ,  সঞ্চালক ড: অৰবিন্দ কুমাৰ ৰানাদেকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া উপস্থিত আছিল । উল্লেখযোগ্য যে এজন আদৰ্শ কৃষক হিচাপে পৰিচিত সুশীল টেৰণ অঞ্চলটোত প্ৰকৃতিপ্ৰেমী আৰু পৰিবেশকৰ্মী হিচাপেও পৰিচিত । তেঁও দীপৰ বিলৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে কাম কৰি অহা দীপৰ বিল সুৰক্ষা মঞ্চৰ সহকাৰী সম্পাদক , ঐতিহাসিক ভিমাশংকৰ মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদককে ধৰি বিভিন্ন সামাজিক , সাংস্কৃতিক সংগঠনৰ লগত জৰিত হৈ আছে । অানহাতে ১৪ এপ্ৰিলত সুশীল টেৰণ নতুন দিল্লীৰ পৰা গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত বিমানবন্দৰত  দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতা , কাৰ্যকৰী সদস্য পৱন কলিতা ( বিৰাজ ) , ভনিতা বড়ো টেৰণ , দময়ন্তি ইংতি , প্ৰমীলা টেৰণ, পদ্মিনী ৰংচাল , লতিকা টবি , অনিতা টেৰণ গোহাঁই , মুকুল তালুকদাৰ , লিলী তালুকদাৰ , মীৰা টেৰণ ইংতি , বিভা ৰাণী শইকীয়া , দীপাংকৰ বড়ো , পংকজ টেৰণ , দিগন্ত শৰণীয়া , সীমান্ত বড়ো , বিষ্ণু বড়ো , মানস প্ৰতীম তালুকদাৰ , বিশ্বজিৎ ইংতি , মুন গোঁহাই , সবিতা টেৰণ , সীমা টেৰণ , বিস্মিতা টেৰণকে ধৰি কেৱাজনেও বিপুল আদৰণি জনায় । তাত পাছত তেওঁক সমদল কৰি ঘৰলৈ লৈ যোৱা হয় ।  অানহাতে বিভিন্ন দল - সংগঠন আৰু ব্যক্তিয়ে সুশীল টেৰণক এই নতুন উদ্ভাৱনৰে কৃষি ক্ষেত্ৰখনত এক নতুন মাত্ৰা প্ৰদান কৰা বাবে  শুভেচ্ছা জ্ঞাপন কৰিছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here