ৰাণীত ১৭৫ চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ত ভোগালী বিহু উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 17 January 2023

ৰাণীত ১৭৫ চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ত ভোগালী বিহু উদযাপন

 

W7s news


গুৱাহাটী : কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ  গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদৰ ক্ৰীড়া প্ৰকল্পৰ বাকৰিত ১৫ জানুৱাৰীত বিভিন্ন কাৰ্যসূচীৰে ভোগালী বিহুৰ লগত সংগতি ৰাখি মকৰ সংক্ৰান্তি  , লহৰী , পুংগল আদি উৎসৱ উদযাপন কৰা হয় । সন্ধিয়া প্ৰতীকী ৰূপত নিৰ্মাণ কৰা এটা মেজিত  যাবতীয় ৰীতি - নীতি আৰু পৰম্পৰাৰে পূজা অৰ্চনা কৰি অগ্নি  প্ৰজ্বলনৰে  উৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ১৭৫ চি আৰ পি এফৰ কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাই । এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাই মকৰ সংক্ৰান্তি উৎসৱ উদযাপন কৰাৰ তাৎপৰ্য দাঙি ধৰি  কয়  এই উৎসৱটোক অসমত ভোগালী বিহু , দক্ষিণ ভাৰতত পুংগল , পঞ্জাৱকে ধৰি কেবাখনো ৰাজ্যত লহৰী হিচাপে জনা যায় । অনুষ্ঠানত বাহিনীটোৰ চেকেণ্ড - ইন - কমাণ্ডদ্বয় কে এল ধীমান আৰু বিমল ৰাৱাট , ডেপুটী কমাণ্ডেণ্টদ্বয় আব্দুল ৰহিম আৰু ৰবি কুমাৰ শ্ৰীবাস্তবকে ধৰি কেবাজনো বিষয়া আৰু বহুসংখ্যক জোৱান উপস্থিত থাকে । ইয়াৰ উপৰিও অনুষ্ঠানৰ লগত সংগতি ৰাখি নিশা চৌহদত থকা বিষয়া আৰু জোৱানৰ মেছ সমূহত বৰাখানাৰ আয়োজন কৰা হয়

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here