২৩ ডিচেম্বৰৰ পৰা গুৱাহাটী চিনে ক্লাবৰ পঞ্চদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 21 December 2022

২৩ ডিচেম্বৰৰ পৰা গুৱাহাটী চিনে ক্লাবৰ পঞ্চদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ

 




W7s news ষ্টাফৰিপোৰ্টাৰ : ঐতিহ্যপূর্ণ গুৱাহাটী চিনে ক্লাবে (১৯৬৫)  ২৩ ডিচেম্বৰৰ পৰা ২৯ ডিচেম্বৰলৈকে অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত এসপ্তাহজোৰা পঞ্চদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰিছে-বুধবাৰে গুৱাহাটী প্ৰেছ গুৱাহাটী চিনে ক্লাৱৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে গুৱাহাটী চিনে ক্লাৱৰ সম্পাদক মাধুৰিমা বৰুৱাই। তেওঁ লগতে কয়-এই মহোৎসৱৰ বন্তি প্ৰজ্জলনেৰে  শুভাৰম্ভ কৰিব অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়াই।এই চলচ্চিত্ৰ মহোৎসৱ ক্লাবৰ কেলেণ্ডাৰ ইভেন্ট হিচাপে প্ৰতি বছৰে ডিচেম্বৰ মাহত অনুষ্ঠিত কৰা হৈ আহিছে কিন্তু বিগত ৩ বছৰ ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰা হৈছিল।সপ্তাহজোৰা এই মহোৎসৱত দেশ-বিদেশৰ মুঠ ২১খন চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব। উদ্বোধনী চলচ্চিত্ৰ হিচাপে প্ৰদৰ্শিত হ'ব ৰীমা বৰা পৰিচালিত ‘নৈ’( ২০২১ / ১০২ মিনিট) ৰ অসমীয়া চলচ্চিত্ৰ। মননশীল চলচ্চিত্ৰৰ পৰিচালক ৰীমা বৰাৰ এইখন দ্বিতীয় পূৰ্ণদৈৰ্ঘৰ চলচ্চিত্ৰ। শ্ৰীলংকাৰ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক অশোকা হাডাগামা  ৰ চাৰিখন চলচ্চিত্ৰৰে তেওঁৰ ৰেট্রোস্পেক্‌টিভ হিচাবে প্ৰদৰ্শন কৰা হ'ব। অশোকা হাডাগামাৰ চলচ্চিত্ৰ  আলব 'ৰাডা (২০২১ / ১০৮ মিনিট)ৰ  চলচ্চিত্ৰখন সামৰণি চলচ্চিত্ৰ হিচাপে প্ৰদৰ্শন কৰা হ'ব। শ্ৰীলংকাৰ বাহিৰেও ব্রাজিল, ইজিপ্ত, পর্তুগাল, নেপাল, বাংলাদেশ, ইকুয়েডৰ, মৰক্কো, কাজাখাস্তান, ভাৰতৰ কান্নাড়া, হিন্দী, মণিপুৰী আৰু পশ্চিমবংগৰ বাংলা চলচ্চিত্র প্রদর্শন কৰা হ'ব।

পঞ্চদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, চিত্রশিল্পী, গুৱাহাটী চিনে ক্লাবৰ সদস্য সদ্যপ্রয়াত পুলক গগৈৰ স্মৃতিত উছৰ্গা কৰা হ'ব। তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তেওঁৰ জনপ্ৰিয় চলচ্চিত্র শ্রীমতী মহিমাময়ী / (১৯৭৯ / ১০৯)ৰ মিনিট প্রদর্শন কৰা হ'ব।মহান চলচ্চিত্ৰ পৰিচালক সত্যজিৎ ৰায়ৰ জন্ম শতবৰ্ষ উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি অনীক দত্তই নিৰ্মাণ কৰা দেশ-বিদেশত ভূয়সী প্রশংসা অৰ্জন কৰা অপৰাজিত (2022 / ১৩৮ মিনিট / বাংলা/ভাৰত)  দেওবাৰে সন্ধিয়া প্ৰদৰ্শন কৰা হ'ব। ভাৰতৰ ৭৫ বছৰীয়া স্বাধীনতা উদ্ যাপনৰ আজাদী কী অমৃত মহোৎসৱৰ লগত সামঞ্জস্য ৰাখি স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত দেশপ্ৰেমমূলক গীতৰ ওপৰত এখন ভিডিঅ' প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সেই প্রতিযোগিতাৰ নিৰ্বাচিত বিজয়ী চাৰিগৰাকী প্রতিযোগীক উৎসৱৰ সামৰণি অনুষ্ঠানত পুৰস্কৃত কৰা হ'ব।এই  মহোৎসৱৰ বাবে ডেলিগেট্ চ কাৰ্ডৰ ব্যৱস্থা কৰা হ'ব। কনকলাল বৰুৱা প্ৰেক্ষাগৃহ চৌহদত মহোৎসৱৰ অস্থায়ী কাৰ্যালয় ২৩ ডিচেম্বৰৰ পুৱাৰ পৰা আৰম্ভ কৰা হ'ব।' সংবাদ মেলত উপস্থিত থাকি ক্লাৱৰ উপ-সভাপতি মৃগেন্দ্ৰ চন্দ্ৰ দাস,ৰঞ্জীৱ বৰুৱা আৰু অভিজিত বৰুৱাই  চলচ্চিত্ৰ মহোৎসৱৰ কেউদিনতে গুৱাহাটী চিনে ক্লাবৰ সকলো সদস্য আৰু চলচ্চিত্ৰপ্ৰেমী ৰাইজক উপস্থিত থাকি উৎসৱ সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here