গুৱাহাটীত ভ্ৰাম্যমাণ চিকিৎসা বাছ শিবিৰ উদ্বোধন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 9 February 2023

গুৱাহাটীত ভ্ৰাম্যমাণ চিকিৎসা বাছ শিবিৰ উদ্বোধন


 

W7s news,,,গুৱাহাটী  : বিডিজি ৰমেশ গোৱেল সেৱা সংস্থাই দীৰ্ঘদিন ধৰি দৰিদ্ৰ লোকৰ হৈ কাম কৰি আহিছে। তাৰেই অংশ হিচাপে বি ডি জি মেটেল এণ্ড পাৱাৰ লিমিটেডৰ অধ্যক্ষ তথা সেৱা সংস্থাৰ মুখ্য ট্ৰাষ্টি ৰমেশ গোৱেলৰ নেতৃত্বত আৰম্ভ কৰা হৈছিল লটাছ টি এম টি বাৰ চিকিৎসা সেৱা।পশ্চিম বংগৰ পৰা আৰম্ভ কৰা এই চিকিৎসা সেৱা ক্যাৰ্যসূচী অসমত আহি উপস্থিত হৈছে। ৰাউণ্ড টেবল ইণ্ডিয়া চমুকৈ আৰ টি আই, লেডীছ চাৰ্কোল ইণ্ডিয়া আৰু অসম টেক্সটাইল মাৰ্চেণ্ট এছোচিয়েশ্বনৰ উদ্যোগত আৰু জি এম চিৰ সহযোগত চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে চিকিৎসা শিবিৰ।  

গুৱাহাটীৰ সাতগাঁৱৰ স্কলাৰ স্কুলৰ সন্মুখত আজিৰে পৰা অহা ২৩ ফেব্ৰুৱাৰীলৈ আৰম্ভ কৰা হয় ভ্ৰাম্যমাণ চিকিৎসা বাছ শিবিৰ।স্বাস্থ্য পৰীক্ষা শিবিৰ টো অনুষ্ঠানিক ভাবে উদ্বোধন কৰে ৫৯ নং ৱাৰ্ডৰ কাউনশ্বিলৰ অসীম শইকীয়াই। শিবিৰত চকু পৰীক্ষা, চিকিৎসা, দাঁতৰ পৰীক্ষা, চিকিৎসা, ইএনটি পৰীক্ষ, চিকিৎসা, পেথলগিকেল, সাধাৰণ অ'পিডি, ইচিজি আৰু দৰিদ্র লোকসকলক এক্স-ৰে পৰীক্ষা বিনামূলীয়া কৈ কৰা হৈছে। ইপিনে পৰৱৰ্তী অহা তিনি দিনৰ কাৰ্যসূচী অনুসৰি কাইলৈ অৰ্থাৎ ১০ ফেব্ৰুৱাৰীত চান্দমাৰী আৰক্ষী থানাৰ বিপৰীত দিশত থকা খেল পথাৰত, ১১ফেব্ৰুৱাৰীত ফটাশিলৰ নিউ জি এম চি কলনীৰ আম্বেদকাৰ প্ৰতিমূৰ্তিৰ কাষত আৰু ১২ ফেব্ৰুৱাৰীত গুৱাহাটী ৰেল ষ্টেচনৰ ভিআইপি পাৰ্কিংত অনুষ্ঠিত হব চিকিৎসা শিবিৰ। প্ৰতিদিনে প্ৰায় ২৫০ জন লোক ভ্ৰাম্যমাণ চিকিৎসা বাছ সেৱা শিবিৰৰ জৰিয়তে    লাভান্বিত হ'ব।চহৰখনৰ প্ৰখ্যাত ব্যক্তিসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল য'ত শ্ৰীযুত। চিকিৎসা শিবিৰত, বি ডি জি মেটাৰ্ছৰ জি এম অনিৰ্বাণ গুপ্ত, বাছ চিকিৎসা সেৱা প্ৰমুখ সঞ্জয় গুপ্তা, অসম টেক্সটাইল মাৰ্চেণ্ট এছ'চিয়েচনৰ সভাপতি শুভকৰণ মালু, সম্পাদক নৰেশ কুমাৰ কাচলিয়াল, ৰাউণ্ড টেবল ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় উপ-সভাপতি ৰবীন আগৰৱাল,আৰ টি আইৰ এৰিয়া উপাধ্যক্ষ পংকজ আগৰৱাল, লেডীছ চাৰ্কোল ইণ্ডিয়াৰ এৰিয়া অধ্যক্ষ বন্দনা আগৰৱাল, গুৱাহাটী চিটি ৰাউণ্ড টেবল ২৩৯ৰ অধ্যক্ষ অংকিত জৈন আৰু গুৱাহাটী চিটি লেডীছ  চাৰ্কোল ১৫৯ৰ অধ্যক্ষা ৰেবেকা আগৰৱালা উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here