গুৱাহাটী প্ৰেছ ক্লাৱত ৪খন গ্ৰন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 23 February 2023

গুৱাহাটী প্ৰেছ ক্লাৱত ৪খন গ্ৰন্থ উন্মোচন

 



W7s news গুৱাহাটী : গুৱাহাটী প্ৰেছ ক্লাৱত বৃহস্পতিবাৰে দুগৰাকী লেখকৰ ৪খন গ্ৰন্থ উন্মোচন কৰা হয়। সভাত বিশিষ্ট লেখিকা  দীপিকা বে কাথাৰ নাথ (আশা)ৰ প্রবন্ধ সংকলন 'প্রবন্ধ দৰ্পণ'

পক্ষীবিদ, বিশিষ্ট সাহিত্যিক, সাহিত্যিক পেঞ্চনাৰ

ভুৱনেশ্বৰ শৰ্মাই উন্মোচন কৰে। উন্মোচনী ভাষণত কয়-

পক্ষীবিদ,বিশিষ্ট সাহিত্যিক, সাহিত্যিক পেঞ্চনাৰ

ভুৱনেশ্বৰ শৰ্মাই লেখিকাৰ প্ৰৱন্ধ কেইটা উৎকৃষ্ট হৈছে বুলি কয়। লেখিকাই এনেদৰে সুন্দৰ সুন্দৰ গ্ৰন্থ উপহাৰ দিব বুলি আশা প্ৰকাশ কৰে। লেখিকাৰ 

 কাৰ্বি উপন্যাস 'কিচে আলক / ঠেতাক'

উন্মোচন কৰে গুৱাহাটী, কমার্চ কলেজৰ 

অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক, বিশিষ্ট লেখিকা, লতাশিলৰ গুৱাহাটী বিহু সন্মিলনৰ প্ৰথমগৰাকী বিহু 

সম্ৰাগ্ৰী ড° ৰূপা ডেকা পাটৰে। উন্মোচনী ভাষণত তেওঁ উপন্যাসখনৰ নামটো সুন্দৰ হৈছে বুলি কয়। তেওঁ লগতে এই উপন্যাসখনত কাৰ্বি সমাজৰ সমল আছে বুলি কয়। তেওঁ নাৰী লেখিকাৰ উত্থানৰ ইতিহাস ব্যাখ্যা কৰে। এই উপন্যাস সকলোৱে আদৰি ল'ব বুলি কয়।

 আনহাতে বিশিষ্ট লেখক ড° দ্বীপেন্দ্ৰ কুমাৰ নাথৰ

প্রবন্ধ সংকলন : 'প্রবন্ধ বিচিত্রা' উন্মোচন কৰি

জ্যেষ্ঠ সাংবাদিক, বিশিষ্ট সাহিত্যিক, অভিনেতা

 দিগন্ত কুমাৰ নাথে লেখকৰ ভূয়সী প্ৰশংসা কৰে। 

একেটা পৰিয়ালৰ চাৰিখন গ্ৰহণ প্ৰকাশ কৰা অতি সুখৰ খবৰ। তেওঁ লেখকদ্বয়ক শুভেচ্ছা জনায় আৰু এনেদৰে সাহিত্য সৃষ্টি যাবলৈ অনুৰোধ জনায়।

লেখকৰ আন এখন কাব্য গ্রন্থ : 'বিৰিণা'

উন্মোচন কৰে বিশিষ্ট লেখক, 'আমাৰ অসম'ৰ জ্যেষ্ঠ

সাংবাদিক মন্টু শ‍ইকীয়াই। তেওঁ ভাষণত কয়- কবি সকল সগৰত বাস কৰে। কবি সকল য'ত থাকে তাত এখন স্বৰ্গৰ সৃষ্টি হয়। কবিতা দেৱদূতে লিখে।আজি উন্মোচন হোৱা গ্ৰন্থ চাৰিখনৰ লেখকদ্বয়ক শুভেচ্ছা জনোৱাৰ লগতে এনেদৰে সাহিত্য সৃষ্টি কৰি যাব বুলি আশা কৰিলোঁ।'সভাৰ আৰম্ভণিতে উপস্থিত বিশিষ্ট ব্যক্তি সকলে বন্তি প্ৰজ্বলন কৰে।সভাত লে


খকদ্বয়ে গ্ৰন্থকেইখনৰ আঁৰৰ কথা কয়। সভাত উদ্ধব দাসে এটা গীত পৰিবেশন কৰে। সাংবাদিক অনুপমা ডেকাই আঁতধৰা সভাখনত সাংবাদিক মাইনা গোস্বামী, ৰাহুল দেৱ শৰ্মা, বিপুল শৰ্মাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি  উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here