হ্ৰাস পোৱা সমল আৰু লিংগৰ অনন্যতাৰ বিষয়ে সজাগতা সৃষ্টিৰ এক প্ৰদৰ্শনী
W7s news,,,গুৱাহাটী, ২০২২ ৰ ১৫ ডিচেম্বৰ, মঙলবাৰে ৰেৱা বিশ্ববিদ্যালয়ে গুৱাহাটীত উপস্থাপন কৰিব নৃত্য প্ৰযোজনা 'পঞ্চৱক্ট্ৰম'। এই অনন্য নৃত্য প্ৰযোজনা অনুষ্ঠিত হ'ব সন্ধিয়া ৫:৩০ বজাত গুৱাহাটীৰ মাছখোৱাৰ এম জি ৰোডস্থিত প্ৰাগজ্যোতি আই টি এ সাংস্কৃতিক প্ৰকল্পত। পৰিৱেশ্য কলা আৰু ইণ্ডিক অধ্যয়নমূলক বিদ্যালয়ৰ অন্তৰ্গত পঞ্চৱক্ট্ৰম নৃত্য প্ৰযোজনাৰ মূল লক্ষ্য হৈছে হ্ৰাস পোৱা সমল আৰু লিংগ সমতাৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰা। ই শিৱ -সদাশিৱৰ পাঁচটা অৱতাৰ প্ৰতিফলিত কৰে আৰু ইয়াৰ বৰ্ণনা মহত্বপূৰ্ণ ভাৰতীয় পৌৰাণিক আখ্যানৰ মাজেৰে দাঙি ধৰে। শিৱৰ পাঁচটা অৱতাৰ সদ্যোজাত, বামদেৱ , অঘোৰ, তৎপুৰুষ আৰু ঈশানক ক্ৰমাগতভাৱে প্ৰকৃতিৰ পঞ্চম উপাদান অথবা পঞ্চভূত -ভূমি, জল, অগ্নি, বায়ু আৰু আকাশৰ জৰিয়তে বুজোৱা হয়,যিয়ে পৃথিবী খনক সৃষ্টিৰ সৈতে সৌন্দর্য,দ্ৰৱীভূতকৰণৰ সৈতে সংৰক্ষণ, অদৃশ্য জনৰ অভিজ্ঞতা আৰু সীমাহীন আকাশৰ আলিংগণ হিচাপে উপস্থাপন কৰে। এই পঞ্চম উপাদানে কিদৰে ইটোৱে আনটোৰ অস্তিত্ব আৰু প্ৰকৃতিৰ সমন্বয় আৰু সন্তুলন সৃষ্টিৰ গতিত প্ৰভাৱ পেলায় তাকেই এই প্ৰযোজনাই প্ৰদৰ্শন কৰে। এই নৃত্য-নাটিকাই মূল্যৱান প্ৰাকৃতিক উৎসৰ উপভোগৰ পৰিমাণ হ্ৰাস কৰাৰ বিভিন্ন উপায়ৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে।এন ই পি ২০২০ ৰ সৈতে সমতা বজাই ৰেৱা বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয়খনৰ নক্সা প্ৰস্তুত কৰি উলিয়ায় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আকাংখ্যাক আধাৰ হিচাপে লৈ 8 টা গুৰুত্বপূৰ্ণ এচ দি জিক কেন্দ্ৰ কৰি: এচ দি জি ৪, এচ দি জি ৫, এচ দি জি ১১, এচ দি জি ১৫ । উচ্চ শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱা আৰু সুস্থ সলনি আনিব পৰা প্ৰতিস্থান ৰেৱা বিশ্ববিদ্যালয়ে নৃত্য আৰু কলাৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ বিষয়ে মানব সচেতনতাৰ গুৰুত্ব জাগ্ৰত কৰাৰ চেষ্টা কৰিছে তথা " यात्रा नार्यस्तु पूज्यन्ते, तत्र रमन्ते देवता " ( যত নাৰীক পূজা কৰা হয়, তাতেই দেৱতাসকলে বসতি লয়); যিয়ে বুজাই আমাৰ দেশত কেনেধৰণে সদায় স্ত্ৰী সকলক পুৰুষতকৈ উচ্চ আসন দিয়া হয়।লপঞ্চৱক্ট্ৰম প্ৰদৰ্শণৰ বিষয়ে ড৹ পি শ্যামা ৰাজু, ৰেৱা বিশ্ববিদ্যালয়ৰ আচাৰ্যই কয়, " গোলকীয় মানচিত্ৰত দেশক অধিক দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰা জি ২০ আলোচনাচক্ৰ আৰু এচ দি জি ৰ সৈতে একগোট হোৱা আৰু এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত ৰেৱা বিশ্ববিদ্যালয়ক পঞ্চৱক্ট্ৰমৰ সহায়ত দেশৰ বিভিন্ন প্ৰান্তত উপস্থাপন কৰা হয়, ভাৰতীয় জ্ঞান পদ্ধতি তথা যুৱচামৰ মাজত ইয়াৰ প্ৰসাৰৰ বাবে থকাএইচ ই আইৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ইয়াত গুৰুত্ব প্ৰদান কৰা হয় "।ৰেৱা বিশ্ববিদ্যালয়ে প্ৰতি বছৰে অনন্য কলা প্ৰদৰ্শণ কৰি আহিছে । এইবাৰ পৰিবেশ্য কলা আৰু ইন্ডিক অধ্যয়নৰ শিক্ষাৰ্থীসকলে গুৱাহাটীৰ যুৱচামক পঞ্চৱক্ট্ৰমৰ জৰিয়তে উদ্বুদ্ধ কৰিবলৈ চেষ্টা কৰে।
No comments:
Post a Comment