গুৱাহাটীত বিশুদ্ধ ভেজ বেকাৰী-কেফে 'ভেনিলা গ্ৰেইন"মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 22 December 2022

গুৱাহাটীত বিশুদ্ধ ভেজ বেকাৰী-কেফে 'ভেনিলা গ্ৰেইন"মুকলি


 


W7s news..গুৱাহাটী : গুৱাহাটীৰ ৰাজগড় ৰোডত বিশুদ্ধ নিৰামিষ বেকাৰী-কেফে  "ভেনিলা গ্ৰেইন"মুকলি কৰা হয়। সতেজভাৱে প্ৰুস্তুত কৰা ব্ৰেড, কুকিজ, ডেজাৰ্ট, কাপকেক, কেক, পাই, চিজকেক, কুইচে, ভল-অ-ভেণ্ট, লাভাছ আৰু হামুছকে আদি কৰি বহু জনপ্ৰিয় খাদ্য সামগ্ৰী উপলব্ধ হৈছে 'ভেনিলা গ্ৰেইন'ত।বিপনী খনৰ স্বত্বাধিকাৰী হেমন্ত কুমাৰ মৰ্দা আৰু বানৱাৰীলাল মহেশ্বৰীয়ে কয় যে  বিভিন্ন সময়ত মহানগৰবাসীয়ে বিশুদ্ধ  নিৰামিষ বেকাৰী তথা কেফে বিচাৰি হাবাথুৰি খাই থকা দেখিবলৈ পোৱা যায়। তাৰ প্ৰতি লক্ষ্য ৰাখি এই সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে যুটীয়াভাবে উদ্যোগটো আৰম্ভ কৰা হৈছে। এই সন্দৰ্ভত মাৰ্দাই কয় যে "ভেনিলা গ্ৰেইন" বেকাৰী আৰু কেফে 2000 বৰ্গফুটত গঢ়ি তোলা হৈছে আৰু একেলগে ৪০ গৰাকী লোক বহিব পৰা সুবিধা আছে।গ্ৰাহকসকলক এক সুকীয়া পৰিবেশ দিবলৈ ষ্টেট অফ আৰ্ট ইউৰোপীয় চেহেৰা আৰু ষ্টাইলৰ বিষয়বস্তুৰ সৈতে খাপ খুৱাই সজোৱা হৈছে। মহেশ্বৰীয়ে কয় যে আমি আনতকৈ পৃথক কিয়নো আমি বিশুদ্ধ ভেজ পৰিৱেশনৰ ব্যৱস্থা কৰা হৈছে। বেকাৰী সামগ্ৰী আৰু বিভিন্ন ধৰণৰ ইউৰোপীয়ান সুস্বাদু খাদ্য  যেনে পিজ্জা, পাস্তা, বাৰ্গাৰ, চেণ্ডউইচ, চালাড আৰু পানীয় বিশেষকৈ মকটেল, শ্বেক, কফি, চাহকে আদি কৰি বিভিন্ন সুস্বাদু খাদ্য সামগ্ৰী "ভেনিলা গ্ৰেইন" বেকাৰী আৰু কেফেত  উপলব্ধ হৈছে। আগন্তুক খ্ৰীষ্টমাছ আৰু নৱবৰ্ষৰ প্ৰতি লক্ষ্য ৰাখি  কিছুমান ইউএছপি বেকাৰী সামগ্ৰী উপলব্ধ কৰা হৈছে  যিবোৰ আপুনি কেৱল এই  আউটলেটতহে পাব।ইপিনে গ্ৰাহকসকলে কেক, গিফ্ট হেম্পাৰ আৰু অন্যান্য ফ্ৰেছ বেকাৰী সামগ্ৰীৰ বাবে আগতীয়া অৰ্ডাৰ  কৰিব পাৰিব।আনহাতে কেফেত, জন্মদিন, বাৰ্ষিকী, কিটি পাৰ্টি, অফিচিয়েল মিটিং আৰু অন্যান্য গেট টুগেদাৰৰ দৰে সৰু-বৰ উৎসৱ উদযাপনৰ বাবে আগতীয়াকৈ বুকিং কৰিব পাৰিব। গৌৰৱ মাৰ্দাই কয় যে সন্মানীয় গ্ৰাহকসকলৰ সৈতে দীৰ্ঘম্যাদী সম্পৰ্ক গঢ়ি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে উন্নত সেৱা প্ৰদান কৰাই আমাৰ লক্ষ্য আৰু উদ্দেশ্য।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here