পৰম্পৰাগত চিকিৎসা পদ্ধতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাই প্ৰধানমন্ত্ৰীৰ লক্ষ্য :সৰ্বানন্দ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 4 March 2023

পৰম্পৰাগত চিকিৎসা পদ্ধতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাই প্ৰধানমন্ত্ৰীৰ লক্ষ্য :সৰ্বানন্দ


 

আযুষৰ অবিছেদ্দ অংগ সোৱা ৰিগপা 


অমস তথা উত্তৰ পুৰ্বাঞ্চলৰ পৰম্পৰা চিকিৎসা পদ্ধতিৰে সাদৃশ্য 


W7s news,,গুৱাহাটী: প্ৰকৃতিৰ ভু-স্বৰ্গ হিচাপে পৰিচিত হিমালয়ৰ পাদদেশ লাডাখৰ আপুৰুগীয়া গছ লতাক যুগ যুগ ধৰি কৰা গৱেষণাৰ ফল সোৱা ৰিগপা ৷ সু-স্বাস্থ্যৰে মানব জীৱন উন্নত কৰাই হৈছে  সোৱা ৰিগপাৰ প্ৰধান লক্ষ্য ৷আযুষ মন্ত্ৰ্যালয়ৰ সোৱা ৰিগপা এক অবিছেদ্দ অংগ যদিও আজিও ভাৰতবৰ্ষৰ বহু লোকে নাজানে ইয়াৰ বিষয়ে৷সোৱা ৰিগপা মুলত লাডাখ অঞ্চলৰ অতি প্ৰচীন পৰম্পৰাগত চিকিৎসা পদ্ধতি ৷প্ৰচীন কালৰ পৰাই হিমালয়ৰ পাদদেশত পৰম্পৰাগত চিকিৎসাসেৱা চলাই অহা অতি উন্নতমানৰ চিকিৎসাসেৱাই হৈছে সোৱা ৰিগপা ৷বায়ু পানী পৃথিবী আকাশ আৰু অগ্নি এই পঞ্চতত্ত্বৰ মুল অভিধাৰণাক আগত ৰাখি প্ৰস্তুত কৰা ঔষধ সমুহে নিয়মিত ভাবে মানুহৰ  মানব জীৱনত অপৰীসীম অবদান যোগায় আহিছে ৷দেশৰ প্ৰধানমন্ত্ৰী মোডীৰ প্ৰচেষ্টাৰ বাবেই  আজি আযুষৰ অবিছেদ্দ অংগ হৈ পৰিছে  পৰামৰ্শগত চিকিৎসা শৈলী সোৱা ৰিগপা ৷এই মন্তব্য কৰে সোৱা ৰিগপাৰ এজৰাকী চিকিৎসাক নাৱাং টাংযেচে ৷ গুৱাহাটীত আযুষ মন্ত্ৰ্যালয়ৰ তত্ত্বাৱধানত চাৰিদিনীয়াকৈ আয়োজিত আন্তঃৰাষ্ট্ৰীয় পৰম্পৰাগত চিকিৎসা সন্মিলন আৰু এক্সপত  অংশগ্ৰহণ কৰা সোৱা ৰিগপাৰ এইগৰাকী চিকিৎসক নাৱাং টাংযেচে আৰু কয় যে এই চিকিৎসা পদ্ধতি সম্পূৰ্ণ  থলুৱা ৷মানুহৰ নাড়ি  পৰিক্ষা কৰি সকলো ৰোগৰ বিষয়ে কব পাৰে ৷ এই চিকিৎসাৰ কোনো ধৰনৰ পাশ্ব্ক্ৰিয়া  নাই ৷যাৰ জৰিয়তে সকলো মানুহৰ জীৱন ধাৰা উন্নত কৰিব পৰা যায় ৷উত্তৰ পুব বিশেষকৈ অসমৰ প্ৰাকৃতিৰ সৈতে লাডাখৰ  প্ৰাকৃতিৰ সাদৃশ্য আছে যাৰ বাবে তেওলোকে প্ৰচুৰ সম্ভাময় অসম তথা উত্তৰ পুৰ্বাঞ্চলত সোৱা ৰিগপাৰ সম্প্ৰসাৰনত  আগ্ৰহ ব্যক্ত কৰিছে ৷B2B Global Conference & Expo on Traditional Medicine under Shanghai Cooperation Organization (SCO)’ শীৰ্ষক চাৰিদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনত আযুৰবেদ চিকিৎসা পদ্ধতিৰ প্ৰতি  জনগনৰ মাজত  সজাগত বৃদ্ধি তথা ভাৰত আৰু উত্তৰ পুৰ্বাঞ্চলৰ সম্ভাৱনাক  বিশ্ব দৰবাৰত  দাঙি ধৰাৰ যি প্ৰয়াস সেয়া উল্লেখনীয় ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here