শিশুৰ ৰক্তজনিত বিভিন্ন ৰোগৰ চিকিৎসাৰ অ'পি ডি সেৱা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 8 December 2022

শিশুৰ ৰক্তজনিত বিভিন্ন ৰোগৰ চিকিৎসাৰ অ'পি ডি সেৱা

 


অসম তথা উত্তৰ-পূৰ্বাঞ্চলত অধিকাংশ শিশুৰ মাজত ৰক্তজনিত বিভিন্ন ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে



W7s news ষ্টাফৰিপোৰ্টাৰ: বিগত বহু বছৰ ধৰি এপ'ল' হাস্পতালে সমগ্ৰ দেশতে উন্নতমানৰ চিকিৎসা আগবঢ়াই আহিছে। ইন্দ্ৰপ্ৰস্থ এপ'ল' হাস্পতাল নতুন দিল্লীৰ শাখা বৰ্তমান গুৱাহাটীতে উপলব্ধ হ'ব। ইন্দ্ৰপ্ৰস্থ এ'প'ল' প্ৰতি মাহৰ দ্বিতীয় বৃহস্পতিবাৰে শিশুৰ ব'ন মেৰু সংৰোণ আৰু ৰক্তজনিত বিভিন্ন ৰোগৰ চিকিৎসাৰ অ'পি ডি সেৱা মুকলি কৰিছে। বিশেষজ্ঞ চিকিৎসক গৌৰৱ খাৰিড়াই এই চিকিৎসা প্ৰদান কৰিব। এই উপলক্ষে বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত হয়। সংবাদ মেলত বিশেষজ্ঞ চিকিৎসক গৌৰৱ খাৰিড়াই কয়-২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ'ব অ'পি ডি সেৱা। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত অধিকাংশ শিশুৰ মাজত ৰক্তজনিত বিভিন্ন ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। বংশগত কাৰণত শিশু সকলে থেলাচেমিয়াৰ লগতে অন্যান্য ৰক্তজনিত সমস্যাত ভোগে। ইয়াৰ সমান্তৰালকৈ শিশুৰ মাজত ব্লাড কেঞ্চাৰৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। কিন্তু এতিয়া চিকিৎসা বিজ্ঞানৰ উন্নতিৰ লগে লগে জটিল ৰোগত আক্রান্ত শিশু সকলো ৯০ শতাংশ সুস্থ হৈ উঠিবলৈ সক্ষম হৈছে। শিশুৰ ৰক্তজনিত সমস্যাৰ ক্ষেত্ৰত ব'ন মেৰু সংৰোপন অন্যতম চিকিৎসা হিচাপে বিবেচিত হৈছে।  সমগ্ৰ দেশত প্ৰতি বছৰে প্ৰায় ৪০ হাজাৰ শিশু বিভিন্ন ৰক্তজনিত সমস্যাত ভোগে। এই ৰোগ সম্পৰ্কে ৰাইজৰ মাজত সজাগতাৰ প্ৰয়োজন লগতে বিবাহ পাশত আৱদ্ধ হ'বলৈ ওলোৱা যুৱক যুৱতী সকলে নিজৰ ৰক্তপৰীক্ষা কৰা অতি জৰুৰী।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here