টপচেম চিমেন্টে আয়োজন কৰিছে আৰ্থিক ভাৱে অনগ্রসৰ লোকৰ বাবে বিনামূলীয়াকৈ চকুৰ ছানি পৰা ৰোগৰ অস্ত্রোপচাৰ শিবিৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 8 February 2023

টপচেম চিমেন্টে আয়োজন কৰিছে আৰ্থিক ভাৱে অনগ্রসৰ লোকৰ বাবে বিনামূলীয়াকৈ চকুৰ ছানি পৰা ৰোগৰ অস্ত্রোপচাৰ শিবিৰ

 


W7s news গুৱাহাটী: টপচেম চিমেন্টে আৰ্থিকভাৱে অনগ্রসৰ লোকৰ চকু চিকিৎসাৰ বাবে  "আই ডাক্তৰ--এন আই ক্লিনিক এণ্ড চাৰ্জাৰী চেণ্টাৰ গুৱাহাটী"ৰ সহযোগত আয়োজিত কৰিব বিনামূলীয়া অস্ত্রোপচাৰ শিবিৰ। টপচেম চিমেন্টৰ ২০১৮ চনৰ পৰা বৰ্তমানলৈ ক্রমাগত ভাৱে আয়োজিত এইটো ৬ষ্ঠ সংখ্যক চকুৰ ছানি পৰা অস্ত্রোপচাৰ শিবিৰ।সৰ্বাধিক পাঁচ শতাধিক ৰোগীক চিকিৎসাৰ সম্ভাবনাৰে ১৫ জানুৱাৰী, ২০২৩ তাৰিখৰ পৰা আৰম্ভ কৰা এই যোজনাই দৰঙ, ওদালগুৰি আৰু বাক্সা জিলাৰ গ্ৰাম্যাঞ্চলৰ লগতে নিকটৱৰ্তী এলেকাবোৰো সামৰি ল'ব।আই ডাক্তৰ-- এন আই ক্লিনিক এণ্ড চাৰ্জাৰী চেন্টাৰ,গুৱাহাটী,চকু চিকিৎসা প্ৰতিষ্ঠান আৰু অস্ত্রোপচাৰ কেন্দ্রৰ লগতে টপচেম চিমেন্টৰ যৌথ পদক্ষেপত ২০২৩ চনৰ মাৰ্চ মাহৰ ভিতৰত ৫০ গৰাকী চকু ছানি পৰা লোকৰ চিকিৎসা কৰা হ'ব।নিৰ্বাচিত ৰোগীসকলক পৰৱৰ্তী সময়ত আই ডাক্তৰ--এন আই ক্লিনিক এণ্ড চাৰ্জাৰী চেন্টাৰ,গুৱাহাটীত অস্ত্রোপচাৰ সম্পন্ন কৰা হ'ব।


এই শিবিৰৰ বিষয়ে মেঘালয় চিমেন্টচ লিমিটেডৰ সভাপতি ড০ অনিল কাপুৰে কয়,"টপচেম চিমেন্টে সমাজৰ বিভিন্ন স্তৰৰ আৰ্থিক ভাৱে অনগ্রসৰ লোকক সহায়তা আগবঢ়োৱাত আগ্রহী।যিটো কাৰ্য্য ২০১৮ চনৰ পৰাই এয়া এটা  অবিৰত প্ৰচেষ্টা।যি প্ৰচেষ্টাত ২০২২ চনলৈকে ১৭০  গৰাকী লোকৰ অস্ত্রোপচাৰ সম্পন্ন কৰা হৈছে।এই প্ৰচেষ্টা অব্যাহত ৰাখি আগন্তুক সময়তো সেৱা আগবঢ়োৱা হ'ব।"এই বিনামূলীয়া চকু ছানি পৰা অস্ত্রোপচাৰ শিবিৰৰ মূল উদ্দেশ্য হৈছে দুৰ্গম অঞ্চলৰ চকুৰোগত আক্রান্ত ৰোগীসকলক সেৱা আগবঢ়োৱা।ৰোগীসকলক চকুৰ চিকিৎসা আৰু অস্ত্রোপচাৰৰ সুবিধাও বিশেষজ্ঞ চিকিৎসক,চকু চিকিৎসা প্ৰতিষ্ঠান আৰু অস্ত্রোপচাৰ কেন্দ্রৰ জৰিয়তে সম্পূর্ণ বিনামূল্যে প্ৰদান কৰা হ'ব।এক সাধাৰণ অস্ত্রোপচাৰৰ জৰিয়তে চকুৰ ছানি পৰাৰ চিকিৎসা কৰাটো সম্ভব যদিও এইটো প্ৰমানিত হৈছে যে আৰ্থিক ভাৱে দুৰ্বল লোকসকলৰ মাজত ধনৰ নাটনি প্ৰধান অন্তৰায়।এই লোকসকলৰ ভিতৰত ৪০ শতাংশ লোক আৰ্থিক অনাটনৰ বাবে চকুৰ ছানি পৰা ৰোগত চিকিৎসাৰ অভাৱত অন্ধ হৈ পৰে।মূলত দৰিদ্ৰতাই এওঁলোকক সুস্বাস্থ্যৰ পৰা বঞ্চিত কৰে আৰু অস্বাস্থ্যকৰতাই তেওঁলোকৰ আয়ৰ মাত্ৰা তাকৰীয়া কৰে।দেশৰ সুবিবেচক কৰ্পোৰেট হিচাপে টপচেম চিমেন্টে সমাজৰ নুন্যতম আয়ৰ লোকসকলৰ প্ৰতি নিজৰ সামাজিক দায়বদ্ধতাক সদায় স্বীকৃতি আৰু অগ্ৰাধিকাৰ দি আহিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here