W7s news
গুৱাহাটী : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা নিবাসী , বিশিষ্ট কণ্ঠশিল্পী , সুৰকাৰ - গীতিকাৰ , প্ৰগতিশীল কবি আৰু দীপৰ বিলৰ পানীৰ ভয়াৱহ প্ৰদূষণ ৰোধৰ বাবে জনমত সৃষ্টিৰ বাবে 'দীপৰ বিলে মাতে' শীৰ্ষক এটা কালজয়ী গীত ৰচনা কৰি ৰাইজৰ ভূয়সী প্ৰশংসা লাভ কৰা জিতুমণি দাসক তেওঁ সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে অলপতে তৈলনগৰী ডিগবৈস্থিত ইণ্ডিয়া ক্লাৱৰ প্ৰেক্ষাগৃহত 'চিৰ সেউজীয়া বঁটা' প্ৰদান কৰা হৈছে । এই উপলক্ষে সাংস্কৃতিক কৰ্মী তথা আৰক্ষী বিষয়া চ্যুকাফা চেতিয়াৰ সঞ্চালনাত "নৰ্থ-ইষ্ট ব্ৰহ্মপুত্ৰ এৱাৰ্ড, ২০২৩" শীৰ্ষক এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানত জিতুমণি দাসক এই "চিৰ সেউজীয়া বঁটা" প্ৰদান কৰা হয় । অনুষ্ঠানত জিতুমণি দাসে কেবাটাও গীত পৰিবেশন কৰাৰ উপৰিও "নৰ্থ-ইষ্ট মিষ্টাৰ হাংক এণ্ড বিউটি কুইন কনটেষ্ট ফেশ্বন শ্বো, ২০২৩ চিজন - ২" শীৰ্ষক প্ৰতিযোগিতাৰ বিচাৰকৰ দায়িত্বও পালন কৰে । একেটা অনুষ্ঠানত বিশ্বখ্যাত অৰণ্য মানৱ যাদৱ পায়েং, "এটা কথা কোৱানা" খ্যাত কণ্ঠশিল্পী হৰ্ষিতা ভট্টাচাৰ্য, সাংবাদিক চক্ৰপাণি পৰাশৰ আদিকে ধৰি ভালেমান গুণী-জ্ঞানী বিশেষ ব্যক্তিক সন্মানিত কৰা হয় ।
No comments:
Post a Comment