W7s news গুৱাহাটী,: শৈশৱৰ দুই অভিন্ন বন্ধু। সময়ে দুয়োকে দুটা ভিন্ন পথত অৱতীৰ্ণ কৰালে। এগৰাকী হ'লগৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আৰু আনগৰাকী এটা নিউজ চেনেলৰ মুখ্য সম্পাদক। সময় বাগৰিল। ঘটনাক্ৰমে সাংবাদিক বন্ধুৱে তেওঁৰ চেনেলটোৰ বাবে মুখ্যমন্ত্ৰীক এটা সাক্ষাৎকাৰৰ বাবে অনুৰোধ জনালে। দুই বন্ধুৰ এই আনুষ্ঠানিক সাক্ষাতে এক নতুন মোৰ ল'লে। ক্ৰমাৎ খোল খাবলৈ ধৰিলে দুই বন্ধুৰ অতীত আৰু বৰ্তমান। সাংবাদিকতা আৰু ৰাজনীতিৰ সেই চাকনৈয়াত সোমাই পৰিল চেনেলটোৰ দুই কনিষ্ঠ সাংবাদিকো ৷ ইপিনে সেই সাক্ষাৎকাৰটোৱে উন্মোচন কৰিলে মুখ্যমন্ত্ৰী বন্ধুৰ বহু অনুদ্ঘাটিত কথা। কি সেই কথা জানিবলৈ আমি অপেক্ষা কৰিব লাগিব অহা ২৩ ডিচেম্বৰলৈ। এগৰাকী মুখ্যমন্ত্ৰীৰ কাহিনীৰে অহা ২৩ ডিচেম্বৰত চিত্ৰগৃহলৈ আহিব এখন নতুন অসমীয়া চলচ্চিত্ৰ 'ৰাজনীতি পাৰ্ট-১'। নেক্সষ্টৰ ষ্টুডিঅ'জৰ বেনাৰত মনোজিত শৰ্মা পৰিচালিত ১২৪ মিনিটীয়া এই 'পলিটিকেল থ্ৰীলাৰ'খন প্ৰযোজনা কৰিছে অসীম নাথ আৰু বিকাশ সাহাই। অন্যতম কেন্দ্ৰীয় চৰিত্ৰ এটা ৰূপায়ণ কৰিছে তপন দাসে। চলচ্চিত্ৰখনত জুবিন গাৰ্গ আৰু বৰষাৰাণী বিষয়াই দুটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ইলেক্ট্ৰ'নিক মাধ্যমৰ সাংবাদিক জুবিন আৰু বৰষাৰ চৰিত্ৰ দুটাৰ মাজেৰে কাহিনীয়ে গতি লাভ কৰিছে আৰু উন্মোচিত হৈছে এগৰাকী মুখ্যমন্ত্ৰীৰ বহু ক'লা অধ্যায় ৷ আন দুটা কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰিছে সঞ্জীৱ শৰ্মা আৰু 'কে কে'খ্যাত সিদ্ধাৰ্থ শৰ্মাই। বহুদিনৰ মূৰত গীতাৱলী ৰাজকুমাৰী আৰু ৰাজীৱ গোস্বামীক দুটা বিশেষ চৰিত্ৰত 'ৰাজনীতি পাৰ্ট-১'ৰ জৰিয়তে দেখিবলৈ পোৱা যাব।গতানুগতিকতাৰ পৰা আঁতৰি এইবাৰ এক বাস্তৱধৰ্মী 'নেৰেটিভ' পোৱা যাব অভিজিৎ ভট্টাচাৰ্যৰ কাহিনীত। চলচ্চিত্ৰখনৰ চিত্ৰনাট্যও অভিজিত ভট্টাচাৰ্যৰ ৷ চিনেমেট'গ্ৰাফী প্ৰদীপ দৈমাৰীৰ, আৱহ সংগীত পৰাণ বৰকটকীৰ। গীত লিখিছে তৰালি শৰ্মা, অজয় ফুকন, অভিজিৎ ভট্টাচাৰ্য আৰু ৰাহুল গৌতম শৰ্মাই ৷ সংগীত পৰিচালনা কৰিছে জয়ন্ত কাকতি, তৰালি শৰ্মা আৰু অজয় ফুকনে। নেক্সষ্টৰ ষ্টুডিঅ'জত চলচ্চিত্ৰখন সম্পাদনা কৰিছে মনোজিত শৰ্মা, ৰমেন বৰা আৰু অনেন্দ্ৰ প্ৰসাদ শৰ্মাই। কালাৰ গ্ৰে'ডিং বুদ্ধ দাস, আই চি জি আৰু নেক্সষ্টৰ ষ্টুডিঅ'জৰ। ভিজুৱেল এফেক্টছ গ্লীপিক এনিমেশ্যন এণ্ড ভি এফ এক্সৰ। থ্ৰীডি ভিজুৱেল এফেক্টছ আৰু জি এফ এক্স নেক্সষ্টৰ ষ্টুডিঅ'জৰ। বিতৰক মিতালী ফিল্মছ।
Post Top Ad
Responsive Ads Here
Tuesday, 13 December 2022

Home
গুৱাহাটী
২৩ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব অগতানুগতিক কাহিনীৰে এখন 'পলিটিকেল থ্ৰীলাৰ' ৰাজনীতি পাৰ্ট-১
২৩ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব অগতানুগতিক কাহিনীৰে এখন 'পলিটিকেল থ্ৰীলাৰ' ৰাজনীতি পাৰ্ট-১
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment