ডাম্পিং গ্রাউণ্ডৰ পৰা অহা দুৰ্গন্ধই অতিষ্ঠ কৰিছে পামহী , মইনাখোৰোং , দেউছতালকে ধৰি বৃহত্তৰ অঞ্চলৰ কেবা হাজাৰ বাসিন্দাক ; অসাৰ হল গুৱাহাটী পৌৰ নিগমৰ প্ৰতিশ্ৰুতি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 10 March 2023

ডাম্পিং গ্রাউণ্ডৰ পৰা অহা দুৰ্গন্ধই অতিষ্ঠ কৰিছে পামহী , মইনাখোৰোং , দেউছতালকে ধৰি বৃহত্তৰ অঞ্চলৰ কেবা হাজাৰ বাসিন্দাক ; অসাৰ হল গুৱাহাটী পৌৰ নিগমৰ প্ৰতিশ্ৰুতি

 

W7s news


গুৱাহাটী : গুৱাহাটী মহানগৰীৰ পৌৰ এলেকাৰ ৬০ টা ৱাৰ্ডৰ আৱৰ্জনা সমূহ পেলোৱাৰ বাবে  পশ্চিম বৰাগাঁওৰ বেলৰতলত হাউছিং বৰ্ডৰ প্ৰায় ৬০ বিঘা মাটিত গুৱাহাটী পৌৰ নিগমে ২০২১ চনৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহত দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত  স্থাপন কৰিছিল এটা  ডাম্পিং গ্ৰাউণ্ড । কিন্তু বিগত সময়চোৱাত ডাম্পিং গ্ৰাউণ্ডটোৱে সৃষ্টি কৰা  দূষিত ভয়াবহ  প্ৰদূষণৰ বাবে পশ্চিম বৰাগাঁওৰ উপৰিও  দাঁতিকাষৰীয়া পামহী , মইনাখোৰোং , দেউছতাল , মাঘুৱাপাৰা , বড়োপাৰাকে ধৰি  বৃহত্তৰ অঞ্চলটোৰ ৰাইজে বিগত ডেৰ বছৰৰো অধিক দিন  ধৰি শান্তিৰে অলপো  উশাহ লব পৰা নাই । এক কথাত কব লাগিলে দুৰ্গন্ধৰ সৈতে সহাৱস্থান কৰিব লগা হৈছে বৃহত্তৰ  অঞ্চলৰ ৰাইজে । বিগত সময়চোৱাত সম্পৰ্কে দীপৰ বিল সুৰক্ষা মঞ্চ , পশ্চিম গুৱাহাটী সচেতন নাগৰিক মঞ্চ , ইংয়ং গ্ৰীণ ক্লাবকে ধৰি অঞ্চলটোৰ ৰাইজে বেলৰতলত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডটো তাৰ পৰা স্থানান্তৰ কৰাৰ বাবে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল । আনকি দীপৰ বিল সুৰক্ষা মঞ্চই এই সন্দৰ্ভত অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰি পত্ৰ প্ৰেৰণ কৰিছিল । তাৰ পাছত গুৱাহাটী পৌৰ নিগমে দুৰ্গন্ধ আঁতৰ কৰাৰ বাবে বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰা হব বুলি কেইবাবাৰো প্ৰতিশ্ৰুতি দিছিল । কিন্তু প্ৰতিবাদী ৰাইজৰ দাবীত সেও মনা দেখুৱাই গুৱাহাটী পৌৰ নিগমে প্রতিশ্ৰুতি দিয়াৰ এবছৰ পাৰ হোৱাৰ পাছতো  ডাম্পিং গ্ৰাউণ্ডৰ  আৱৰ্জনাৰ পৰা নিৰ্গত হোৱা দূর্গন্ধ  আঁতৰ কৰাৰ বাবে বিশেষ অত্যাধুনিক বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ নকৰাত  আজিও দুৰ্গন্ধই  চানি ধৰি আছে বৃহত্তৰ অঞ্চলটোৰ আকাশ বতাহ । এই সন্দৰ্ভত দীপৰ বিল সুৰক্ষা মঞ্চৰ সভাপতি হেনৰী ডেভিড টেৰণ , সাধাৰণ সম্পাদক প্ৰমোদ কলিতা , উপ সভাপতি বলেশ্বৰ ৰংপী , সহকাৰী সম্পাদক সুশীল টেৰণ , পামহী কাৰ্বিপাৰা ৰাইজৰ সভাপতি সনেশ টেৰণ , ইংয়ং গ্ৰীণ ক্লাৱৰ কৰ্মকর্তাদ্বয়  উৎপল কুমাৰ দাস আৰু ধীৰাজ টুমুঙকে  ধৰি বিভিন্ন দল সংগঠনৰ কৰ্মকর্তাই সদৰি কৰা অনুসৰি  বিগত এটা  সপ্তাহ ধৰি সন্ধিয়াৰ পাছত  ডাম্পিং গ্ৰাউণ্ডৰ পৰা বতাহৰ সৈতে অহা দুৰ্গন্ধই বাৰুকৈয়ে অতিষ্ঠ কৰি তুলিছে কেবাখনো গাওঁৰ বাসিন্দাক । আনকি দুৰ্গন্ধৰ পৰা বাচিবৰ বাবে  একাংশ লোকে  ঘৰত সুগন্ধি দ্ৰব্য ব্যৱহাৰ কৰিও সুফল পোৱা নাই । যাৰ বাবে অচিন ৰোগত আক্ৰান্ত হোৱাৰ আশংকাত ভুগিছে বাসিন্দা সকলে । উল্লেখযোগ্য যে ২০০৬ চনত পশ্চিম বৰাগাঁৱত পৌৰ নিগমে পূৰ্বতে  স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডটো   ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে বন্ধ কৰাৰ নিৰ্দেশ দিছিল। কিন্তু পূৰ্বৰ স্থানৰ কিছু নিলগৰ বেলতলত যোৱা  ২০২১ চনৰ আগষ্ট মাহত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডটোত পৌৰ নিগমে পুনৰ দৈনিক আঠশৰ পৰা এহেজাৰ

টন  পৰ্যন্ত আবর্জনা, মৃত জীৱ-জন্তু আদি  পেলাই আহিছে। বিগত সময়চোৱাত  গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংহল , পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱা , জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাকে ধৰি অসম চৰকাৰৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া  অভিযন্তা , গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া , জি এম ডি এ ৰ অধ্যক্ষ নাৰায়ণ ডেকাকে ধৰি গুৱাহাটীক বানমুক্ত কৰা , দীপৰ বিল সংৰক্ষণ কৰাৰ নামত কেইবাবাৰো দীপৰ বিল আৰু বেলৰতলত থকা ডাম্পিং গ্ৰাউণ্ড চৌহদ পৰিদৰ্শন কৰি দীপৰ বিল প্ৰদূষণমুক্ত কৰা আৰু ডাম্পিং গ্ৰাউণ্ডটোৱে সৃষ্টি কৰা দুৰ্গন্ধ দূৰ কৰা হব বুলি প্ৰতিশ্ৰুতি দিছে । এই প্ৰতিশ্ৰুতি বাস্তৱত যাতে শীঘ্ৰে ৰূপায়ণ হয় তাৰ বাবে ৰাইজে অধীৰ আগ্ৰহেৰে বাট চাই আছে । কিয়নো  অস্বাস্থ্যকৰ পৰিবেশত মানুহৰ লগতে জীৱ জন্তুৰ  জীৱনলৈও ভাবুকি আহিছে অঞ্চলটোলৈ ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here