W7s news
গুৱাহাটী: গুৱাহাটীৰ পল্টনবজাৰস্থিত আছী অপ্সৰাত আজিৰে পৰা আৰম্ভ হৈছে মেগা প্ৰপাৰ্টী এক্সপ' তথা সম্পত্তি মেলা। আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকচাৰ এণ্ড ডেভল'পাৰ্ছ এছ'চিয়েছন চমুকৈ 'এৰিডা'ই আজিৰে পৰা ৫ মাৰ্চলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে এই এক্সপ'ৰ আয়োজন কৰিছে। আজি এই মেলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ভাৰতীয় ষ্টেট বেংকৰ গুৱাহাটী চাৰ্কোলৰ মুখ্য মহা প্ৰৱন্ধক ভিনচেণ্ট এম ডি আৰু ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভনে। উপস্থিত থাকে 'এৰিডা'ৰ সভাপতি পি কে শৰ্মাৰ উপৰি আন বিষয়ববীয়া। এই মেলাত ১২০ খন বিপণী যোগে এটা স্থানতে ফ্লেট, এপাৰ্টমেণ্ট আৰু বাণিজ্যিক স্থানৰ লগতে ইয়াৰ আন আনুসংগিক বিভিন্ন সামগ্ৰী বিস্তৃত ৰূপত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। লগতে নিৰ্মাণ খণ্ডৰ বিভিন্ন সেৱাৰ বিষয়ে ৰাইজে জনোৱাৰ ব্যৱস্থা কৰা হৈছে। সম্পত্তি মেলাত 'এৰিডা'ৰ সদস্যসকলৰ ফ্লেট, এপাৰ্টমেণ্ট আৰু বাণিজ্যিক স্থানৰ বিস্তৃত প্ৰদৰ্শন কৰিছে। যাতে গ্ৰাহকে সকলো দিশ চালি-জাৰি চাই নিজৰ পচন্দ অনুসৰি প্ৰপাৰ্টী ক্ৰয় কৰিব পাৰে। মেলাত বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানবোৰৰ পৰা গৃহ ঋণৰ সুবিধা লাভ কৰাৰ ব্যৱস্থা কৰা হৈছে। সম্পত্তি মেলাত উপভোক্তাই ফ্লেট বুক কৰিলে বিশেষ 'এক্সপো ৰেহাই' লাভ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে এৰিডাৰ সভাপতি পি কে শৰ্মাই। গ্ৰাহকে বিশেষ ৰেহাইৰে সম্পত্তিৰ অগ্ৰিম বুকিং কৰিব পাৰিব। এই মেলাৰ যোগেদি গ্ৰাহকে নিজৰ পচন্দৰ ঠাই অনুসৰি পচন্দৰ সা-সুবিধা থকা ফ্লেট ক্ৰয়ৰ সুবিধা লাভ কৰিব পাৰিব। এৰিডাৰ সভাপতি শৰ্মাই সকলোকে এক্সপ'লৈ আহি ইয়াৰ সুবিধাসমূহ গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়।
No comments:
Post a Comment