- W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 6 March 2023



গুৱাহাটীত অনুষ্ঠিত পৰম্পৰাগত ঔষধ সংক্ৰান্তীয় এছ চি অ'-ৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু এক্সপ'ৰ জৰিয়তে আয়ুষ বজাৰত ৫৯০ কোটিতকৈ অধিক পুঁজিৰ বাণিজ্য সম্প্ৰসাৰিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে


১৯ খন দেশৰ প্ৰতিনিধিসকলে এক্সপ'ত আয়ুষ খণ্ডৰ প্ৰদৰ্শকসকলৰ সৈতে মত বিনিময় কৰে, ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত অনুষ্ঠিত হৈছে একাধিক বৈঠক


"ভাৰতৰ আয়ুষ বজাৰৰ বাবে বৃহৎ সম্ভাৱনাৰ সূচনা কৰাৰ লগতে এছ চি অ'ৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰাৰ মঞ্চ প্ৰদান কৰিছে এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনে": কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল 


"অসম আৰু উত্তৰ-পূব ভাৰতৰ আয়ুষ খণ্ডৰ বাবে এয়া এক বিশাল সুযোগ যিহেতু এই আন্তঃৰাষ্ট্ৰীয় এক্সপ'ই স্থানীয় উদ্যোগীসকলক নতুন পথৰ সন্ধান দিছে": সৰ্বানন্দ সোণোৱাল


গুৱাহাটী, ৫ মাৰ্চ ২০২৩: প্ৰথম "এছ চি অ' বি২বি কনফাৰেন্স এণ্ড এক্সপ' অন ট্ৰেডিচনেল মেডিচিন"ৰ সফল সমাপ্তিয়ে দেশৰ আয়ুষ খণ্ডৰ লগতে উদ্যোগীসকলৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিলে। গুৱাহাটীত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত পৰম্পৰাগত ঔষধ সম্পৰ্কীয় ছাংহাই ক'-অপাৰেচন অৰ্গেনাইজেচন (SCO)ৰ এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ক্ৰেতা আৰু বিক্ৰেতাসকলৰ মাজত বহু বৈঠক অনুষ্ঠিত হয়। আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু এক্সপ'খনৰ জৰিয়তে আয়ুষ বজাৰত ৫৯০ কোটিতকৈ অধিক পুঁজিৰ বাণিজ্য সম্প্ৰসাৰিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। এছ চি অ'ৰ দেশসমূহৰ প্ৰতিনিধিসকলে এক্সপ'ত আয়ুষ খণ্ডৰ প্ৰদৰ্শকসকলৰ সৈতে মত বিনিময় কৰিছে, যাৰ ফলত আয়ুষ খণ্ডৰ সৈতে জড়িত বিভিন্ন

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here