বাইক ৰেলীৰে জিৰাং সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰিয়া চাংমাক লগত লৈ অসমৰ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 24 February 2023

বাইক ৰেলীৰে জিৰাং সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰিয়া চাংমাক লগত লৈ অসমৰ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ

 

W7s news


গুৱাহাটী   : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি  বিজেপি প্ৰাৰ্থী সকলৰ সমৰ্থনত শ্বিলং আৰু তুৰাত দুখন বৃহৎ নিৰ্বাচনী সভাত ভাগ লৈ দলটোৰ প্ৰচাৰত নতুন মাত্ৰা প্ৰদান কৰে । আনহাতে গুৱাহাটীৰ গাতে লাগি থকা  জিৰাং  সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী ৰিয়া চাংমাই যাতে জয়ী হয় তাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল , অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন , মন্ত্ৰী পীয়ুষ হাজৰিকাকে ধৰি কেবাজনো নেতা , মিত্ৰজোঁটৰ হিচাপে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিগত দিনকেইটাত ব্যাপক প্ৰচাৰ অভিযান চলাই আছে । ২৫ ফেব্ৰুৱাৰীত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ শেষ দিনটোত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ কাষৰীয়া বৰ্ণিহাটত এখন বিশাল নিৰ্বাচনী সভাত ভাগ লব । ইফালে আজি মন্ত্ৰী পীয়ুষ হাজৰিকাই ৰিয়া চাংমাক লগত লৈ খানাপাৰাৰ কাষৰীয়া কিলিঙৰ পৰা বশিষ্ঠৰ সমীপৰ লতাকটা , পিলিংকাটা ,  মাইঘুলি হৈ বৰপথাৰলৈ এক বিশাল বাইক ৰেলীত ভাগ লয় । ৰেলীত ভাগ লোৱা পাঁচ  শতাধিক বিজেপিৰ কর্মী - সমৰ্থকে বিজেপি জিন্দাবাদ , ৰিয়া চাংমা জিন্দাবাদ , নৰেন্দ্ৰ মোদী জিন্দাবাদ ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলে । ৰেলীৰ অন্তত সাংবাদিকৰে সৈতে হোৱা চমু বাৰ্তালাপত মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় প্রথমবাৰৰ বাবে  মেঘালয়ৰ ৰাইজে উন্নয়নৰ স্বাৰ্থত বিজেপিৰ প্ৰাৰ্থী সকলৰ সপক্ষে  বিপুল হাৰত ভোটদান কৰিব । বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হব আৰু জিৰাং সমষ্টিৰ পৰা ৰিয়া চাংমাই অভিলেখ পৰিমাণৰ ভোট লাভ কৰি বিজয়ী হব । ভোট গণনাৰ দিনা এই ভবিষ্যত বাণী বাস্তৱত পৰিণত হব বুলিও মন্ত্ৰী গৰাকীয়ে ব্যক্ত কৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here