W7s news,,,গুৱাহাটী,: এক উমাল আৰু আৰামদায়ক ৰেষ্টুৰেন্ট পৰিবেশত ক্ষিপ্ৰ, বন্ধুত্বপূৰ্ণ সেৱাৰে উচ্চ মানৰ, অতি সোৱাদযুক্ত খাদ্য পৰিবেশন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ মেকড’নাল্ডছে ১২ ডিচেম্বৰত সন্ধিয়া ৫ বজাত গুৱাহাটীৰ জৰিয়তে উত্তৰ-পূৱত প্ৰৱেশ কৰিব । এই ৰেষ্টুৰেন্টখন গুৱাহাটীৰ গণেশগুৰিৰ বিকে টাৱাৰ্ছত অৱস্থিত । ভাৰতত প্ৰৱেশ কৰা প্ৰথম গ্লবেল কিউ এছ আৰ ব্ৰেণ্ডসমূহৰ ভিতৰত অন্যতম আছিল মেকড’নাল্ডছ আৰু ক্ৰমান্বয়ে ভাৰতীয় ৰুচিৰ দ্বাৰা অনুপ্ৰাণিত হৈ তৈয়াৰ কৰা স্থানীয় খাদ্য তালিকাৰে এক গ্ৰাহক-প্ৰিয় ব্ৰেণ্ড হৈ পৰে, যিয়ে ধাৰাবাহিকভাৱে সুলভ মূল্যত উচ্চ মানৰ সেৱা আগবঢ়ায় । গুৱাহাটীৰ বাসিন্দাসকলে এতিয়াৰে পৰা মেকড’নাল্ডছত ছিগনেচাৰ বাৰ্গাৰ, ফ্ৰাইজ, ডেজাৰ্টছ আৰু আন বহু খাদ্যৰ সোৱাদ ল’ব পাৰিব । নতুন আৰ্হিত মেকড’নাল্ডছে প্ৰযুক্তি মিশ্ৰিত আৰু এক উপভোগ্য ৰেষ্টুৰেন্ট অভিজ্ঞতাৰ বাবে এক সমসাময়িক গ্ৰাহক-অনুকূল ডিজাইন প্ৰদৰ্শন কৰিব । উত্তৰ আৰু পূৱ ভাৰতৰ মেকড’নাল্ডছ ৰেষ্টুৰেন্টসমূহ কন্নোট প্লাজা ৰেষ্টুৰেন্টছ প্ৰাইভেট লিমিটেডৰ দ্বাৰা পৰিচালিত । মেকড’নাল্ডছে ভাৰতত ইয়াৰ গ্ৰাহকক উচ্চ মানৰ ৰেষ্টুৰেন্ট অভিজ্ঞতা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু ই স্থানীয়ভাৱে আহৰণ কৰা উন্নত মানৰ উপাদানেৰে তৈয়াৰী বিভিন্ন মেনু বিকল্প আগবঢ়ায় । উত্তৰ আৰু পূৱ ভাৰতত থকা ১৫০ তকৈ অধিক ৰেষ্টুৰেন্টত বছৰি লক্ষাধিক গ্ৰাহকক সেৱা আগবঢ়াই আহিছে আৰু লগতে ৫,০০০ তকৈ অধিক লোকক প্ৰত্যক্ষ কৰ্ম সংস্থাপনৰ সুবিধা আগবঢ়াইছে । এক গ্ৰাহক-কেন্দ্ৰিক প্ৰয়াসেৰে মেকড’নাল্ডছে গ্ৰাহকৰ সুবিধা আৰু অভিজ্ঞতাৰ বাবে ষ্টেণ্ডএলোন ৰেষ্টুৰেন্ট, ড্ৰাইভ-থ্ৰাছ, ২৪/৭ ৰেষ্টুৰেন্ট, মেকডেলিভাৰিকে ধৰি বিভিন্ন আৰ্হি আৰু ব্ৰেণ্ড সম্প্ৰসাৰণৰ জৰিয়তে ব্যৱসায় পৰিচালনা কৰি আহিছে । অধিক তথ্য আৰু আপডেটৰ বাবে সংযোগ হৈ থাকিবলৈ গ্ৰাহক সকলে www.mcdindia.com ত লগ অন নাইবা ফে’চবুক, ইনষ্টাগ্ৰাম, টুইটাৰ, ইউটিউব আৰু লিংকডইন অনুসৰণ কৰিব পাৰিব।
Post Top Ad
Responsive Ads Here
Thursday, 8 December 2022
গুৱাহাটীৰে উত্তৰ-পূৱত প্ৰৱেশ কৰিব মেকড’নাল্ডছে
Tags
# -
# গুৱাহাটী-ব্যৱসায়-বাণিজ্য
Share This
About W7S News
গুৱাহাটী-ব্যৱসায়-বাণিজ্য
Labels:
-,
গুৱাহাটী-ব্যৱসায়-বাণিজ্য
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment