পূৱ ভাৰতত উপস্থিতি শক্তিশালী কৰিছে প্ৰিষ্টিন কেয়াৰে, ৬০+ চিকিৎসালয় আৰু ৫০ ক্লিনিকত ১০০০ হেলথকেয়াৰ চাকৰি সৃষ্টি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 23 February 2023

পূৱ ভাৰতত উপস্থিতি শক্তিশালী কৰিছে প্ৰিষ্টিন কেয়াৰে, ৬০+ চিকিৎসালয় আৰু ৫০ ক্লিনিকত ১০০০ হেলথকেয়াৰ চাকৰি সৃষ্টি

 

 


● কলকাতা, ভুৱনেশ্বৰ, পাটনা, ৰাঁচী, গুৱাহাটী আৰু শিলিগুড়ি, এই ৬খন চহৰত পৰিচালন হৈ আছে


● আই ভি এফ, হেয়াৰ-ট্ৰান্সপ্লান্ট আৰু বেৰিয়েট্ৰিক শাখা মুকলিৰ পৰিকল্পনা


 


W7s news,,,গুৱাহাটী,,অগ্ৰণী হেলথকেয়াৰ ছেকেণ্ডেৰি ছাৰ্জাৰি সেৱা প্ৰদানকাৰী প্ৰিষ্টিন কেয়াৰে পূৱ ভাৰতত ইয়াৰ উপস্থিতি শক্তিশালী কৰাৰ কথা প্ৰকাশ কৰিছে । প্ৰতিষ্ঠানটোৱে সম্প্ৰতি ৬০+ চিকিৎসালয়ৰ সৈতে সহযোগিতা স্থাপন কৰিছে আৰু কলকাতা, ভুৱনেশ্বৰ, পাটনা, ৰাঁচী, গুৱাহাটী আৰু শিলিগুড়িত ৫০ খন ক্লিনিক মুকলি কৰিছে । পূৱ অঞ্চলত মুঠ ১০০+ ছাৰ্জনৰ সৈতে প্ৰতিষ্ঠানটোৱে যোৱা বছৰত সফলতাৰে ১ লাখ+ ৰোগীক পৰামৰ্শ আগবঢ়োৱাৰ সীমা অতিক্ৰম কৰে । অধিক চহৰলৈ সেৱাৰ সম্প্ৰসাৰণ কৰি চলিত বৰ্ষৰ ভিতৰত ইয়াৰ উপস্থিতি দুগুণে বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে প্ৰতিষ্ঠানটোৱে ।প্ৰিষ্টিন কেয়াৰে সাধাৰণ ছাৰ্জাৰি, চকুৰ ৰোগ, ই এন টি, ইউৰোলজী, স্ত্ৰীৰোগ ইত্যাদি ১৫ টা ছাৰ্জিকেল শ্ৰেণীত সেৱা আগবঢ়ায় আছে আৰু অচিৰেই আই ভি এফ, হেয়াৰ ট্ৰান্সপ্লান্ট আৰু বেৰিয়েট্ৰিকছলৈ সেৱাৰ সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে । প্ৰিষ্টিন কেয়াৰৰ সদায় ৰোগী প্ৰথম দৃষ্টিভংগীয়ে বিশেষকৈ দেশৰ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰত প্ৰয়োজনীয় ছাৰ্জিকেল কেয়াৰৰ সুবিধা প্ৰদান কৰি আহিছে ।এই সম্প্ৰসাৰণ সন্দৰ্ভত প্ৰিষ্টিন কেয়াৰৰ সহ-প্ৰতিষ্ঠাপক হৰছিমাৰবীৰ সিঙে কয়, “পূৱ আৰু উত্তৰ-পূৱ ভাৰতত আমি ছেকেণ্ডেৰি হেলথকেয়াৰ সেৱাৰ চাহিদা যথেষ্ট বৃদ্ধি পোৱা দেখিবলৈ পাইছোঁ । উৎকৃষ্ট ছাৰ্জাৰিৰ সেৱা প্ৰদান কৰাৰ আমাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি সম্প্ৰসাৰণৰ  পৰিকল্পনা কৰা হৈছে । তদুপৰি, বিগত তিনি বছৰত আমি ১০০০+ ক্লিনিকেল আৰু অনা-ক্লিনিকেল চাকৰি সৃষ্টি কৰিছোঁ । আগলৈও আমি এই হেলথকেয়াৰ সেৱা শক্তিশালী কৰি যাম আৰু অঞ্চলটোলৈ উন্নত চিকিৎসা আৰু প্ৰযুক্তি কঢ়িয়াই আনিম ।“প্ৰতিষ্ঠানটোৱে লগতে এডভান্সড লেজাৰ, লেপাৰস্কপী, মাইক্ৰ’ডিব্ৰাইডাৰ্ছ, লেছিককে ধৰি নতুন ছাৰ্জিকেল প্ৰযুক্তি মুকলিৰে ইতিমধ্যে থকা হেলথকেয়াৰ আন্তঃগাঁথনিৰ ৰূপান্তৰ কৰিছে । প্ৰিষ্টিন কেয়াৰে লগতে ইয়াৰ ইন-হাউছ ক্লাউড-ভিত্তিক প্ৰপ্ৰিয়েটৰি প্ৰযুক্তি ই এম আৰ (ইলেক্ট্ৰনিক মেডিকেল ৰেকৰ্ডছ) গ্ৰহণ কৰিছে, যাক প্ৰিষ্টিন কেয়াৰৰ ৯৯% চিকিৎসকে গ্ৰহণ কৰা দেখা গৈছে । সম্প্ৰতি প্ৰিষ্টিন কেয়াৰে এণ্ড-টু-এণ্ড ৰোগী-কেন্দ্ৰিক সেৱা  আগবঢ়ায় আছে আৰু ১.৫৫ নিযুত+ ৰোগীক পৰামৰ্শ প্ৰদান কৰি ১০০কে তকৈ অধিক  ৰোগীক চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here